ETV Bharat / state

অখিল গগৈৰ বাবে কংগ্ৰেছৰ দুৱাৰ সদায় খোলা আছে: জাকিৰ হুছেইন শিকদাৰ

author img

By

Published : Aug 28, 2021, 5:14 PM IST

Updated : Aug 28, 2021, 7:04 PM IST

huge-welcome-to-jakir-hussain-sikdar-in-barpeta
অখিল গগৈৰ বাবে কংগ্ৰেছৰ দুৱাৰ সদায় খোলা আছে : জাকিৰ হুছেইন শিকদাৰ

ৰাজ্যত আগন্তুক উপ-নিৰ্বাচনৰ সৰ্ন্দভত শীঘ্ৰে কংগ্ৰেছ দলে বৈঠকত বহি সিদ্ধান্ত গ্ৰহণ কৰিব ৷ ৰাইজৰ দলৰ বাবে কংগ্ৰেছৰ দুৱাৰ সদায় খোলা আছে ৷ কিন্তু অখিল গগৈয়ে যে কংগ্ৰেছৰ সৈতে মিত্ৰতা কৰিব তাত সন্দেহ আছে ৷ এই কথা বৰপেটাত সদৰি কৰিছে কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰে ৷

বৰপেটা, ২৮ আগষ্ট: অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কাৰ্যকাৰী সভাপতি হিচাপে দায়িত্বভাৰ লাভ কৰাৰ পাচতে প্ৰথম বাৰৰ বাবে শনিবাৰে বৰপেটা জিলাত উপস্থিতি হয় সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰ ৷ নেতা গৰাকী বৰপেটাত উপস্থিত হোৱাৰ লগে লগে উস্ম আদৰণি জনাই কংগ্ৰেছৰ নেতা কৰ্মীয়ে ৷

বৰপেটা জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত জাকিৰ হুছেইন শিকদাৰক সম্বৰ্ধনা জনোৱা এই অনুষ্ঠানত উপস্থিত থাকে সাংসদ আব্দুল খালেককে ধৰি কংগ্ৰেছ দলৰ কেইবাগৰাকী বিধায়ক ৷ ইয়াৰ লগতে জাকিৰ হুছেইন শিকদাৰক বৰপেটা জিলা কংগ্ৰেছৰ নেতা কৰ্মীকে প্ৰমুখ্য কৰি ভালে সংখ্যক লোকে আদৰণি জনায় ৷

huge-welcome-to-jakir-hussain-sikdar-in-barpeta
huge-welcome-to-jakir-hussain-sikdar-in-barpeta

সম্বৰ্ধনা গ্ৰহণ কৰিয়েই সাংবাদিকৰ আগত নিজৰ মনৰ ভাৱ প্ৰকাশ কৰি শিকদাৰে কয় য, আহি থকা দিন সমূহত কংগ্ৰেছৰ ভেটি মজবুত কৰি আপোচহীন ভাৱে কাম কৰি যাব ৷ সভাপতি ভূপেন বৰাৰ নেতৃত্বত কংগ্ৰেছে ভাল ফলাফল দেখুৱালৈ সক্ষম হ’ব ৷ তাৰ বাবে আমি কিছুদিন অপেক্ষা কৰিব লাগিব ৷

অখিল গগৈৰ বাবে কংগ্ৰেছৰ দুৱাৰ সদায় খোলা আছে : জাকিৰ হুছেইন শিকদাৰ

লগতে পঢ়ক: জনী আলীৰ ঘৰত ওপজা দিনৰ পাৰ্টীত কেক্, প্ৰীতিভোজৰ ঠাই ল’লে ড্ৰাগছে

ইয়াৰ লগতে নেতা গৰাকীয়ে ৰাজ্যত হ’ব লগীয়া আগন্তুক উপ-নিৰ্বাচনৰ সৰ্ন্দভতো মন্তব্য প্ৰকাশ কৰে ৷ তেওঁ কয় উপ-নিৰ্বাচনৰ সৰ্ন্দভত কংগ্ৰেছ দলৰ সকলো নেতা মিলিত হৈ ৰণনীতি প্ৰস্তুত কৰিব আৰু এই সৰ্ম্পকে অতি শীঘ্ৰে বৈঠক অনুচিত হ’ব ৷ তাৰ পাচতে সকলো স্পষ্ট হৈ পৰিব, কংগ্ৰেছে কি ভুমিকা পালন কৰিব এইবাৰ উপ-নিৰ্বাচনত ৷

একেদৰে উপ-নিৰ্বাচনত ৰাইজৰ দলৰে কংগ্ৰেছৰ মিত্ৰতা হ’বনে বুলি সাংবাদিকে সোধা প্ৰশ্নত জাকিৰ হুছেইন শিকদাৰে কয়, অখিল গগৈৰ বাবে কংগ্ৰেছৰ দুৱাৰ সদায় খোলা আছে ৷ অৱশ্যে কংগ্ৰেছৰ মৰম, আদৰ চেনেহ বুজি পাব লাগিব অখিল গগৈয়ে ৷ অখিল গগৈৰ উত্তৰলৈ কংগ্ৰেছে বাট চাইছে যদিও জাকিৰ হুছেইনৰ সন্দেহ, অখিল গগৈয়ে নিদিয়ে তেওঁলোকক উত্তৰ ৷

আনহাতে শেহতীয়াকৈ এআইইউডিএফৰে মিত্ৰতা ভংগক লৈ সাংসদ গৌৰৱ গগৈয়ে কৰা মন্তব্য সম্পৰ্কতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰি শিকদাৰে কয় যে, এআইইউডিএফৰে মিত্ৰতা ভংগক লৈ গৌৰৱ গগৈয়ে কৰা মন্তব্য তেওঁৰ ব্যক্তিগত মন্তব্য ৷ মিত্ৰতাৰ প্ৰসংগত দলৰ মজিয়াত আলোচনা কৰিহে সিদ্ধান্ত লোৱা হ’ব বুলি কয় কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰে ৷

লগতে পঢ়কঃ ডিব্ৰুগড়ত উত্তৰ-পূৱৰ দ্বিতীয়টো গোটা আৱৰ্জনা ব্যৱস্থাপনা প্ৰকল্প মুকলি

Last Updated :Aug 28, 2021, 7:04 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.