ETV Bharat / state

ৰাজ্যৰ দুই বানাক্ৰান্ত অঞ্চলৰ বিপৰীতধৰ্মী ছবি

author img

By

Published : Jul 24, 2020, 2:59 PM IST

দুই বানাক্ৰান্ত অঞ্চলৰ বিপৰীতধৰ্মী ছবি
দুই বানাক্ৰান্ত অঞ্চলৰ বিপৰীতধৰ্মী ছবি

ৰাজ্যত এফালে কৰ'ণাৰ আতংক আনফালে বানৰ বিভীষিকা এনে পৰিস্থিতিৰ মাজত কেনে আছে ৰাজ্যৰ বন্যাৰ্ত ? এই সন্দৰ্ভত ইটিভি ভাৰতৰ সাংবাদিকে চলোৱা চৰজমিন তদন্তৰে এক প্ৰতিবেদন...

নিউজ ডেস্ক, 24 জুলাই: বৰ্তমানেও জটিল অৱস্থাত ৰাজ্যৰ বান পৰিস্থিতি ৷ শেহতীয়াভাৱে বানত ব্যাপকভাৱে প্ৰভাৱিত হৈছে ৰাজ্যৰ 74 টা ৰাজহ চক্ৰৰ মুঠ 2,634 খন গাঁও ৷ এনে পৰিস্থিতিত চৰকাৰী শিবিৰত থকা শিশুকে ধৰি আন বন্যাৰ্তৰ স্বাস্থ্যৰ ক্ষেত্ৰত কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে চৰকাৰে ? শিশুক যোগান ধৰা হৈছে নে উপযুক্ত খাদ্য ? জোনাইৰ এক আশ্ৰয় শিবিৰত থকা বন্যাৰ্তই উল্লেখ কৰা অনুসৰি,আশ্ৰয় শিবিৰত থকা সময়ছোৱাত তেওঁলোকে নিয়মীয়াকৈ পাইছে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ যোগান ৷ উল্লেখ্য যে, জোনাইত সংহাৰী বানে জলমগ্ন কৰিছে মুঠ 211 খন গাঁও ৷ যাৰ ফলত ক্ষতিগ্ৰস্ত হৈছে জোনাইৰ প্ৰায় 77949 গৰাকী লোক ৷ ২৯৬৫ হেজাৰ হেক্টৰ কৃষিভূমি বাঢ়নী পানীয়ে বুৰাই পেলোৱা জোনাইৰ,বানাক্ৰান্ত লোকক উদ্ধাৰৰ বাবে চৰকাৰ তথা জিলা প্ৰশাসনে মোতায়েন কৰিছে উদ্ধাৰকাৰীৰ দল ৷ বৃহত্তৰ অঞ্চলটোৰ মুঠ 3 টা আশ্ৰয় শিবিৰত থকা দুই শতাধিক পৰিয়ালৰ মাজত যাতে খাদ্য সামগ্ৰীক লৈ কোনো ধৰণৰ অসুবিধা নহয়,তাৰ প্ৰতিও যথেষ্ট গুৰুত্ব প্ৰদান কৰিছে জিলা প্ৰশাসনে ৷ বিশেষকৈ গৰ্ভৱতী আৰু শিশু সকলৰ খাদ্যৰ ক্ষেত্ৰত প্ৰশাসনে গুৰুত্ব প্ৰদান কৰা হৈছে বুলি জানিবলৈ দিয়ে বানাক্ৰান্তই ৷

ৰাজ্যৰ দুই বানাক্ৰান্ত অঞ্চলৰ বিপৰীতধৰ্মী ছবি

আনহাতে ইয়াৰ এখন ওলোটা ছবি দেখিবলৈ পোৱা গ'ল বৰপেটাৰ আশ্ৰয় শিবিৰত থকা বানাক্ৰান্তৰ মাজত ৷ জিলা খনত বানৰ প্ৰভাৱ কিছু পৰিমাণে কমিছে যদিও, বৰ্তনানেও ২৫০ খন গাঁও বানৰ কবলত ৷ চৰকাৰী তথ্য অনুসৰি জিলাখনৰ প্ৰায় ৩ লাখ ৮১ হাজাৰ লোক বানত ক্ষতিগ্ৰস্ত হৈছে ৷ লগতে বানাক্ৰান্ত লোকক আশ্ৰয় প্ৰদানৰ অৰ্থে জিলাখনত স্থাপন কৰা হৈছে ৪০ টা আশ্ৰয় শিবিৰ ৷ সমাজ কল্যাণ বিভাগৰ তথ্য অনুসৰি জিলাখনৰ আশ্ৰয় শিবিৰসমূহত,৬ মাহ বয়সৰ পৰা ৩ বছৰ বয়সলৈ প্ৰায় 2 শতাধিক শিশু আছে ৷ লগতে ৪৫ গৰাকী গৰ্ভৱতী আৰু ২৫ গৰাকী প্ৰসূতি মাতৃয়ে আশ্ৰয় গ্ৰহণ কৰি আছে শিবিৰসমূহত৷ কিন্তু এই পৰ্যন্ত তেওঁলোকে জিলা প্ৰশাসন কিম্বা চৰকাৰৰ তৰফৰ পৰা পোৱা নাই পৰ্যাপ্ত সাহায্য ৷ কেৱল এবাৰ সাহায্য প্ৰদান কৰিয়েই বিভাগীয় কৰ্তৃপক্ষই দায়িত্ব সামৰাৰ অভিযোগ উত্থাপন হৈছে ৷ আনকি এই পৰ্যন্ত তেওঁলোকৰ খবৰ ল'বলৈয়ো কোনো এগৰাকী জনপ্ৰনিধি অহা নাই বুলি অভিযোগ কৰিছে বন্যাৰ্তই ৷

শিশুৰ যতন লৈছে নে নাই বিভাগীয় কৰ্তৃপক্ষই ?
শিশুৰ যতন লৈছে নে নাই বিভাগীয় কৰ্তৃপক্ষই ?

ইয়াৰ পৰা পৰিস্ফুট হৈছে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ বন্যাৰ্তই সন্মুখীন হোৱা দুই বিপৰীতধৰ্মী ছবি ৷ যিসয়মত শিশুকে ধৰি গৰ্ভৱতী মহিলাৰ ৰোগ প্ৰতিৰোধ শক্তিৰ ওপৰত ভিন্নজনে গুৰুত্ব প্ৰদান কৰিবৰ বাবে পৰামৰ্শ প্ৰদান কৰি আহিছে, তেনে সময়তে বৰপেটাৰ বন্যাৰ্তৰ মাজত দেখিবলৈ ওলোটা দৃশ্যই শংকিত কৰি তুলিছে তেওঁলোকক ৷

লগতে পঢ়ক: প্ৰতিদিনেই মৃত্যুৰ আশংকাৰে বিপদসংকুল যাত্ৰা...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.