ETV Bharat / state

Constituency delimitation: সৰভোগ সমষ্টি বিলুপ্তকৰণৰ সিদ্ধান্তৰ বিৰুদ্ধে আন্দোলনত নামিব মনোৰঞ্জন তালুকদাৰ

author img

By

Published : Jun 21, 2023, 11:06 PM IST

Updated : Jun 22, 2023, 6:58 AM IST

সৰভোগ সমষ্টি বিলুপ্তকৰণৰ প্ৰস্তাৱক লৈ ক্ষুব্ধ বিধায়ক মনোৰঞ্জন তালুকদাৰ ৷ ৰাইজক লগত লৈ প্ৰতিবাদ কৰাৰ হুংকাৰ ৷ মন্ত্ৰী ৰণজিৎ দাসৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচাৰ অভিযোগ ৷

Assam CPIM MLA Manuranjan Talukder
constituency delimitation draft

আন্দোলনত নামিব মনোঞ্জন তালুকদাৰ

বৰপেটাৰোড 21 জুন: নিৰ্বাচন আয়োগে সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰকাশ কৰাৰ পাচতে ৰাজ্যজুৰি প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়তে সমষ্টি ভাগ ভাগ কৰাৰ অভিযোগ তুলি বিজেপিৰ বিৰুদ্ধে সৰব হৈ পৰে সৰভোগৰ বিধায়ক মনোৰঞ্জন তালুকদাৰ ৷ সৰভোগ সমষ্টিৰ নাম বিলুপ্তকৰণৰ বাবে গ্ৰহণ কৰা সিদ্ধান্তৰ বিৰুদ্ধে আন্দোলনত নামিব বিধায়ক মনোৰঞ্জন তালুকদাৰ ৷ সমষ্টিৰবাসী ৰাইজক লগত লৈ ৰাজপথত আন্দোলন তীব্ৰতৰ কৰি তুলিব বুলিও হুংকাৰ প্ৰদান কৰিছে বিধায়কগৰাকীয়ে ৷

ঐতিহাসিক সৰভোগ সমষ্টিৰ নাম বিলুপ্তকৰণৰ সিদ্ধান্তৰ বাবে সৰভোগ সমষ্টিৰ প্রাক্তন বিধায়ক তথা মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ভূমিকা পালন কৰি আহিছে বুলি অভিযোগ উত্থাপন কৰিছে সৰভোগৰ বিধায়ক মনোৰঞ্জন তালুকদাৰে ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্রী ৰণজিৎ কুমাৰ দাসক তীব্ৰ সমালোচনা কৰি বিধায়ক তালুকদাৰে কয় যে, অসম চৰকাৰৰ মন্ত্ৰী গোটে সমষ্টি পুনৰ নিৰ্ধাৰণ কৰি এই খচৰা প্ৰস্তুত কৰিছিল আৰু সেই মন্ত্ৰী গোটৰ সভাত মন্ত্ৰী ৰণজিৎ কুমাৰ দাসেও অংশ গ্ৰহণ কৰি এই চক্ৰান্ত কৰা বুলি অভিযোগ তুলিছে বিধায়ক তালুকদাৰে ৷

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰ আৰু নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে নিৰ্বাচন আয়োগৰ লগ লাগি জঘন্য দৃষ্টিভংগীৰে সমষ্টি পুনৰ নিৰ্ধাৰণৰ ব্যৱস্থা কৰা বুলি মন্তব্য কৰে বিধায়ক তালুকদাৰে ৷ তেওঁ লগতে কয় যে, এই সমষ্টি নিৰ্ধাৰণে অসমৰ জনবিন্যাসত এক বিশেষ প্ৰভাৱ পেলাব ৷

লগতে পঢ়ক: Constituency delimitation: এই খচৰাই অসমৰ ভূমি পুত্ৰক সুৰক্ষিত কৰিব; পবিত্ৰ মাৰ্ঘেৰিটা

সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ ভাৰতৰ কমিনিউষ্ট পাৰ্টি মাক্সবাদীয়ে পূৰ্বৰে পৰা তীব্ৰ বিৰোধিতা কৰি আহিছে বুলি উল্লেখ কৰি বিধায়ক মনোৰঞ্জন তালুকদাৰে কয় যে, সমষ্টিৰ নাম বিলুপ্ত কৰা এই চক্ৰান্ত ব্যৰ্থ কৰাৰ বাবে তীব্ৰ আন্দোলন গঢ়ি তুলিব ৷ আনহাতে আই ইউ ডি এফ দলে আইনী ব্যৱস্থা লোৱা কাৰ্যক লৈয়ো বিধায়ক মনোৰঞ্জন তালুকদাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷ এ আই ইউ ডি এফে আইনী যুঁজ কৰাৰ কথা কৈয়ে থাকে কিন্তু এ আই ইউ ডি এফৰ আইনী যুঁজ ছুপ্ৰীম কোৰ্টলৈ গৈয়ে নাপায় বুলি মন্তব্য কৰে বিধায়কগৰাকীয়ে ।

এ আই ইউ ডি এফৰ এইসমূহ কথা-বতৰা মনোৰঞ্জন তালুকদাৰৰ বাবে কোনো গুৰুত্বপূৰ্ণ নহয় বুলি উল্লেখ কৰি তেওঁ কয় জনসাধাৰণে ঐক্যবদ্ধ হৈ থিয় দিব লাগিব ৷ যাতে নিৰ্বাচন আয়োগে বিজেপিৰ চক্ৰান্তত সৰভোগৰ নাম কৰ্তন কৰিব নোৱাৰে ৷ তাৰ বাবে আন্দোলন কৰিব লাগিব ।

এই বিপদৰ সময়ত সকলোকে বিজেপিৰ সমষ্টি ভঙা-পতা চক্ৰান্তৰ বাবে বিজেপিৰ বিৰুদ্ধে আন্দোলনৰ বাবে ৰাজপথলৈ ওলাই আহিবলৈ আহ্বান জনায় বিধায়ক মনোৰঞ্জন তালুকদাৰে ৷

Last Updated : Jun 22, 2023, 6:58 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.