ETV Bharat / state

চিকিৎসক-নাৰ্ছৰ অৰাজকতা: ৰোগীক আওকাণ কৰি মোবাইলত ব্যস্ত থকাৰ গুৰুতৰ অভিযোগ

author img

By ETV Bharat Assamese Team

Published : Nov 29, 2023, 9:26 AM IST

allegation on hospital authority
ৰোগীক আওকান কৰি মোবাইলত ব্যস্ত থকাৰ গুৰুতৰ অভিযোগ

বৰপেটা অসামৰিক চিকিৎসালয়ত চিকিৎসক-নাৰ্ছৰ মইমতালি ৷ ৰোগীৰ আত্মীয়ই অভিযোগ কৰা অনুসৰি চিকিৎসালয়খনৰ নাৰ্ছসকলে ৰোগী চোৱা বাদ দি মোবাইলত ব্যস্ত থাকে ৷

ৰোগীক আওকান কৰি মোবাইলত ব্যস্ত থকাৰ গুৰুতৰ অভিযোগ

জনীয়া, 29 নৱেম্বৰ : বৰপেটা জিলাৰ কলগাছিয়াস্থিত বৰপেটা অসামৰিক চিকিৎসালয়ত চিকিৎসক-নাৰ্ছৰ অৰাজকতা। ৰোগীৰ লগত হেতালি খেলাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে চিকিৎসক-নাৰ্ছৰ বিৰুদ্ধে।

ইয়াৰ পিচতে ৰোগীৰ মাজত হাহাকাৰ পৰিস্থিতিৰ উদ্ভৱ হৈছে । ৰোগীৰ আত্মীয়ই অভিযোগ কৰা অনুসৰি চিকিৎসালয়খনৰ নাৰ্ছসকলে ৰোগী চোৱা বাদ দি মোবাইলত ব্যস্ত থাকে ৷ ফলত ৰোগীৰ আত্মীয়ই চিকিৎসক-নাৰ্ছক বদলিকৰণৰ দাবী উত্থাপন কৰিছে ৷

ঘটনাৰ বিৱৰণী অনুসৰি, বঙাইগাঁও জিলাৰ নাম্বাৰপাৰাৰ পৰা এগৰাকী ৰোগীক জৰুৰুকালীন অৱস্থাত চিকিৎসাৰ বাবে পুৱা 10 বজাতে চিকিৎসালয়খনলৈ লৈ আহিছিল ৷ চিকিৎসালয় কৰ্তৃপক্ষই ৰোগীগৰাকীক চিকিৎসা কৰে যদিও 12 বজালৈকে কোনেও বেজী দিবলৈ আহৰি নাপালে ৷ ৰোগীৰ আত্মীয়ই বাৰে বাৰে কোৱাৰ পিচতো নাৰ্ছে কোনো গুৰুত্ব নিদিলে বুলি আত্মীয়ই অভিযোগ কৰে ৷

আত্মীয়ই কয়, "প্ৰথমে ৰোগীৰ ভৰ্তিৰ কাৰণে লিংক নাই, ফলত চিকিৎসালয় কৰ্তৃপক্ষই কলমেৰে লিখি ৰিচিপ লিখি দিয়ে ৷ জৰুৰীকালীন ৰোগীৰ ৰক্তক্ষৰণ হৈ আছিল ৷ কিন্তু চিকিৎসক কৰ্তৃপক্ষৰ সময় নাই ৷ চৰকাৰে এওঁলোকক এনেয়ে বহি থাকিবলৈ দৰমহা দিছে নেকি? আমি ৰোগীগৰাকীক লৈ যাম, কিন্তু এয়াই সমাধান নহয় ৷ আমাৰ দৰে বহুতো লোকে ৰোগী আনিব, সকলোৱে এনেকৈয়ে উভতি যাব লাগিব ৷"

আত্মীয়ই কোৱা অনুসৰি, নাৰ্ছসকল কেৱল মোবাইলত ব্যস্ত থাকে ৷ এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে, অসামৰিক চিকিৎসালয় এখনত জৰুৰীকালীন ৰোগীৰ বাবে সময়মতে যদি চিকিৎসা সেৱা পোৱা নাযায় তেন্তে ৰাজ্যৰ স্বাস্থ্য বিভাগত কি উন্নয়ন হৈছে ?

এইসকল চিকিৎসক বা নাৰ্ছৰ বিৰুদ্ধে ৰাজ্য চৰকাৰ তথা চিকিৎসালয় কৰ্তৃপক্ষই কিবা ব্যৱস্থা গ্ৰহণ কৰিবনে নে এনেকৈয়ে চিকিৎসকৰ অভাৱত একাংশ ৰোগীয়ে মৃত্যুৰ মুখত পৰিব লাগিব ? সেয়ে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক এনে চিকিৎসক আৰু নাৰ্ছক বদলিকৰণৰ দাবী জনায় ৰোগীৰ আত্মীয়ই ৷

লগতে পঢ়ক: গছ কাটি উৰণ সেতু নিৰ্মানৰ বিৰোধিতা, শিক্ষাৰ্থীয়েও দিলে চৰকাৰক পৰামৰ্শ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.