ETV Bharat / state

বৰপেটাত বানাক্ৰান্তক লৈ ভেকোভাওনা চৰকাৰৰ

author img

By

Published : Jul 19, 2019, 3:15 PM IST

বৰপেটাত বানাক্ৰান্তক লৈ ভেকোঁভাওনা চৰকাৰৰ

বৰপেটাত বানপীড়িতই পাঁচদিন ধৰি পোৱা নাই এমুঠি চাউল ৷ আনকি নাই পানী যোগান ৷ বান শিৱিৰৰ লোকক লৈ উপলুঙা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ৷

বৰপেটা, ১৯ জুলাইঃ বানত এতিয়া বৰপেটা ৷ মৰা চাউলখোৱা আৰু মৰানদীৰ পানীয়ে চহৰখনৰ কিছুমান অঞ্চল প্লাৱিত কৰাৰ সমান্তৰালকৈ বৰষুণৰ পানীয়ে সৃষ্টি কৰা কৃত্ৰিম বানত জলবন্দী এতিয়া বৰপেটা চহৰ ৷ চহৰখনৰ বানপীড়িতই বিভিন্ন আশ্ৰয় শিৱিৰত আশ্ৰয় লোৱাৰ লগতে চাউলখোৱাৰ মথাউৰিতো আশ্ৰয় লৈছে বহু বানপীড়িতই ৷ বৰপেটা চহৰৰ ২১ নং ৱাৰ্ডৰ একাংশ বানপীড়িতই বিগত ৫ দিন ধৰি আশ্ৰয় লৈ আছে ভকতপাৰা LP স্কুলত স্থাপন কৰা আশ্ৰয় শিৱিৰত ৷

বৰপেটাত বানাক্ৰান্তক লৈ ভেকোঁভাওনা চৰকাৰৰ

কিন্তু পৰিতাপৰ কথা যোৱা ৫ দিন ধৰি আশ্ৰয় শিৱিৰত থকা বানপীড়িতই পোৱা নাই এমুঠি চাউল-দাইল ৷ জিলা প্ৰশাসনে যোগান ধৰা নাই কোনো বান সাহাৰ্য ৷ কোনো লোকে বৃহস্পতিবাৰে এমুঠি চিৰা বিতৰণ কৰাৰ বাহিৰে শিৱিৰটোত আশ্ৰয় লোৱা লোকসকলে পোৱা নাই কোনো ধৰণৰ সহায় ৷ আনকি শিৱিৰটোত নাই এটুপি বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা ৷ শিৱিৰত থকা লোকসকলে জিলা প্ৰশাসনক জনোৱাৰ পিচত বৃহস্পতিবাৰে নিশা শিবিৰটোত এটা দমকল বহুৱাইছিল যদিও পানী যোগানৰ নামত যেন শিৱিৰবাসীক উপলুঙাহে কৰিলে জনস্বাস্থ্য কাৰিকৰী বিভাগটোৱে ৷ কাৰণ দমকলটোৰে পানীৰ সলনি ওলাই বোকাপানীহে ৷ দেখা গৈছে মাথো ৫-10 ফুট দীঘল এডাল পাইপেৰে দমকল বহুৱাই দায়িত্ব সামৰিছে জনস্বাস্থ্য বিভাগে ৷ ইপিনে এই ঘটনাকলৈ এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বৰপেটাত ৷

Intro:
বৰপেটা, ১৯ জুলাইঃ বৰপেটা চহৰ ডুব গৈছে বানত ৷ মৰা চাউলখোৱা আৰু মৰানদীৰ পানী হাৰিজানেৰে সোমাই চহৰখনৰ কিছুমান অঞ্চল প্লাৱিত কৰাৰ সমান্তৰালভাৱে বৰষুণৰ পানীয়ে সৃষ্টি কৰা কৃত্ৰিম বানত জলবন্দী হৈ পৰিছে বৰপেটা চহৰ ৷ চহৰখনৰ বানপীড়িতই বিভিন্ন আশ্ৰয় শিবিৰত আশ্ৰয় লোৱাৰ লগতে চাউলখোৱাৰ মথাউৰিতো আশ্ৰয় লৈছে বহু বানপীড়িতই ৷ বৰপেটা চহৰৰ ২১ নং ৱাৰ্ডৰ একাংশ বানপীড়িতই বিগত ৫দিন ধৰি আশ্ৰয় লৈ আছে ভকতপাৰা LP স্কুলত স্থাপন কৰা আশ্ৰয় শিবিৰটোত ৷ পিছে দূৰ্ভাগ্যজনকভাৱে ৫দিন ধৰি আশ্ৰয় শিবিৰত থকা বানপীড়িতই পোৱা নাই এমুঠি চাউল ৷ জিলা প্ৰশাসনে যোগান ধৰা নাই কোনো বান সাহাৰ্য ৷ কোনো লোকে বৃহস্পতিবাৰে এমুঠি চিৰা বিতৰন কৰাৰ বাহিৰে শিবিৰটোত আশ্ৰয় লোৱা লোকসকলে পোৱা নাই কোনো সহায় ৷ Body:আনকি নাই যে নাই, শিবিৰটোত নাই এটুপি পানীৰো কোনো ব্যৱস্থা ৷ শিবিৰটোত থকা লেকসকলে জিলা প্ৰশাসনক জনোৱাৰ পিচত বৃহস্পতিবাৰে নিশা শিবৰটোত এটা দমকল বহুওৱা হয় যদিও পানী যোগানৰ নামত যেন শিবিৰবাসীক উপলুঙাহে কৰিলে জনস্বাস্থ্য কাৰিকৰী বিভাগটোৱে ৷ যেন শিবিৰত দমকল বহুৱাৰ নামত লুন্ঠনৰহে পাং পাতিছে জনস্বাস্থ্য কাৰিকৰী বিভাগে ৷ বৃহস্পতিবাৰে নিশা শিবিৰিটোত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ঠিকাদাৰে এটা দমকল বহুৱাইছিল যদিও দমকলটোৰে পানীৰ সলনি বোকাপানীহে ওলাই আহে ৷ তাৰপিচতে শিবিৰটোত থকা যুৱক এজনে দমকলটো দাঙি দিয়াৰ লগে লগে মাটিৰ পৰা উঠি আহে দমকলটো ৷ দেখা গৈছে মাথো ৫ ফুট দীঘল এডাল পাইপেৰে এটা দমকল বহুৱাই থৈ ঠিকাদাৰ আৰু জনস্বাস্থ্য বিভাগে বানক লৈ পাতিছে লুন্ঠনৰ জাল ৷ ইপিনে এই ঘটনাকলৈ তীব্ৰ প্ৰতিক্ৰীয়াৰ সৃষ্টি হৈছে বৰপেটাত ৷ আনহাতে বানপীড়িতক লৈ হেতালি নেখেলিবলৈকো সকিয়নি জিলা প্ৰশাসনক ৷
Conclusion:বাইটঃ বানপীড়িত শিবিৰবাসী ৷
বাইট: এন জি অ' কৰ্মী
--- বাপকন দাস, বৰপেটা
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.