ETV Bharat / state

কৰ্মহীন হৈ পৰিল প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাত কৰ্মৰত ৮০০ যুৱক যুৱতী

author img

By

Published : Apr 5, 2020, 10:04 AM IST

কৰ্মহীন হৈ পৰিল বহু যুৱক যুৱতী
কৰ্মহীন হৈ পৰিল বহু যুৱক যুৱতী

প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ অধীনত আৰোগ্য মিত্ৰ আৰু প্ৰধানমন্ত্ৰী আয়ুষ্মান মিত্ৰ হিচাপে ৰাজ্যখনত কৰ্মৰত হৈ থকা ৮০০ যুৱক যুৱতী হৈ পৰিল কৰ্মহীন ।

বৰপেটা, ৫ এপ্ৰিলঃ লক ডাউনৰ মাজতে চাকৰি গ'ল ৰাজ্যখনৰ ৮০০ যুৱক যুৱতীৰ । প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ অধীনত ঠিকাভিত্তিত কৰ্মৰত যুৱক যুৱতী কৰ্মসংস্থাপনহীন হ'ব লগীয়া হ'ল । প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ অধীনত আৰোগ্য মিত্ৰ আৰু প্ৰধানমন্ত্ৰী আয়ুষ্মান মিত্ৰ হিচাপে ৰাজ্যখনত কৰ্মৰত হৈ আছিল প্ৰায় ডেৰ হাজাৰ যুৱক যুৱতী । কিন্তু সম্প্ৰতি ৮০০ গৰাকী যুৱক যুৱতীক চুক্তিৱদ্ধ নকৰাকৈ চাকৰিৰ পৰা আঁতৰাই পঠায় বুলি অভিযোগ তুলিছে ভূক্তভোগী যুৱক যুৱতীসকলে । নতুনকৈ নিবিদা লাভ কৰা ফেমিলি হেল্থ প্লেন ইঞ্চুৰেঞ্চ টিপিএ লিমিটেড নামৰ সংস্থাটোৱে নতুনকৈ কৰ্মচাৰী নিযুক্তিৰ সময়ত কোনো নীতি নিৰ্দেশনা পালন কৰা নাই বুলিও অভিযোগ তুলিছে কৰ্মহীন হৈ পৰা যুৱক যুৱতীসকলে । উল্লেখ্য যে, বৰপেটা জিলাত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ অধীনত কৰ্মৰত হৈ থকা ৫২ জন কৰ্মচাৰীৰ ভিতৰত ২৬ জনেই চাকৰি হেৰুৱাবলগীয়া হয় ।

কৰ্মহীন হৈ পৰিল প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাত কৰ্মৰত ৮০০ যুৱক যুৱতী

লগতে পঢ়কঃ ১৪ দিনৰ বাবে চীল কৰা হ'ল "স্পেনিছ গাৰ্ডেন"

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.