ETV Bharat / state

Mid day meal scam: মধ্যাহ্ন ভোজনৰ সামগ্ৰী আত্মসাতৰ অভিযোগ প্ৰধান শিক্ষয়িত্ৰীৰ বিৰুদ্ধে

author img

By

Published : Jun 3, 2022, 5:41 PM IST

ৰাজ্যৰ শিক্ষাখণ্ডত আমূল পৰিৱৰ্তন সাধন কৰিবলৈ চৰকাৰে হাতত লৈছে বিভিন্ন কাৰ্যপন্থা । কিন্তু ইয়াৰ মাজতে একাংশ শিক্ষক-শিক্ষয়িত্ৰী নামি পৰিছে নিজৰ পকেট গৰম কৰাৰ চেষ্টাত(Corruption charges against head teacher) । জনীয়াত এখন বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰীৰ বিৰুদ্ধে মধ্যাহ্ন ভোজনৰ সামগ্ৰী আত্মসাৎ কৰাৰ অভিযোগ(Head teacher accused of embezzlement of mid day meal) ।

allegations of corruption against head teacher in jania
দৰমহাৰ ধনেৰে পেট নভৰে প্ৰধান শিক্ষয়িত্ৰীৰ: ভয়ংকৰ দুৰ্নীতিৰ অভিযোগ প্ৰধান শিক্ষয়িত্ৰীৰ বিৰুদ্ধে

জনীয়া,৩ জুন: জনীয়াৰ ৩৯১ নং বালিকুৰি ২ নং প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰীৰ বিৰুদ্ধে দুৰ্নীতি আৰু বিদ্যালয়ত সময়ত উপস্থিত নোহোৱাৰ অভিযোগ উত্থাপন হৈছে(Corruption charges against head teacher) । কণ কণ ছাত্ৰ ছাত্ৰীৰ ভোকৰ ভাতমুঠিও কাঢ়ি নিয়াৰ অভিযোগ উত্থাপিত হৈছে প্ৰধান শিক্ষয়িত্ৰীগৰাকীৰ বিৰুদ্ধে । অভিযোগ অনুসৰি বিদ্যালয় পৰিচালনা সমিতিৰ পৰামৰ্শকো গুৰুত্ব নিদিয়ে প্ৰধান শিক্ষয়িত্ৰীগৰাকীয়ে ।

প্ৰধান শিক্ষয়িত্ৰী স্বাহাতন নেছাৰ বিৰুদ্ধে উত্থাপিত হৈছে এইসমূহ ভয়ংকৰ অভিযোগ । প্ৰধান শিক্ষয়িত্ৰীগৰাকীয়ে পলমকৈ বিদ্যালয়ত উপস্থিত হোৱাৰ ওপৰিও সময়তকৈ আগতেই বন্ধ কৰে বিদ্যালয় । ইফালে মধ্যাহ্ন ভোজনৰ খাদ্য সামগ্ৰীও হৰলুকি কৰাৰ অভিযোগ উত্থাপন হৈছে প্ৰধান শিক্ষয়িত্ৰী স্বাহাতন নেছাৰ বিৰুদ্ধে(Head Teacher accused of embezzlement of mid day meal) । অভিযোগ অনুসৰি চাৰিজন ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে এটাকৈ কণী বিতৰণ কৰে স্বাহাতন নেছাই ।

দৰমহাৰ ধনেৰে পেট নভৰে প্ৰধান শিক্ষয়িত্ৰীৰ: ভয়ংকৰ দুৰ্নীতিৰ অভিযোগ প্ৰধান শিক্ষয়িত্ৰীৰ বিৰুদ্ধে

বৰপেটা জিলাৰ মন্দিয়া প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত বিদ্যালয়খনত চলি থকা এই অৰাজকতাৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে অভিভাৱক তথা স্থানীয় ৰাইজ । সংবাদ মাধ্যমৰ জৰিয়তে তেওঁলোকে প্ৰধান শিক্ষয়িত্ৰীগৰাকীৰ বিৰুদ্ধে উত্থাপন কৰে কেতবোৰ অভিযোগ । ইফালে সংবাদ মাধ্যমৰ লোক বিদ্যালয়খনত উপস্থিত হোৱাৰ খবৰ পোৱা মাত্ৰকে পলাই পত্ৰং দিয়ে প্ৰধান শিক্ষয়িত্ৰী স্বাহাতন নেছাই ।

সঘনাই নিজ কৰ্তব্যত গাফিলতি কৰা, কণ কণ ছাত্ৰ-ছাত্ৰীক প্ৰাপ্য়ৰ পৰা বঞ্চিত কৰি ভৱিষ্যত অন্ধকাৰলৈ ঠেলি দিয়া শিক্ষয়িত্ৰীগৰাকীয়ে দীৰ্ঘদিনে এনে দুৰ্নীতিত লিপ্ত হোৱাৰ অভিযোগ উত্থাপন হৈ আহিছে । লগতে ছাত্ৰ-ছাত্ৰীক বেংকৰ একাউণ্ট খুলি দিয়াৰ নামতো ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে । দুৰ্নীতিৰ বোকাৰে লুটুৰি-পুটুৰি হোৱাৰ অভিযোগ তুলি শিক্ষয়িত্ৰীগৰাকীৰ বিৰুদ্ধে বিহীত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে অঞ্চলটোৰ সচেতন ৰাইজে সংবাদ মাধ্যমৰ জৰিয়তে অসম চৰকাৰৰ লগতে শিক্ষামন্ত্ৰীলৈ কাতৰ আহ্বান জনায় ।

লগতে পঢ়ক: Guwahati suicide case: নৰ্থ ইষ্ট কেঞ্চাৰ হাস্পতালত ৰোগীৰ আত্মহত্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.