ETV Bharat / state

Dashrath Das passes away: অসমীয়া সংগীতৰ ভোঁটা তৰাস্বৰূপ সংগীতজ্ঞ দশৰথ দাসৰ দেহাৱসান

author img

By ETV Bharat Assamese Team

Published : Oct 22, 2023, 3:39 PM IST

Dashrath Das passes away
অসমীয়া সংগীতৰ ভোঁটা তৰাস্বৰূপ সংগীতজ্ঞ দশৰথ দাসৰ দেহাৱসান

ভ্ৰাম্যমাণ আৰু চলচ্চিত্ৰ জগতৰ কণ্ঠশিল্পী তথা সৈনিক শিল্পী ব্ৰজনাথ শৰ্মা বঁটা প্ৰাপক দশৰথ দাস আৰু নাই ৷

অসমীয়া সংগীতৰ ভোঁটা তৰাস্বৰূপ সংগীতজ্ঞ দশৰথ দাসৰ দেহাৱসান

বৰপেটা, 22 অক্টোবৰ: অসমৰ সংগীত জগতত বৃহৎ ক্ষতি । ভ্ৰাম্যমাণ আৰু চলচ্চিত্ৰ জগতৰ কণ্ঠশিল্পী তথা সৈনিক শিল্পী ব্ৰজনাথ শৰ্মা বঁটা প্ৰাপক দশৰথ দাসে দেওবাৰে ইহলীলা সম্বৰণ কৰে । লক্ষণীয় যে, দীৰ্ঘদিন ধৰি শ্বাস-প্ৰশ্বাস জনিত ৰোগত ভুগি চিকিৎসাধীন হৈছিল শিল্পীগৰাকী । দেওবাৰে নিশা 12.30 ত এই সংসাৰৰ পৰা মেলানি মাগে দশৰথ দাসে ।

এইগৰাকী মহান শিল্পীৰ মৃত্যুত পৰিয়ালটোৰ লগতে সমগ্ৰ বজালীতে শোকাকুল পৰিৱেশ বিৰাজ কৰে । অসম সৌৰভ বটাঁ প্ৰাপক তথা আবাহন থিয়েটাৰৰ প্ৰতিষ্ঠাপক প্ৰয়োজক কৃষ্ণ ৰয়ৰ উপৰি ভালেসংখ্যক গুণমুগ্ধ, বাক্সা, বজালী জিলাৰ অনুষ্ঠান-প্ৰতিষ্ঠানৰ লোকসকলে আজি কণ্ঠশিল্পীগৰাকীৰ বাসগৃহত উপস্থিত হৈ তেওঁক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।

ইয়াৰ লগতে বিভিন্নজন অসমৰ সাংস্কৃতিক জগতৰ পুৰোধা ব্যক্তিও উপস্থিত হৈ শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনায় । মন্ত্ৰী ৰণজিৎ কুমাৰ দাসেও শিল্পীগৰাকীৰ বাসভৱনত উপস্থিত হৈ তেখেতক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । লগতে মন্ত্ৰীগৰাকীয়ে কয়, দাসৰ মৃত্যু অপূৰণীয় ক্ষতি ৷ শনিবাৰে তেওঁক হাস্পতাললৈ নিয়াৰ পৰাই মন্ত্ৰীগৰাকীয়ে তেওঁলোকৰ লগত যোগাযোগ ৰাখিছে ৷

মুখ্যমন্ত্ৰীৰ নিৰ্দেশত শিল্পীগৰাকীক উপযুক্ত সন্মান জনাই ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হ’ব । গাঁৱৰে শ্মশানতে তেওঁৰ অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন কৰা হ’ব বুলি মন্ত্ৰী দাসে জানিবলৈ দিয়ে ৷

সৈনিক শিল্পী ব্ৰজনাথ শৰ্মা বঁটা বিজয়ী শিল্পী দশৰথ দাস সেন্দুৰ, ৰে’লৰ আলিৰ দুবৰি বন আদি অসমীয়া কথাছবিৰ সংগীত পৰিচালক আৰু কণ্ঠশিল্পী আছিল । আনহাতে ভ্ৰাম্যমাণ থিয়েটাৰত তেওঁ প্ৰায় 40 টাকৈ বছৰ সংগীতৰ সতে জড়িত আছিল । ইফালে কণ্ঠশিল্পীগৰাকীৰ মৃত্যুত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শোক প্ৰকাশ কৰিছে ৷

লগতে পঢ়ক: Road accident: চাবুৱাত ভয়ংকৰ পথ দুৰ্ঘটনা, বাতিল ৰে’লসেৱা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.