ETV Bharat / state

Dhemaji commerce college viral video:ধেমাজি বাণিজ্য মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষক নিলম্বন

author img

By ETV Bharat Assamese Team

Published : Sep 13, 2023, 5:47 PM IST

ধেমাজি বাণিজ্য মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ সহ দুই অধ্যাপকে সুৰাপান কৰাৰ এটা ভিডিঅ’ ভাইৰেল কৰাৰ পিচত ভাৰপ্ৰাপ্ত অধ্যক্ষক নিলম্বন কৰিছে উচ্চ শিক্ষা সঞ্চালকে ।

Viral video of Dhemaji
ধেমাজি বাণিজ্য মহাবিদ্যালয় সুৰাপান কাণ্ড

ধেমাজি বাণিজ্য মহাবিদ্যালয় সুৰাপান কাণ্ড

ধেমাজি ,১৩ ছেপ্টেম্বৰ:ধেমাজি বাণিজ্য মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষৰ লগতে শিক্ষক-কৰ্মচাৰীৰ মদ্যপানৰ ভিডিঅ' ভাইৰেল হোৱাৰ পিচতেই উচ্চ শিক্ষা সঞ্চালকৰ কাৰ্যলয়ৰ পৰা ইতিমধ্যে নিলম্বনৰ নিৰ্দেশনা প্ৰদান কৰিছে । ধেমাজি বাণিজ্য মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ বীৰেণ চন্দ্ৰ কোঁৱৰৰ বিৰুদ্ধে এই নিৰ্দেশনা কাৰ্যকৰী হোৱাকৈ শিক্ষা বিভাগৰ মন্ত্ৰী-সচিব আৰু মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ লগতে ধেমাজি কোষাগাৰলৈ প্ৰেৰণ কৰে বিভাগে ।

এইক্ষেত্ৰত মহাবিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি ড৹ দুলুমণি ভূঞাৰ উপস্থিতত বিভাগে ধেমাজি মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ দীপক কুমাৰ নেওগক ধেমাজি বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ হিচাপে দায়িত্ব প্ৰদান কৰে। উল্লেখ্য যে অলপতে ধেমাজি বাণিজ্য মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ বীৰেণ চন্দ্ৰ কোঁৱৰৰ লগতে দুগৰাকী শিক্ষক-কৰ্মচাৰীয়ে মহাবিদ্যালয় চৌহদত মদ্যপান কৰা দৃশ্য ভাইৰেল হৈছিল সামাজিক মাধ্যমত । তাৰ পিচতেই এই কাণ্ডক লৈ সচেতন মহলত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল ।

ইয়াকে লৈ অভিযোগ-প্ৰতিঅভিযোগ চলে মহাবিদ্যালয় খনৰ দুটা ফৈদৰ মাজত । এই পৰিৱেশক লৈ মহাবিদ্যালয়ৰ শিক্ষাৰ্থী সকলে প্ৰতিবাদো সাব্যস্ত কৰিব লগা হয় । ভাৰপ্ৰাপ্ত অধ্যক্ষ বীৰেণ চন্দ্ৰ কোঁৱৰক শিক্ষা বিভাগে তাৎক্ষণিকভাৱে কাৰণ দৰ্শোৱা জাননী প্ৰেৰণ কৰিছিল । এই সমগ্ৰ কাণ্ডৰ উচিত তদন্তৰ দাবী জনাইছিল বিভিন্ন দল -সংগঠনে । তাৰ পিচতে উচ্চ শিক্ষা সঞ্চালক, কাহিলীপাৰাই ধেমাজি বাণিজ্য মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ বীৰেণ চন্দ্ৰ কোঁৱৰ, দ্বীপেন কুমাৰ দত্ত আৰু বিনয় কলিতালৈ ১৯ আগষ্টত কাৰণ দৰ্শোৱা জাননী জাৰি কৰে ।

উল্লেখ্য় যে যোৱা ১১ আগষ্টত ধেমাজি জিলাৰ ধেমাজি বাণিজ্য মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষসহ দুই অধ্যাপকে সুৰাপান কৰাৰ এটা ভিডিঅ’ ভাইৰেল হৈছিল ৷ তাৰ পিচতে মহাবিদ্যালয়খনত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ৷ মহাবিদ্যালয়ৰ চৌহদৰ ভিতৰত এনেদৰে ভাৰপ্ৰাপ্ত অধ্যক্ষসহ দুই অধ্যাপকে সুৰাপান কৰা ভিডিঅ’টো সংবাদ মাধ্যমত ভাইৰেল হোৱাৰ পিচতেই ধেমাজি বাণিজ্য মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাই তদন্ত কৰাৰ দাবী কৰি প্ৰতিবাদ জনায় ৷

লগতে পঢ়ক:Dhemaji commerce college viral video: সুৰাপান কৰি ভিডিঅ’ ভাইৰেল কৰাৰ সন্দৰ্ভত ধেমাজি বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষৰ প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.