ETV Bharat / state

প্ৰতিদিনেই মৃত্যুৰ আশংকাৰে বিপদসংকুল যাত্ৰা...

author img

By

Published : Jul 23, 2020, 6:21 PM IST

Updated : Jul 29, 2020, 5:57 PM IST

বিপদসংকুল এক যাত্ৰা ৷ পদে পদে মৃত্যুৰ আশংকা সেই যাত্ৰাত ৷ তথাপিও মৰণত শৰণ দি সেই বিপদ সংকুল যাত্ৰা অব্যাহত আছে পাথাৰকান্দি সমষ্টিৰ খাগৰাগুৰা আৰু লংগাই ৰিজাৰ্ভ অঞ্চলত ৷

বিপদসংকুল যাত্ৰা
বিপদসংকুল যাত্ৰা

কৰিমগঞ্জ, 23 জুলাই: কৰিমগঞ্জ জিলাৰ পাথাৰকান্দি সমষ্টিৰ খাগৰাগুৰা আৰু লংগাই ৰিজাৰ্ভ অঞ্চলত একমাত্ৰ নাৱেই ভৰসা স্থানীয় লোকসকলৰ ৷ পূৰ্বতে সেই স্থানত এখন বাঁহৰ দলং আছিল যদিও,এতিয়া তাত নাই যাতায়াতৰ কোনো মাধ্যম ৷ যাৰ বাবে প্ৰতিদিনেই নাৱেৰে বিপদসংকুল যাত্ৰা কৰিবলগীয়া হয় সেই অঞ্চলৰ ৰাইজে ৷ নাৱেৰে যাত্ৰা কৰাটো কোনো নতুন বিষয় নহয় ৷ কিন্তু সেই নাৱৰ যাত্ৰাক কিয় এই প্ৰতিবেদনত একাধিকবাৰ উল্লেখ কৰা হৈছে ?

প্ৰতিদিনেই মৃত্যুৰ আশংকাৰে বিপদসংকুল যাত্ৰা...

নাৱেৰে যাত্ৰা কৰা কোনো নতুন বিষয় নহ'লেও এডাল ৰছীক সম্বল কৰি নাৱেৰে যাত্ৰা কৰাটোহে এক আচৰিত আৰু আচহুৱা বিষয় ৷ প্ৰতিদিনেই এডাল ৰছীত ধৰি ভৰ নদীৰে নাও আগুৱাই নিয়ে নাৱৰীয়াই ৷ স্থানীয় লোকে উল্লেখ কৰা অনুসৰি সাম্প্ৰতিক বান পৰিস্থিতিৰ বাবে অধিক জটিল হৈ পৰিছে তেওঁলোকৰ দৈনন্দিন জীৱন ৷ কিয়নো সেই অঞ্চলত যাতায়াতৰ বাবে নাই অন্য কোনো মাধ্যম ৷ ৰোগী কঢ়িয়াবলৈয়ো নাই কোনো ব্যৱস্থা ৷ জীৱন-মৰণৰ মাজত বহু সময়ত যুঁজিবলগীয়া হৈছে বহু ৰোগীয়ে ৷ বিপদত পৰিছে প্ৰায় দহ হাজাৰ জনবসতিপূৰ্ণ গাঁওখনৰ ৰাইজ ৷

উল্লেখ্য যে, এই বিপদসংকুল যাত্ৰাত পূৰ্বতে কেইবাবাৰো সংঘটিত হৈছে বহু দুৰ্ঘটনা ৷ তৎসত্বেও আজি পৰ্যন্ত বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ দুৰ্দশা চকুত নপৰিল জন প্ৰতিনিধিৰ ৷ ৰাইজৰ অনুৰোধত বহুবাৰ জন প্ৰতিনিধিয়ে সেই স্থানত দলং নিৰ্মাণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে যদিও আজি পৰ্যন্ত সম্পূৰ্ণ হৈ নুঠিল সেই কাম ৷ যাক লৈ সম্প্ৰতি ক্ষোভিত হৈ পৰিছে স্থানীয় লোক ৷

লগতে পঢ়ক: এতিয়াও উন্মুক্ত কৰিমগঞ্জৰ ভাৰত-বাংলা সীমান্ত

Last Updated :Jul 29, 2020, 5:57 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.