ETV Bharat / state

Illegal sale of trees on government land: বন বিষয়াৰ ছত্ৰছায়াত চলিছে নেকি বনধ্বংস যজ্ঞ ?

author img

By

Published : Mar 31, 2023, 8:12 PM IST

Sale of precious trees worth lakhs of rupees in Kalgachia
বন বিষয়াৰ ছত্ৰছায়াত চলিছে নেকি বনধ্বংস যজ্ঞ ?

কলগাছিয়া ৰূপসী উন্নয়ণ খণ্ডত লক্ষাধিক টকাৰ চৰকাৰী গছ কাটি বিক্ৰী কৰাত বন বিভাগৰ ক্ষেত্ৰ পৰিদৰ্শন(Forest department conducts field visits in Kalgachia) । কাৰ্যালয়ত অনুপস্থিত খণ্ড উন্নয়ন বিষয়া নৱৰত্ন পাটোৱাৰীৰ লগতে ৰূপসী আঞ্চলিক পঞ্চায়তৰ সভাপতি জাকিৰ হুছেইন । ৰাইজৰ মাজত তীব্ৰ চাঞ্চল্য ।

বন বিষয়াৰ ছত্ৰছায়াত চলিছে নেকি বনধ্বংস যজ্ঞ ?

জনীয়া,৩১ মাৰ্চ: কলগাছিয়াস্থিত ৰূপসী উন্নয়ন খণ্ডত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য । লক্ষাধিক টকাৰ মূল্যবান গছ বিক্ৰী কৰাক কেন্দ্ৰ কৰি বিভিন্ন মহলত তীব্ৰ সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ(Sale of precious trees worth lakhs of rupees in Kalgachia) । এই বিষয়ে স্থানীয় ৰাইজে কলগাছিয়া আৰক্ষী থানাত দাখিল কৰে এখন এজাহাৰ । লগতে বৰপেটা ৰোড আঞ্চলিক বন বিষয়াৰ কাৰ্যালয় আৰু বৰপেটা জিলা উপায়ুক্তৰ কাৰ্যালয়তো এখন লিখিত অভিযোগ দাখিল কৰে ।

ইয়াৰোপৰি ৰূপসী খণ্ড উন্নয়ন বিষয়া নৱৰত্ন পাটোৱাৰী আৰু ৰূপসী আঞ্চলিক পঞ্চায়তৰ সভাপতি জাকিৰ হুছেইনৰ বিৰুদ্ধে গ্ৰেপ্তাৰৰ দাবীত বৃহস্পতিবাৰে ৰূপসী খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ সম্মুখত প্ৰায় অৰ্ধ শতাধিক ৰাইজে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছিল । সেই বাতৰি বিভিন্ন সংবাদ মাধ্যমত প্ৰচাৰ হোৱাৰ পিছতেই বৰপেটা ৰোডৰ বন বিষয়াই ক্ষেত্ৰ পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়(Forest department conducts field visits in Kalgachia) ।

কলগাছিয়াৰ ৰূপসী উন্নয়ণ খণ্ডৰ চৌহদত থকা লক্ষাধিক টকা মূল্যৰ ৯ টাকৈ চেগুণ গছ নিশাৰ অন্ধকাৰত খণ্ড উন্নয়ন বিষয়া নৱৰত্ন পাটোৱাৰী আৰু ৰূপসী আঞ্চলিক সভাপতিয়ে বিক্ৰী কৰাৰ অভিযোগ উত্থাপন হোৱাৰ পাছতেই ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে(Illegal sale of trees on government land) । উল্লেখযোগ্য যে, ৰূপসী আঞ্চলিক পঞ্চায়তৰ সভাপতি জাকিৰ হুছেইন আৰু খণ্ড উন্নয়ন বিষয়া নৱৰত্ন পাটোৱাৰীয়ে মিলি গছ সমূহ বন বিভাগক অৱগত নকৰাকৈ অবৈধভাৱে বিক্ৰী কৰিছে বুলি বন বিষয়াই জানিবলৈ দিয়ে ।

ফলত নৱৰত্ন পাটোৱাৰী আৰু জাকিৰ হুছেইনক বন বিষয়াৰ কাৰ্যালয়লৈ মাতি পঠিয়াইছে বুলি জানিব পৰা গৈছে । এই ক্ষেত্ৰত উচ্চ পৰ্যায়ৰ তদন্ত হ’ব বুলি বন বিষয়াই জানিবলৈ দিয়ে । এতিয়া এই সন্দৰ্ভত বিভাগীয় কৰ্তৃপক্ষই কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়তে হ’ব লক্ষ্যনীয় ।

লগতে পঢ়ক: Golden Thread of Assam : কলিয়াবৰত ৰোপণ কৰা হ’ল মুগা পলুৰ খাদ্য গছ

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.