ETV Bharat / state

বৰপেটাৰোডত চিকিৎসকৰ ভয়ংকৰ কাণ্ড : শিশুৰ শৰীৰত প্ৰয়োগ ৯ মাহ পূৰ্বে ম্যাদ উকলা ভেকচিন

author img

By ETV Bharat Assamese Team

Published : Dec 22, 2023, 2:38 PM IST

Updated : Dec 22, 2023, 5:11 PM IST

Expired vaccine injected in 5 year old child's body : ভয়ংকৰ ৷ ভগৱানৰ পাচতে স্থান দিয়া ডাক্তৰৰ বিৰুদ্ধে এতিয়া অভিযোগৰ আঙুলি ৷ অভিযোগ অনুসৰি, শিশুৰোগ বিশেষজ্ঞ ডাঃ মিহিৰ কুমাৰ ভূঞাই এটি ৫ বছৰীয়া শিশুৰ দেহত প্ৰয়োগ কৰিলে প্ৰায় ৯ মাহ পূৰ্বেই ম্যাদ উকলি যোৱা ভেকচিন ৷ তাৰ পাচতে অসুস্থ হৈ পৰিছে শিশুটি ৷ বৰ্তমান গুৱাহাটীৰ এখন হাস্পতালত চিকিৎসাধীন আছে শিশুটি ৷

Doctor injected expired Vaccine to a child in Barpeta
চিকিৎসকৰ ভয়ংকৰ কাণ্ড

চিকিৎসকৰ ভয়ংকৰ কাণ্ড

বৰপেটা, ২২ ডিচেম্বৰ : বৰপেটাৰোডত শিশুৰোগ বিশেষজ্ঞৰ ভয়ংকৰ কাণ্ড ৷ এটি ৫ বছৰীয়া শিশুৰ দেহত প্ৰয়োগ কৰিলে প্ৰায় ৯ মাহ পূৰ্বেই ম্যাদ উকলি যোৱা ভেকচিন ৷ এই সন্দৰ্ভত শিশুটিৰ অভিভাৱককে প্ৰশ্ন কৰাত ওলোটাই শিশুৰোগ বিশেষজ্ঞ ডাঃ মিহিৰ কুমাৰ ভূঞাই ধমকি দিয়ে ৷ এই অভিযোগ অসুস্থ শিশুটিৰ অভিভাৱকৰ ৷

শিশুটিৰ অভিভাৱকে জানিবলৈ দিয়া মতে, যোৱা ১১ ডিচেম্বৰত তেওঁৰ ৫ বছৰীয়া একমাত্ৰ পুত্ৰ সন্তানটিৰ কাঁহ আৰু চৰ্দি হৈ থকাৰ বাবে বৰপেটাৰোডৰ আমতলত থকা নিউ সঞ্জীৱনী মেডিকেল ফাৰ্মাচিখনত থকা শিশুৰোগ বিশেষজ্ঞ ডাঃ মিহিৰ কুমাৰ ভূঞাৰ কাষ চাপে । দুপৰীয়া প্ৰায় ২:৩০ বজাত নিউ সঞ্জীৱনী মেডিকেল নামৰ ফাৰ্মাচীখনত শিশুৰোগ বিশেষজ্ঞ ডাঃ মিহিৰ কুমাৰ ভূঞাক শিশুটিক দেখুওবাৰ পিচত চিকিৎসকগৰাকীয়ে শিশুটোক কেতবোৰ প্ৰয়োজনীয় দৰব খোৱাৰ পৰামৰ্শ দিয়ে ৷

তাৰ পাচত পৰিয়ালৰ সন্মতি সাপেক্ষে শিশুটিক ৫ বছৰ বয়সত ল’ব লগা পেন্টাক্সিম (PENTAXIM) আৰু টাইথিবেভ (TYTHIBEV) নামৰ দুটাকৈ ভেকচিন দিয়ে চিকিৎসক ভূঞাই । ভেকচিন দুটা দিয়া পূৰ্বে অভিভাৱকে দৰব দুটাৰ ম্যাদ আছে নে নাই প্ৰশ্ন কৰে ৷ কিন্তু ডাঃ মিহিৰ কুমাৰ ভূঞাই ২০২৫ চনলৈকে ইয়াৰ ম্যাদ থকা বুলি উল্লেখ কৰে শিশুটিৰ অভিভাৱকক ৷

চিকিৎসক ভূঞাৰ ব্যৱহাৰত কিছু সন্দেহ হোৱাত অভিভাৱকগৰাকীয়ে পুনৰ দৰব দুটাৰ ম্যাদ পৰীক্ষা কৰে ৷ তেতিয়া শিশুটিৰ অভিভাৱকে পেন্টাক্সিম (PENTAXIM) নামৰ প্ৰতিষেধকটোৰ ম্যাদ ২০২৩ চনৰ মাৰ্চ মাহতে উকলি যোৱা কথাতো ধৰা পেলায় ৷ তাৰ পাচত চিকিৎসকক এই সন্দৰ্ভত প্ৰশ্ন কৰাত ওলোটাই চিকিৎসকগৰাকীয়ে ভেকচিনটোৰ ম্যাদ উকলি যোৱা কথাতো মানি ল’বলৈ অস্বীকাৰ কৰে ৷ আনকি সন্দেহ হ’লে অভিভাৱকগৰাকীক ভেকচিনৰ মূল্য ওভোতাই ল’বলৈহে ধমক দিয়ে ৷

কেবল ধনৰ বাবেই শিশুৰ জীৱনক লৈ হেতালি খেলা শিশুৰোগ বিশেষজ্ঞ ডাঃ মিহিৰ কুমাৰ ভূঞাৰ বিৰুদ্ধে ইতিমধ্যে বৰপেটাৰোড থানাত এখন এজাহাৰ দাখিলৰ লগতে জিলাখনৰ আৰক্ষী অধীক্ষককো ঘটনা সম্পৰ্কে অবগত কৰা হয় ভুক্তভোগী পৰিয়ালটোৱে ৷ কিন্তু বাতৰি যুগুত কৰা পৰলৈকে আৰক্ষীয়ে চিকিৎসকগৰাকীৰ বিৰুদ্ধে কোনো ব্যৱস্থা নোলোৱা বুলি ভুক্তভোগী পৰিয়ালটোৱে ক্ষোভ প্ৰকাশ কৰিছে ৷

লগতে পঢ়ক : বৰহাপজানত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত মৃতদেহ লৈ একাংশৰ পথ অৱৰোধ

Last Updated :Dec 22, 2023, 5:11 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.