ETV Bharat / state

Doubtful citizens notice to retired army : প্ৰাক্তন সেনা জোৱানলৈ সন্দেহযুক্ত নাগৰিকৰ জাননী

author img

By

Published : Jan 6, 2023, 3:23 PM IST

বৰপেটা বিদেশী ন্যায়াধিকৰণে ২৮ বছৰে ভাৰতীয় সেনাত কৰ্মৰত এগৰাকী লোকলৈ সন্দেহযুক্ত নাগৰিকৰ জাননী প্ৰেৰণ কৰিলে (Barpeta Foreigners Tribunal notice to retired Army)। ন্যায়াধিকৰণৰ এনে কৰ্মকাণ্ডক লৈ আচৰিত বৰপেটাবাসী । ন্যায়াধিকৰণৰ ওচৰলৈ নোযোৱাৰ সিদ্ধান্ত লৈছে অৱসৰপ্ৰাপ্ত সেনা জোৱান আব্দুল হালিমে ।

Doubtful citizens notice to retired army
প্ৰাক্তন সেনা জোৱানলৈ সন্দেহযুক্ত নাগৰিকৰ জাননী

প্ৰাক্তন সেনা জোৱানলৈ সন্দেহযুক্ত নাগৰিকৰ জাননী

বৰপেটা,৬ জানুৱাৰী : বৰপেটাৰ বিদেশী ন্যায়াধিকৰণৰ আজৱ কাণ্ড । ২৮ বছৰে ভাৰতীয় সেনাত কৰ্মৰত এগৰাকী লোকলৈ ন্যায়াধিকৰণে প্ৰেৰণ কৰিলে সন্দেহযুক্ত নাগৰিকৰ জাননী (Barpeta Foreigners Tribunal notice to retired Army)। সংবাদ মাধ্যমৰ পৰা বিষয়টো গোপনে ৰাখিবলৈও আহ্বান ন্যায়াধিকৰণৰ ।

চলিত কেইটামান বছৰত বিদেশী ন্যায়াধিকৰণৰ কিছুমান কৰ্মকাণ্ডই আচৰিত কৰি তুলিছে ৰাজ্যবাসীক । কেতিয়াবা যদি ভোটাৰ তালিকাত নাম থকা লোকক বাংলাদেশী সজায়, কেতিয়াবা আকৌ ভাৰত চৰকাৰৰ প্ৰাক্তন কৰ্মচাৰীক সন্দেহযুক্ত নাগৰিকৰ জাননী প্ৰেৰণ কৰে । ইতিমধ্যে বিদেশী ন্যায়াধিকৰণৰ আদালতত এইধৰণৰ বহু গোচৰৰ শুনানি অব্যাহত আছে ।

ইয়াৰ মাজতে বৰপেটা বিদেশী ন্যায়াধিকৰণে সন্দেহযুক্ত নাগৰিক সজালে ভাৰতীয় সেনাৰ এগৰাকী প্ৰাক্তন জোৱানক (Notice of suspected citizen to Ex Army)। ভাৰতীয় সেনাত সুদীৰ্ঘ ২৮ বছৰ চাকৰি কৰাৰ পাছত আব্দুল হালিমলৈ সন্দেহযুক্ত নাগৰিকৰ জাননী প্ৰেৰণ কৰিলে ন্যায়াধিকৰণে । কেৱল জাননী প্ৰেৰণ কৰাই নহয় আব্দুল হালিমক এই সন্দৰ্ভত সংবাদ মাধ্যমক অৱগত নকৰিবলৈও ক'লে ন্যায়াধিকৰণে ।

ইফালে বৰপেটা জিলাৰ জনীয়া সমষ্টিৰ সৰুসৰিদ গাঁৱৰ অৱসৰপ্ৰাপ্ত সেনা জোৱান আব্দুল হালিমৰ নামত বৰপেটা বিদেশী ন্যায়াধিকৰণৰ পৰা সন্দেহযুক্ত নাগৰিকৰ জাননী অহাৰ লগে লগে হতভম্ব হৈ পৰিছে আব্দুল হালিমৰ লগতে তেওঁ পৰিয়াল আৰু গাওঁবাসী । হালিমে জনোৱা মতে তেওঁ ১৯৯২ চনত ভাৰতীয় সেনাত যোগদান কৰিছিল । ২৮ বছৰ ভাৰত মাতৃৰ সেৱা আগবঢ়োৱাৰ পাছত তেওঁ ভাৰতীয় সেনাৰ পৰা অৱসৰ গ্ৰহণ কৰে । আব্দুল হালিমে ১৯৯৯ চনত কাৰ্গিলৰ যুদ্ধতো অংশগ্ৰহণ কৰা বুলি জানিবলৈ দিয়ে ।

২০০৩ চনৰ বৰপেটা সীমান্ত আৰক্ষীৰ এক গোচৰৰ ভিত্তিত বৰপেটা বিদেশী ন্যায়াধিকৰণে আব্দুল হালিমক নিজকে ভাৰতীয় প্ৰমাণ কৰিবলৈ জাননী প্ৰেৰণ কৰা বুলি উল্লেখ কৰে হালিমে । প্ৰথম অৱস্থাত বিদেশী ন্যায়াধিকৰণৰ সদস্যই বিচৰা ধৰণে যাৱতীয় নথি-পত্ৰ দাখিল কৰে যদিও ইটোৰ পিছত সিটো নথি বিচাৰি অৱসৰপ্ৰাপ্ত সেনা জোৱান আব্দুল হালিমক হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন কৰিছে (Ex Army slams Barpeta Foreigners Tribunal)।

আব্দুল হালিমৰ প্ৰশ্ন, যদি তেওঁ সন্দেহযুক্ত নাগৰিক তেনেহ'লে ভাৰতীয় সেনাত ১৯৯২ চনত তেওঁ নিযুক্তি কেনেকৈ পালে ? এইক্ষেত্ৰত ৰহস্যজনকভাৱে আব্দুল হালিমক সংবাদ মাধ্যমৰ কাষ চাপিবলৈ বৰপেটা বিদেশী ন্যায়াধিকৰণে বাধা দিয়াক লৈ প্ৰশ্ন উত্থাপন হৈছে । কিন্তু আব্দুল হালিমে এইবাৰ নিজকে ভাৰতীয় নাগৰিক হিচাপে প্ৰমাণ কৰিবলৈ বিদেশী ন্যায়াধিকৰণৰ ওচৰলৈ নোযোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।

উল্লেখ্য যে, আব্দুল হালিমে ভাৰতীয় সেনাৰ জুনিয়ৰ কমিচনাৰ অফিচাৰ হিচাপে অৱসৰ গ্ৰহণ কৰিছিল । ইফালে বৰপেটা বিদেশী ন্যায়াধিকৰণৰ এই কাণ্ডক লৈ বৰপেটাত তীব্ৰ অসন্তুষ্টি দেখা গৈছে ।

লগতে পঢ়ক :Kaliabor Sericulture Department: অস্তিত্বৰ সংকটত কলিয়াবৰৰ ৩ খন চৰকাৰী ৰেচম পাম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.