ETV Bharat / state

Love revenge: প্ৰেমৰ প্ৰতিশোধ ল’বলৈ গৰু হত্যা কৰি পুতি থোৱাৰ জঘন্য অভিযোগ

author img

By ETV Bharat Assamese Team

Published : Nov 10, 2023, 7:56 PM IST

প্ৰথমে প্ৰেম, তাৰ পিচত প্ৰতাৰণা, অৱশেষত প্ৰতিশোধৰ চৰম সীমা ৷ এটা পশুধন প্ৰতৰণাৰ প্ৰতিশোধৰ বলি হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৷ গৰু হত্যা কৰি পুতি থোৱাৰ সন্দেহ কৰিছে গৰাকীয়ে ৷

Love revenge
প্ৰেমৰ প্ৰতিশোধ ল’বলৈ গৰু হত্যা কৰি পুতি থোৱাৰ জঘন্য অভিযোগ

প্ৰেমৰ প্ৰতিশোধ ল’বলৈ গৰু হত্যা কৰি পুতি থোৱাৰ জঘন্য অভিযোগ

জনীয়া, 10 নৱেম্বৰ : প্ৰেমক স্বৰ্গীয় অনুভৱ বুলি কোৱা হয় ৷ কিন্তু এই প্ৰেমে যেতিয়া নৃশংসতাৰ ৰূপ লয় তেতিয়া ই ভয়ংকৰ হৈ পৰে ৷ প্ৰথমে প্ৰেম, তাৰ পিচত প্ৰতাৰণা, অৱশেষত প্ৰতিশোধৰ চৰম সীমা ৷ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত গুনিয়ালগুৰি গাঁৱত সংঘটিত হৈছে এই জঘন্য ঘটনা ৷ এটা পশুধন প্ৰতৰণাৰ প্ৰতিশোধৰ বলি হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৷ গৰু হত্যা কৰি পুতি থোৱাৰ সন্দেহ কৰিছে গৰাকীয়ে ৷

ঘটনাৰ বিৱৰণী অনুসৰি, আবুবক্কাৰ ছিদ্দিক নামৰ লোকজনৰ কন্যাগৰাকীৰ ওচৰৰ গাঁৱৰে এজন যুৱকৰ সৈতে প্ৰেমৰ সম্পৰ্কত আছিল ৷ দুয়োজনে পৰস্পৰক প্ৰতিশ্ৰুতি দিছিল বিবাহপাশত আৱদ্ধ হৈ সংসাৰ কৰাৰ । দুয়োৰে মাজত সম্পৰ্কই বহদূৰ আগুৱাই গৈছিল । কিন্তু কিছুদিন পূৰ্বে বিয়াৰ বাবে হেচা দিয়াত যুৱকজন আৰু তেওঁৰ পৰিয়ালৰ লোক বিয়াৰ বাবে অমান্তি হয়। ফলত উপায়ন্তৰ হৈ যুৱতীগৰাকীয়ে প্ৰেমিকৰ বিৰুদ্ধে কলগাছিয়া থানাত এখন এজাহাৰ দাখিল কৰে ।

এই এজাহাৰ ভিত্তিত ইতিমধ্যে কলগাছিয়া আৰক্ষীয়ে 157/2023 , under section 437/376/341/323/506/34 নম্বৰত গোচৰ পঞ্জীয়ন কৰি তদন্ত চলাই আছে । ইফালে ইয়াৰ মাজতে বৃহস্পতিবাৰে নিশা আবুবক্কাৰ ছিদ্দিকৰ গোহালিৰ পৰা গৰু এজনী নিখোঁজ হয় ৷ তাৰ পিচতে বিচাৰ খোচাৰ কৰাত গৰাকীয়ে গৰুজনী পথাৰলৈ নি মৰিয়াই হত্যা কৰি পুতি থোৱা অৱস্থাত উদ্ধাৰ কৰে ৷ ইয়াৰ পিচতে পৰিয়ালটোৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় ৷ পৰিয়ালটোৱে অভিযোগ কৰে যে প্ৰতিশোধ ল’বলৈ তেওঁলোকৰ কন্যাৰ প্ৰেমিকৰ পৰিয়ালে গৰুজনী নি এনেদৰে অমানৱীভাৱে হত্যা কৰি পুতি থৈছে ৷

আনকি প্ৰেমিকাৰ পৰিয়ালৰ লোকক প্ৰেমিকৰ পৰিয়ালৰ লোকে বিভিন্ন ভাবুকি দিয়াৰ অভিযোগো উত্থাপিত হৈছে । সম্প্ৰতি পৰিয়ালটোৱে নিৰাপত্তাহীনতাত ভুগি থকা বুলি জানিবলৈ দিয়ে । এইক্ষেত্ৰত আৰক্ষীৰ উচ্চস্তৰীয় তদন্তৰ দাবী জনাইছে ভুক্তভোগী পৰিয়ালটোৱে ৷

লগতে পঢ়ক: Guwahati Double Murder: স্মাৰ্ট অসম আৰক্ষী ! পূৰ্ণাংগ অভিযোগনামা দাখিল কৰিব নোৱাৰাৰ বাবেই জামিন পালে ডাবল মাৰ্ডাৰকাণ্ডৰ অভিযুক্তই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.