ETV Bharat / state

হাউলীত নৃশংস হত্যাকাণ্ড: ঘাটক স্বামীয়ে প্ৰাণ ললে পত্নীৰ

author img

By

Published : Oct 13, 2019, 5:33 PM IST

হাউলীত নৃশংস হত্যাকাণ্ড: ঘাটক স্বামীয়ে প্ৰাণ ললে পত্নীৰ

পৰকীয় প্ৰেমৰ সংক্ৰান্তত বাঁহেৰে মৰিয়াই স্বামীয়ে হত্যা কৰিলে নিজ পত্নীক ৷

বৰপেটা,13 অক্টোবৰ: বৰপেটা জিলাত ক্ৰমাৎ বৃদ্ধি পাইছে অপৰাধমূলক কাৰ্যকলাপ ৷ এইবাৰ জিলাখনৰ হাউলীৰ হাজীপাৰাত সংঘটিত হল এক নৃশংস হত্যাকাণ্ড ৷ পৰকীয় প্ৰেমৰ সন্দেহত বাঁহেৰে মৰিয়াই নিজ পত্নীক হত্যা কৰিলে পতিয়ে ৷ এই নৃশংস হত্যাকাণ্ডটো সংঘটিত হৈছে হাউলীৰ হাজিপাৰাত ৷ ঘটনা অনুসৰি শনিবাৰে নিশা প্ৰায় ২ বজাত বজাত শোৱনি কোঠাত নিজ পত্নী চুফিয়া খাতুনক বাঁহেৰে কোবাই হত্যা কৰে ছহিদুল ইছলাম নামৰ এজন ব্যক্তিয়ে ৷

হাউলীত নৃশংস হত্যাকাণ্ড: ঘাটক স্বামীয়ে প্ৰাণ ললে পত্নীৰ

প্ৰায় 15 বছৰ পূৰ্বে একে গাঁৱৰে ছহিদুল ইছলামৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল চুফিয়া খাতুন নামৰ মহিলা গৰাকী ৷ বিবাহৰ চিনস্বৰূপে তেওঁলোকৰ মাজত দুটি সন্তানো আছে ৷ প্ৰত্যক্ষদৰ্শীয়ে জনোৱা অনুসৰি যোৱা নিশা মহিলাগৰাকী শুই থকা অৱস্থাত বাঁহেৰে পেটত আক্ৰমণ কৰি পত্নীক হত্যাৰ চেষ্টা চলাই অভিযুক্ত স্বামী ছহিদুল ইছলামে ৷ লগে গলে মহিলাগৰাকীয়ে ঘৰৰ দৰ্জা খুলি ঘৰৰ বাহিৰলৈ দৌৰি ওলাই আহি চোতালত পৰি যায় ৷

ঘটনাৰ পাছতে মহিলাগৰাকীৰ চিঞৰত ঘৰৰ কাষৰ লোকসকল ওলাই আহি মহিলাগৰাকীক উদ্ধাৰ কৰি হাউলী চিকিৎসালয়লৈ লৈ আহে যদিও মহিলাগৰাকীক চিকিৎসকে মৃত ঘোষণা কৰে ৷ ইয়াৰ পাছতে হত্যাৰ অভিযোগত স্বামী ছহিদুল ইছলামৰ লগতে শহুৰ ৰহিম আলীকো গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷ ইফালে আৰক্ষীৰ জেৰাত পত্নীক পেটত বাঁহেৰে খুচি হত্যা কৰাৰ কথা স্বীকাৰ কৰিছে পাষাণ স্বামী ছহিদুলে ৷

এইদৰে পৰকীয়া প্ৰেমৰ সন্দেহত নিজ পত্নীক নৃশংস ভাৱে হানিখুচি হত্যা কৰা স্বামী ছহিদুলক দৃষ্টান্তমূলক শাস্তিৰ দাবী জনাইছে নিহত চুফিয়া খাতুনৰ পৰিয়ালে ৷

Intro:

বৰপেটা ১৩ অক্টোৱৰ: বৰপেটাৰ হাউলীৰ হাজীপাৰাত নৃশংস হত্যাকাণ্ড ৷

স্বামীয়ে হত্যা কৰিলে নিজ পত্নীক ৷

নিশা প্ৰায় ২ বজাত শোৱনি কোঠাতেই বাঁহেৰে আক্ৰমণ কৰি হত্যা কৰে নিজ পত্নীক ৷

মৃত মহিলাগৰাকীৰ নাম চুফিয়া খাতুন (২৮)৷

হত্যাত অভিযুক্ত স্বামীৰ নাম ছহিদুল ইছলাম ৷

Body:হত্যাৰ অভিযোগত স্বামী ছহিদুল ইছলামক গ্ৰেপ্তাৰ আৰক্ষীৰ ৷

আনহাতে শহুৰেক ৰহিম আলীকো গ্ৰেপ্তাৰ আৰক্ষীৰ ৷

স্বামীৰ পৰকীয়া প্ৰেমৰ বাবেই পত্নীক হত্যাৰ অভিযোগ মহিলাগৰাকীৰ পৰিয়ালৰ লোকৰ ৷

এই ঘটনাক লৈ সমগ্ৰ হাউলী অঞ্চলতে সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ৷

১৫ বছৰ পূৰ্বে ঘৰৰ নিচেই কাষৰ ছহিদুল ইছলামৰ সৈতে বিয়া হৈছিল চুফিয়া খাতুনৰ ৷

মহিলাগৰাকীৰ আছে ১২ আৰু ৬ বছৰীয়া দুটি সন্তান ৷

যোৱানিশা শুই থকা অৱস্থাতে বাঁহেৰে পেটত আক্ৰমণ কৰি পত্নীক হত্যাৰ চেষ্টা চলাইছিল স্বামীয়ে ৷

লগে লগে মহিলাগৰাকীয়ে দুৱাৰ খুলি ঘৰৰ বাহিৰলৈ দৌৰি ওলাই আহি চোতালত পৰি যায় ৷

মহিলাগৰাকীৰ চিঞৰত ঘৰৰ কাষৰ লোকসকল ওলাই আহি মহিলাগৰাকীক উদ্ধাৰ কৰে ৷

লগে লগে চুবুৰীয়া আৰু পৰিয়ালৰ লোকে হাউলী চিকিৎসালয়লৈ লৈ যায় ৷

অবশ্যে চিকিৎসকে মহিলাগৰাকীৰ ইতিমধ্যে মৃত্যু হোৱা বুলি সদৰি কৰে ৷

পৰকীয়া প্ৰেমৰ বাবে নিজ পত্নীক এনেদৰে নৃশংসভাৱে হত্যা কৰা হত্যাকাৰী পতিক দৃষ্টান্তমূলক শাস্তিৰ দাবী জনাইছে পৰিয়ালৰ লোকে ৷

ইপিনে পত্নীক হত্যাৰ কথা স্বীকাৰ কৰিছে স্বামীয়ে ৷

বাঁহেৰে পেটত খুছি হত্যা কৰা বুলি স্বীকাৰ কৰিছে ছহিদুল ইছলামে ৷

Conclusion:বাইটঃ পৰিয়ালৰ লোক আৰু চবুৰীয়া ৷
বাইটঃ হত্যাকাৰী স্বামী ৷

--- বাপকন দাস, বৰপেটা ৷৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.