ETV Bharat / state

Flood in Barpeta: সৰ্থেবাৰীত বানৰ তাণ্ডৱ অব্যাহত

author img

By

Published : Jun 16, 2022, 8:11 PM IST

flood washes out road connecting sarthebari to pathsala
Flood in Barpeta: সৰ্থেবাৰীত বানৰ তাণ্ডৱ

বুঢ়াদিয়া নৈৰ বাঢ়নী পানীত ছিঙিল সৰ্থেবাৰী-পাঠশালা সংযোগী পকীপথ (Flood washes out road connecting Sarthebari to Pathsala) ৷ মূল পথৰ ওপৰত এতিয়া একঁকাল পানী ৷ বানত নষ্ট হৈছে বহু লোকৰ ঘৰ-দুৱাৰ ।

বৰপেটা, ১৬ জুন: বিগত কেবাদিনো ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত জলমগ্ন হৈছে ৰাজ্যৰ কেইবাখনো জিলা (Districts of Assam under water) ৷ সমান্তৰালভাৱে বৰপেটা জিলোতো বানে ভয়াবহ ৰূপ ধাৰণ কৰিছে (Flood situation remains critical in Barpeta) ৷

এই নেৰানেপেৰা বৰষুণৰ ফলত সৰ্থেবাৰী-পাঠশালাৰ মাজেৰে বৈ যোৱা বুঢ়াদিয়া নৈৰ বাঢ়নী পানীৰ ফলত মাথাউৰি চিঙে ৷ ফলত ৰাতিটোৰ ভিতৰতে সমগ্ৰ অঞ্চল জলময় হৈ পৰে (Flood in Barpeta) ৷ এই বাঢ়নী পানীয়ে মুহুৰ্তৰ ভিতৰতে উটুৱাই লৈ যায় সৰ্থেবাৰী-পাঠশালা সংযোগী মূল ঘাইপথটো (Flood washes out road connecting Sarthebari to Pathsala) ৷

Flood in Barpeta: সৰ্থেবাৰীত বানৰ তাণ্ডৱ

সম্প্ৰতি ঘাইপথটোৰ ওপৰত একঁকাল পানী হোৱা দেখা গৈছে । ফলত অঞ্চলটোৰ যাতায়ত ব্যৱস্থা ব্যাহত হোৱাত উপায়ন্তৰ হৈ পৰিছে স্থানীয় ৰাইজ ৷ ইফালে, বুঢ়াদিয়া নৈৰ মাথাউৰি চিঙাৰ ফলত জিলাখনৰ বিস্তীৰ্ণ অঞ্চল বানত প্লাৱিত হৈ পৰিছে ৷

এই বানৰ ফলত গৃহহীন হৈ পৰিছে একাংশ লোক (Burhadia has damaged several houses) । বানত নষ্ট হৈছে হাজাৰ হাজাৰ বিঘা মাটিৰ খেতি । ইতিমধ্যে বৰপেটাৰ জিলা উপায়ুক্তই বৃহস্পতিবাৰে এক নিৰ্দেশনা যোগে জিলাখনৰ সকলোবোৰ চৰকাৰী আৰু বেচৰকাৰী শিক্ষানুষ্ঠান অহা ১৮ জুনলৈকে বন্ধৰ নিৰ্দেশ জাৰি কৰিছে (Educational Institutions will closed till June 18 At Barpeta District) ৷

লগতে পঢ়ক: বৰপেটা জিলাত ১৮ জুনলৈকে বন্ধ থাকিব শিক্ষানুষ্ঠান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.