ETV Bharat / state

বৰপেটাত কুখ্যাত ড্ৰাগছ মাফিয়ালৈ আৰক্ষীৰ গুলীচালনা

author img

By

Published : Jun 6, 2021, 10:41 PM IST

firing on drugs mafia in barpeta
ড্ৰাগছ মাফিয়ালৈ আৰক্ষীৰ গুলীচালনা

বৰপেটাৰ কুখ্যাত ড্ৰাগছ মাফিয়া বাবুল আহমেদক লক্ষ্য কৰি গুলীচালনা আৰক্ষীৰ ৷ এক অভিযানৰ সময়ত ড্ৰাগছ মাফিয়া বাবুলক উদ্দেশ্যি আৰক্ষীয়ে গুলি চলাইছিল ৷ এক সংবাদমেলযোগে এই কথা সদৰি কৰে বৰপেটা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া তপন মেধিয়ে ৷ পলাতক মাফিয়াটোক কৰায়ত্ব কৰাৰ বাবে অভিযান অব্যাহত থাকিব আৰক্ষীৰ ৷

বৰপেটা, 6 জুন : কুখ্যাত ড্ৰাগছ মাফিয়া বাবুল আহমেদক লক্ষ্য কৰি দেওবাৰে গুলীচালনা কৰে বৰপেটা আৰক্ষীয়ে ৷ বৰপেটা জিলাৰ ধানবান্ধাস্থিত বাসগৃহত চলোৱা এক অভিযানৰ সময়ত ড্ৰাগছ মাফিয়া বাবুলক উদ্দেশ্যি আৰক্ষীয়ে চলাইছিল গুলি ৷ বৰপেটা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া তপন মেধিয়ে এক সংবাদমেলযোগে গুলিচালনা কৰাৰ কথা সদৰি কৰে ৷

drugs mafia babul ahmed
ড্ৰাগছ মাফিয়া বাবুল আহমেদ

তেওঁ কয় যে, বৰপেটা আৰক্ষীৰ তিনিটাকৈ দলে দিনৰ ভাগত চলোৱা অভিযানৰ সময়ত আৰক্ষীৰ বেহু ফালি ড্ৰাগছ মাফিয়াটো পলাবলৈ সক্ষম হ’লেও পলাতক অৱস্থাত থকা মাফিয়াটোক কৰায়ত্ব কৰাৰ বাবে অভিযান অব্যাহত থাকিব আৰক্ষীৰ ৷ উল্লেখ্য যে, হত্যা-অপহৰণকে ধৰি একাধিক গুৰুতৰ অপৰাধমূলক গোচৰত অভিযুক্ত বাবুল আহমেদ একালৰ কুখ্যাত ড্ৰাগছ মাফিয়া ইলাহি শ্বেখৰ ঘনিষ্ঠ বাবুৰ সৈতেও আছে মধুৰ সম্পৰ্ক ৷ উজনি আৰু মধ্য অসমৰ ড্ৰাগছৰ সাম্ৰাজ্য বাবুৱে নিয়ন্ত্ৰণ কৰাৰ সমান্তৰালকৈ নামনি অসমৰো ড্ৰাগছৰ সাম্ৰাজ্য নিয়ন্ত্ৰণ কৰে বাবুল আহমেদে ৷

ড্ৰাগছ মাফিয়ালৈ আৰক্ষীৰ গুলীচালনা

ইফালে অভিযান কালত ড্ৰাগছ মাফিয়াটোৰ বাসগৃহৰ পৰা এখন বিলাসী হোণ্ডা চি আৰ ভি বাহনৰ লগতে ড্ৰাগ্ৰছৰ কেইটামান খালী কণ্টেইনাৰ উদ্ধাৰ কৰে আৰক্ষীয়ে ৷ ড্ৰাগছ মাফিয়া বাবুল আহমেদক লক্ষ্য কৰি কৰা আৰক্ষীৰ গুলীচালনাৰ ঘটনাক লৈ সমগ্ৰ বৰপেটাত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ৷

লগতে পঢ়ক : ধুবুৰীত বৃহৎ পৰিমাণৰ সুৰা জব্দ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.