ETV Bharat / state

মোৰ বিধায়ক হোৱাৰ ইচ্ছা নাইঃ হাবিব মহম্মদ চৌধুৰী

author img

By

Published : Feb 11, 2021, 10:34 PM IST

Habib mohammad choudhuri awareness programme at chenga
মোৰ বিধায়ক হোৱাৰ ইচ্ছা নাইঃহাবিব মহম্মদ চৌধুৰী

বৃহস্পতিবাৰে "ভয়ৰ পৰা স্বাধীনতা" শীৰ্ষক এক সজাগতা সভাৰ উদ্দেশ্যে চেঙা সমষ্টিৰ পশ্চিম খঙৰাত উপস্থিত হয় লাউছৰ প্ৰতিষ্ঠিত ব্যৱসায়ী তথা হোজাইৰ বাসিন্দা হাবিব মহম্মদ চৌধুৰী। বিধায়ক হোৱাৰ ইচ্ছা নাই বুলি কৈ প্ৰতিষ্ঠিত ব্যৱসায়ীগৰাকীয়ে একাংশই তেওঁক বিজেপিৰ এজেন্ট বুলি কোৱা সন্দৰ্ভত আগন্তুক দুমাহৰ ভিতৰতে কোন কাৰ এজেণ্ট সেইয়া ৰাইজে গম পাব বুলি মন্তব্য কৰে ৷

বৰপেটা,১১ ফেব্ৰুৱাৰী:বৃহস্পতিবাৰে "ভয়ৰ পৰা স্বাধীনতা" শীৰ্ষক এক সজাগতা সভাৰ উদ্দেশ্যে চেঙা সমষ্টিৰ পশ্চিম খঙৰাত উপস্থিত হয় লাউছৰ প্ৰতিষ্ঠিত ব্যৱসায়ী তথা হোজাইৰ বাসিন্দা হাবিব মহম্মদ চৌধুৰী। একাংশ বিজেপি দলৰ নেতা-কৰ্মীয়ে আয়োজন কৰা এই সজাগতা সভাত শিক্ষাৰ ওপৰত বক্তব্য প্ৰদান কৰাৰ লগতে একাংশ মুছলমান ধৰ্মগুৰুৱে মুছলমানসকলক ভয় দেখুৱাই থকা বুলি নিজৰ ভাষণত উল্লেখ কৰে চৌধুৰীয়ে ।

মোৰ বিধায়ক হোৱাৰ ইচ্ছা নাইঃহাবিব মহম্মদ চৌধুৰী

তাৎপৰ্যপূৰ্ণভাৱে হিমন্ত বিশ্ব শৰ্মাই এখন সভাত মিঞাৰ ভোট নালাগে বুলি কোৱা মন্তব্যৰ উত্তৰত হাবিব মহম্মদ চৌধুৰীয়ে কৌশলগতভাৱে সেই প্ৰশ্ন এৰাই চলে । ইপিনে, কোনো ধৰ্মই আন কোনো ধৰ্মক বেয়া নকয় ,গালি নিদিয়ে বুলি উল্লেখ কৰি যদি সত্যৰঞ্জন বৰাই সাম্প্ৰদায়িক মন্তব্য কৰিছে তেন্তে তেওঁ বেয়া কৰিছে বুলি মন্তব্য কৰে চৌধুৰীয়ে । আনহাতে বিধায়ক হোৱাৰ ইচ্ছা নাই বুলি কৈ প্ৰতিষ্ঠিত ব্যৱসায়ীগৰাকীয়ে একাংশই তেওঁক বিজেপিৰ এজেন্ট বুলি কোৱা সন্দৰ্ভত আগন্তুক দুমাহৰ ভিতৰতে কোন কাৰ এজেণ্ট সেইয়া ৰাইজে গম পাব বুলি জানিবলৈ দিয়ে ৷

লগতে পঢ়কঃ নগাঁৱত হাতত ড্ৰাগছৰ চিৰিঞ্জসহ উদ্ধাৰ আৰক্ষীৰ পুত্ৰৰ মৃতদেহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.