ETV Bharat / state

Bajali Corruption Case: চুপাৰী ব্যৱসায়ী ছহিদুল ইছলামক লগত লৈ হাউলীত চিআইডিৰ অভিযান

author img

By ETV Bharat Assamese Team

Published : Sep 13, 2023, 7:28 PM IST

Bajali Corruption Case
ছহিদুল ইছলামক লগত লৈ চিআইডিৰ তালাচী অভিযান

বজালী কাণ্ডৰ অন্যতম অভিযুক্ত হাউলীৰ চুপাৰী ব্যৱসায়ী ছহিদুল ইছলামক লগত লৈ চিআইডিৰ তালাচী অভিযান ৷ হাউলীৰ ১০ নং ৱাৰ্ডস্থিত ধৃত ছহিদুলৰ বাসভৱন আৰু ব্যৱসায়িক গুদামত চিআইডিৰ দলে চলালে তালাচী অভিযান ৷

হাউলীত চিআইডিৰ অভিযান

বৰপেটা ১৩ ছেপ্টেম্বৰ : বজালী কাণ্ডৰ জোৰদাৰ তদন্ত অব্যাহত আছে চিআইডিৰ ৷ এইবাৰ বৰপেটাৰ হাউলীত উপস্থিত চিআইডিৰ দল ৷ বজালী কাণ্ডৰ অন্যতম অভিযুক্ত হাউলীৰ চুপাৰী ব্যৱসায়ী ছহিদুল ইছলামক লগত লৈ চিআইডিৰ তালাচী অভিযান ৷

বুধবাৰে হাউলীৰ ১০ নং ৱাৰ্ডস্থিত ধৃত ছহিদুলৰ বাসভৱন আৰু ব্যৱসায়িক গুদামত চিআইডিৰ দলে চলালে তালাচী অভিযান ৷ ছহিদুলৰ বৃহৎ গুদামঘৰ, বাসগৃহত চলা চিআইডিৰ তালাচী অভিযানত সহযোগ কৰে হাউলী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজীৱ নেওগ আৰু তেওঁৰ দলে ৷ অভিযানকাৰী চিআইডিৰ দলে তন্ন তন্নকৈ পৰীক্ষা কৰে ছহিদুল ইছলাম আৰু পৰিয়ালৰ নামত থকা সকলো স্থাৱৰ-অস্থাৱৰ সম্পত্তিৰ তথ্য ৷

লগতে পঢ়ক : Bihpuria College Principal suspended: বিহপুৰীয়া মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ অমূল্য কুমাৰ হাজৰিকাক নিলম্বন

ছহিদুল আৰু পৰিয়াল নামত ভূ-সম্পত্তিকে ধৰি আৰু আন স্থাৱৰ-অস্থাৱৰ কি কি সম্পত্তি আছে, ছহিদুলৰ কিমানখন আৰু কি কি বাহন আছে এই সকলো তথ্য সংগ্ৰহ কৰে চিআইডিৰ দলটোৱে ৷ উল্লেখ্য যে কংগ্ৰেছ চৰকাৰৰ দিনৰ পৰাই চুপাৰীকে ধৰি বিভিন্ন ব্যৱসায়ৰ জৰিয়তে ছহিদুল ইছলামে আহৰণ কৰিছে বিশাল পৰ্বতসম সা-সম্পত্তি ৷ বজালী কাণ্ডৰ অন্যতম অভিযুক্ত ছহিদুল ইছলামৰ ঘৰ আৰু গুদামত আজি চিআইডিৰ তালাচী অভিযান চলাক কেন্দ্ৰ কৰি এতিয়া হাউলী অঞ্চলত বিৰাজ কৰিছে চাঞ্চল্য ৷

উল্লেখযোগ্য যে, বজালীৰ দুৰ্নীতি কাণ্ডৰ সৈতে নাম সাঙোৰ খোৱা কেইবাজনো আৰক্ষীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ৷ চুপাৰী ব্যৱসায়ীৰ পৰা ধনদাবী কৰি 2 ছেপ্টেম্বৰৰ দিনা গ্ৰেপ্তাৰ হৈছিল বজালীৰ পাঁচগৰাকীকৈ আৰক্ষী ৷ চিআইডিয়ে উপ-আৰক্ষী অধীক্ষক পুষ্কল গগৈক জেৰা চলোৱাৰ সমান্তৰালভাৱে বজালীত অভিযানো চলায় ৷ ইতিমধ্যে পুষ্কল গগৈ আৰু সিদ্ধাৰ্থ বুঢ়াগোঁহাইক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ৷

লগতে পঢ়ক : Dhemaji commerce college viral video:ধেমাজি বাণিজ্য মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষক নিলম্বন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.