ETV Bharat / city

জনী আলীৰ ঘৰত ওপজা দিনৰ পাৰ্টীত কেক্, প্ৰীতিভোজৰ ঠাই ল’লে ড্ৰাগছে

author img

By

Published : Aug 28, 2021, 3:42 PM IST

আপোনাৰ জন্মদিনটো হয়তো আপুনি পৰিয়ালৰ সৈতে এটা বিশেষ দিন হিচাপে উপভোগ কৰে ৷ বন্ধু-বান্ধৱ শুভাকাংক্ষীৰ শুভ-বাৰ্তাই উপচাই পেলায় আপোনাৰ বিশেষ দিনটো; কিন্তু একে সময়তে এতিয়া যুৱ-প্ৰজন্মৰ এচামে বিশেষ দিনটো উপভোগ কৰিছে ড্ৰাগছৰ পাৰ্টী কৰি ৷ সবিশেষ জানো আহক ৷

drugs-abuse-by-youth-in-a-birthday-party-in-guwahati
জনী আলীৰ ঘৰত ওপজা দিনৰ পাৰ্টীত কেক্, প্ৰীতিভোজৰ ঠাই ল’লে ড্ৰাগছে

গুৱাহাটী, ২১আগষ্ট : ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ইতিমধ্যে ৰাজ্য চৰকাৰখনে 100 দিনৰ অধিক সময় অতিক্ৰম কৰিছে ৷ এই সময়চোৱাত অসম আৰক্ষীয়ে ৰাজ্যৰ চুকে-কোনে ড্ৰাগছ বিৰোধী অভিযান পূৰ্বতকৈ অধিক তীব্ৰতৰ কৰিছে; কিন্তু একে সময়তে অব্যাহত আছে ড্ৰাগছৰ ব্যাপক ব্যৱসায় ৷ শেহতীয়াকৈ গুৱাহাটী মহানগৰীৰ চান্দমাৰী আৰু নুনমাটি অঞ্চলত আৰক্ষীৰ জালত পৰিছে চাৰিজনকৈ ড্ৰাগছ মাফিয়া ।

drugs-abuse-by-youth-in-a-birthday-party-in-guwahati
ড্ৰাগছৰ পাৰ্টী কৰি আটক হোৱা যুৱক

আৰক্ষীৰ পৰা জানিব পৰা মতে, জন্মদিনৰ পাৰ্টীত ড্ৰাগছ সেৱন কৰি থকা অৱস্থাতে চান্দমাৰী আৰক্ষীয়ে শুকুৰবাৰে নিশাৰ ভাগত আভিযান চলাই বুজন পৰিমাণৰ ড্ৰাগছ আৰু দুটা ৰাইফল সহ চাৰিজন ড্ৰাগছ মাফিয়াক গ্ৰেপ্তাৰ কৰে । আৰক্ষীয়ে গুৱাহাটীৰ পূৱ শৰণীয়াৰ জনী আলী নামৰ লোকজনৰ ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰা ড্ৰাগছ মাফিয়া কেইজন হৈছে, জনী আলী, আলতাফ উদ্দীন লস্কৰ, অশোক ছেত্ৰী আৰু ৰাহুল দাস । ধৃত লোক কেইজনৰ কৱলৰ পৰা আৰক্ষীয়ে ২.৭৯ গ্ৰাম হেৰইন, ২৮ টাকৈ কন্টেইনাৰ, দুটা ৰাইফল আৰু সাতটা মোবাইল ফোন জব্দ কৰিছে ।

drugs-abuse-by-youth-in-a-birthday-party-in-guwahati
আৰক্ষীয়ে জব্দ কৰা ৰাইফল

আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা মতে, মহানগৰীৰ চান্দমাৰী থানাৰ অন্তৰ্গত পূব শৰণীয়াৰ ড্ৰাগছ মাফিয়া জনী আলিৰ ঘৰত আয়োজন কৰা জন্ম দিনৰ পাৰ্টিত যুৱক কেইজনে ড্ৰাগছ সেৱন কৰি থকা বুলি এক গোপন তথ্য লাভ কৰিছিল আৰক্ষীয়ে ।

এই তথ্যৰ ওপৰত ভিত্তি কৰি গুৱাহাটী আৰক্ষী আয়ুক্ত মধ্য জিলা SOG ৰ দল আৰু চান্দমাৰী আৰক্ষীয়ে পূব শৰণীয়াত অভিযান চলাই বুজন পৰিমাণৰ ড্ৰাগছ সহ তিনিজন ড্ৰাগছ মাফিয়াক গ্ৰেপ্তাৰ কৰে । ইফালে ধৃত ড্ৰাগছ মাফিয়াৰ স্বীকাৰোক্তিৰ ভিত্তিত নুনমাটি আৰক্ষীয়ে নুনমাটি নিজৰা পাৰ অঞ্চলত অভিযান চলাই আলতাফ উদ্দীন লস্কৰক গ্ৰেপ্তাৰ কৰে ।

drugs-abuse-by-youth-in-a-birthday-party-in-guwahati
বাৰ্থ ডে পাৰ্টী

আৰক্ষীৰ জেৰাত ধৃত ড্ৰাগছ মাফিয়া কেইজনে জব্দ হোৱা ড্ৰাগছ খিনি মহানগৰীৰ মণিপুৰী বস্তিৰ পৰা অনা বুলি স্বীকাৰ কৰিছে । ইপিনে, পূৰ্বৰ এক হত্যাকাণ্ডৰ অভিযুক্ত জনী আলিৰ কৱলৰ পৰা দুটা ৰাইফল জব্দ কৰে আৰক্ষীয়ে । আৰক্ষীৰ পৰা জানিব পৰা মতে, জনী আলী নামৰ লোকজন আৰু তেওঁৰ পিতৃয়ে নুনমাটিৰ নিজৰা পাৰত পূৰ্বতে এজন লোকক দাৰে ঘপিয়াই নৃশংস ভাৱে হত্যা কৰিছিল । পৰৱৰ্তী সময়ত এই হত্যাকাণ্ডৰ গোচৰতে অভিযুক্ত হৈ জেলৰ ভাত খাব লগা হৈছিল ড্ৰাগছ সৰবৰাহকাৰী জনী আলীয়ে । সম্প্ৰতি ড্ৰাগছ সৰবৰাহকাৰী কেইজনক অধিক তথ্যৰ সন্ধানত আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ।

লগতে পঢ়ক : আমেৰিকাই ল'লে প্ৰতিশোধ : আফগানিস্তানত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে এয়াৰ ষ্ট্ৰাইক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.