ডিব্ৰুগড়ত উত্তৰ-পূৱৰ দ্বিতীয়টো গোটা আৱৰ্জনা ব্যৱস্থাপনা প্ৰকল্প মুকলি

author img

By

Published : Aug 28, 2021, 1:01 PM IST

A_Moran_8012to8022_2nd Solid waste management Project of North East inagurated at Dibrugarh_As10031

শুকুৰবাৰে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে উদ্বোধন কৰিলে উত্তৰ-পূৰ্বাঞ্চলৰ দ্বিতীয়তো গোটা আৱৰ্জনা ব্যৱস্থাপনা প্ৰকল্প ৷

মৰাণ, 28 আগষ্ট : উত্তৰ-পূৰ্বাঞ্চলৰ দ্বিতীয়তো গোটা আৱৰ্জনা ব্যৱস্থাপনা প্ৰকল্পৰ (Solid waste management Project) শুভ উদ্বোধন হ’ল ডিব্ৰুগড়ৰ লেকাই ঠাকুৰ থানত ৷ 10 বিঘা ভূমিত প্ৰায় 74.87 কোটি টকা ব্যয় সাপেক্ষ নিৰ্মাণ কৰা হৈছে প্ৰকল্পটো ৷ অসম চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিকল্পনা বিভাগ, অসম নগৰ অন্তঃগাঁথনি বিনিয়োগ কাৰ্যসূচীৰ জৰিয়তে নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱা এই প্ৰকল্পটো মুকলি কৰিলে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে (Rameshwar Teli)।

ডিব্ৰুগড়ত উত্তৰ পূৱৰ দ্বিতীয়টো গোটা আৱৰ্জনা ব্যৱস্থাপনা প্ৰকল্পৰ শুভ উদ্বোধন

ডিব্ৰুগড় জিলা প্ৰশাসনৰ জৰিয়তে নিৰ্মাণ কাৰ্য চলি থকা এই প্ৰকল্পত জিলাখনৰ লগতে তিনিচুকীয়া, শিৱসাগৰ আদিকে কৰি চুবুৰীয়া জিলাসমূহৰ পৰা আৱৰ্জনা সংগ্ৰহ কৰি নিস্কাষণ কৰা হ'ব ৷ শনিবাৰৰ এই উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী ৰামেশ্বৰ তেলীৰ লগতে বিধায়ক প্ৰশান্ত ফুকন, জিলা উপায়ুক্ত, ভিন্ন বিভাগৰ বিষয়াসকল ৷

A_Moran_8012to8022_2nd Solid waste management Project of North East inagurated at Dibrugarh_As10031
ডিব্ৰুগড়ত উত্তৰ পূৱৰ দ্বিতীয়টো গোটা আৱৰ্জনা ব্যৱস্থাপনা প্ৰকল্পৰ শুভ উদ্বোধন

উল্লেখ্য যে, উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত প্ৰথমতো গোটা আৱৰ্জনা ব্যৱস্থাপনা প্ৰকল্পটো আছে মেঘালয়ৰ ৰাজধানী শ্বিলঙত ৷

লগতে পঢ়ক : উত্তৰ পূৰ্বাঞ্চলক দেশৰ বিকাশৰ ইঞ্জিন হিচাপে গঢ়ি তোলাৰ লক্ষ্য লৈছে চৰকাৰে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.