ETV Bharat / state

দেশত চলি থকা জেহাদী কাৰ্যকলাপৰ বাবে গৃহ বিভাগক দায়ী জাকিৰ হুছেইন শিকদাৰৰ

author img

By

Published : Sep 27, 2022, 6:34 PM IST

Jakir
জাকিৰ হুছেইন শিকদাৰৰ প্ৰতিক্ৰিয়া

জেহাদীৰ কাৰ্যকলাপ বৃদ্ধি হোৱাৰ বাবে কেন্দ্ৰ আৰু ৰাজ্যত থকা বিজেপি চৰকাৰ দায়ী । জেহাদী কাৰ্যকলাপ বৃদ্ধি সন্দৰ্ভত বিজেপিক তীব্ৰ সমালোচনা কংগ্ৰেছ নেতা জাকিৰ হুছেইন শিকদাৰৰ (Jakir Hussain Sikdar slams BJP)। সন্ত্ৰাসবাদী আৰু জেহাদীক লৈ কংগ্ৰেছে কোনোদিনে ৰাজনীতি নকৰে বুলিও তেওঁ স্পষ্ট কৰি দিয়ে ।

বৰপেটা, ২৭ ছেপ্টেম্বৰ : ৰাষ্ট্ৰদ্ৰোহৰ গোচৰৰ সৈতে জড়িত থকাৰ অভিযোগত শেহতীয়াকৈ দেশৰ ভিন্ন প্ৰান্তৰ পৰা পিএফআইৰ নেতা-কৰ্মীক NIAয়ে আটক কৰিছে (PFI leader arrested)। অসমৰ পৰাও কেইবাগৰাকী PFI নেতাক আটক কৰা হৈছে (PFI leader arrests in Assam)। এই সন্দৰ্ভত বৰপেটাত কংগ্ৰেছ নেতা জাকিৰ হুছেইন শিকদাৰে গুৰুত্বপূৰ্ণ মন্তব্য কৰে ।

তেওঁৰ মতে অসমৰ মাটিত কোনো কাৰণতে জেহাদীৰ কাৰ্যকলাপ (Jihadi activities in Assam) চলিব নোৱাৰে । জেহাদী আৰু সন্ত্ৰাসবাদীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক আহ্বান কংগ্ৰেছ নেতাগৰাকীৰ । এই ক্ষেত্ৰত কংগ্ৰেছ দলে চৰকাৰক প্ৰয়োজনত সহায় কৰিব বুলিও কয় নেতাগৰাকীয়ে । শিকদাৰে উল্লেখ কৰা মতে দেশৰ সাৰ্বভৌমত্ব আৰু জনসাধাৰণৰ নিৰাপত্তাৰ দায়িত্ব চৰকাৰৰ ৷

২০১৪ চনৰ পৰা কেন্দ্ৰত বিজেপিৰ চৰকাৰ চলি আছে ৷ তাৰ পিছতো যদি দেশত জেহাদী কাৰ্যকলাপ চলি আছে তেন্তে তাৰ বাবে কেন্দ্ৰ আৰু ৰাজ্যত থকা বিজেপি চৰকাৰ আৰু গৃহ বিভাগ দায়ী (BJP govt failed to prevent Jihadi activities) বুলি মন্তব্য কৰে কংগ্ৰেছ নেতা জাকিৰ হুছেইন শিকদাৰে । যদি অসমৰ কোনো স্থানত জেহাদীৰ ঘাটি গঢ়ি উঠিছে তেন্তে তাৰ বাবে চৰকাৰ বিফল হৈছে বুলিও অভিযোগ কৰে জাকিৰ হুছেইন শিকদাৰে ৷

ৰাজ্যত PFIৰ বিৰুদ্ধে অভিযান

তেওঁ দাবী কৰা মতে কংগ্ৰেছ দল জেহাদীৰ লগতো নাই, সন্ত্ৰাসবাদৰ লগতো নাই । শিকদাৰে কয় যে ইন্দিৰা গান্ধী, ৰাজীৱ গান্ধীৰ পৰা আৰম্ভ কৰি বহু কংগ্ৰেছী সন্ত্ৰাসবাদীৰ বলি হৈছে ৷ কংগ্ৰেছৰ বুকুত যি ঘাঁ লাগি আছে সেইয়া অইনে নুবুজিব বুলিও তেওঁ উদ্বেগ প্ৰকাশ কৰে ৷

সেয়ে তেওঁ চৰকাৰক জেহাদী আৰু সন্ত্ৰাসবাদীৰ বিৰুদ্ধে কঠোৰ হ'বলৈ দাবী জনায় ৷ আনহাতে সন্ত্ৰাসবাদী আৰু জেহাদীক লৈ কংগ্ৰেছে কোনোদিনে ৰাজনীতি নকৰে বুলিও স্পষ্ট কৰি দিয়ে কংগ্ৰেছ নেতা জাকিৰ হুছেইন শিকদাৰে ৷

লগতে পঢ়ক :কলিয়াবৰত গাঁওৰক্ষী বাহিনীৰ সদস্যক হত্যাৰ চেষ্টা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.