ETV Bharat / state

আমগুৰিত RCC Porcupineৰে বেকী নদীত গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা

author img

By

Published : Sep 12, 2021, 6:47 PM IST

beki errison construction
RCC Porcupineৰে বেকী নদীত গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা

RCC Porcupine ৰে গৰাখহনীয়া ৰোধৰ প্ৰচেষ্টা কলগাছিয়াৰ আমগুৰিত ৷ যাক লৈ আনন্দিত আমগুৰিবাসী ৷

জনীয়া,12 ছেপ্তেম্বৰ : আৰ চি চি পাৰ্কুপাইনৰে(RCC Porcupine)ৰে গৰাখহনীয়া ৰোধৰ এক প্ৰচেষ্টা৷ কলগাছিয়াৰ আমগুৰিত RCC পাৰ্কুপাইনৰে অব্যাহত ৰাখিছে বেকী নদীৰ গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা । দেওবাৰৰ পৰা আৰম্ভ হৈছে এই খহনীয়া ৰোধৰ প্ৰচেষ্টা ৷ বেকী নৈ এই গৰাখহনীয়া ৰোধৰ এই প্ৰচেষ্টাৰ বাবে জলসম্পদ মন্ত্ৰী আৰু স্থানীয় বিধায়কক শলাগ লয় স্থানীয় ৰাইজে ৷

উল্লেখ্য যে, জনীয়া সমষ্টিৰ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত আমগুৰি গাঁৱত অব্যাহত আছে বেকী নদীৰ গৰাখহনীয়া । বিগত চাৰি মাহত আমগুৰীত খহনীয়াই অধিক ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ৷ এই গৰাখহনীয়াত নদীৰ বুকুত উচন হৈছে প্ৰায় ৭০ টা পৰিয়ালৰ ঘৰ-দুৱাৰ, মাটি-ভেটি ৷ এই সমস্যা সমাধান কৰাৰ সন্দৰ্ভত স্থানীয় বিধায়ক হাফিজ ৰফিকুল ইছলামক অনুৰোধ জনাইছিল স্থানীয় ৰাইজে ৷

beki errison construction
বেকী নদীত গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা

লগতে পঢ়ক : মাজুলীৰ ফেৰীঘাটত যাত্ৰীৰ অভাৱনীয় ভীৰ

স্থানীয় ৰাইজৰ অনুৰোধ মৰ্মে জনীয়াৰ বিধায়ক হাফিজ ৰফিকুল ইছলামে খহনীয়া প্ৰতিৰোধৰ বাবে বিধান সভাত এই সন্দৰ্ভত এক প্ৰস্তাৱো উত্থাপন কৰিছিল ৷ তাৰ পিছতেই জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাক গৰাখহনীয়া ৰোধৰ বাবে এক আবেদনো কৰিছিল বিধায়ক গৰাকীয়ে ৷ ফলত জলসম্পদ মন্ত্ৰীগৰাকীয়ে জনীয়া সমষ্টিত অতি জৰুৰীভাৱে চাৰিটাকৈ স্থানত অস্থায়ীভাৱে খহনীয়া প্ৰতিৰোধ কৰিবলৈ সংশ্লিষ্ট বিভাগৰ বৰপেটা জিলা কাৰ্যবাহী অভিযন্তাক নিৰ্দেশনা দিয়ে ।

beki errison construction
গৰাখহনীয়া ৰোধৰ প্ৰচেষ্টা কলগাছিয়াৰ আমগুৰিত

লগতে পঢ়ক : খহনীয়াৰ পৰা পৰিত্ৰাণ পাবলৈ সমুহীয়া দোৱা

সেই নিৰ্দেশ মৰ্মে, আজি অৰ্থাৎ দেওবাৰৰ পৰা আৰম্ভ হৈছে কলগাছিয়াৰ আমগুৰি গাঁৱত RCC পাৰ্কুপাইনৰ দ্বাৰা বেকী নদীৰ গৰাখহনীয়া প্ৰতিৰোধৰ কাম আৰম্ভ কৰা হয় । ইফালে বেকীৰ গৰাখহনীয়াত ঘৰ মাটি উচন হোৱা পৰিয়ালসমূহৰ পুনৰ সংস্থাপনৰ ব্যৱস্থাৰ দাবী জনাইছে অঞ্চলটোৰ ৰাইজে ৷ আনহাতে, বৰপেটা প্ৰশাসনে নিৰ্মাণ আৰম্ভ কৰা গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা অতি শীঘ্ৰে সম্পন্ন কৰিবলৈ স্থানীয় ৰাইজে আহ্বান জনাইছে বিভাগীয় কৰ্তৃপক্ষক ৷

RCC Porcupineৰে বেকী নদীত গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা

লগতে পঢ়ক : মাজুলীত অব্যাহত আছে বিপদ সংকুল ৰচী টনা নাৱৰ যাত্ৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.