ETV Bharat / state

Scam in distribution of government aid: কলগাছিয়াত গাওঁ প্ৰধানৰ চৰকাৰী সাহায্য বিতৰণত অনিয়ম

author img

By

Published : May 14, 2023, 6:11 PM IST

কলগাছিয়াৰ তাপেশ্বৰা আৰু নদিয়াপাৰা গাঁৱৰ গাঁও প্ৰধানৰ বিৰুদ্ধে চৰকাৰী সাহায্য বিতৰণত অনিয়মৰ অভিযোগ উত্থাপন (Irregularities in distribution of government aid)। মাটি মাহ, ঘেঁহু, মাকৈ, বাদাম আদিৰ বীজসমূহ খেতিয়ক ৰাইজৰ মাজত বিতৰণ নকৰাৰ অভিযোগ ।

Scam in Kalgachia against Village Head
গাঁও প্ৰধানৰ অনিয়ম

গাঁও প্ৰধানৰ অনিয়ম

জনীয়া, ১৪ মে': বৰপেটা জিলাৰ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত তাপেশ্বৰা আৰু নদিয়াপাৰা গাঁৱৰ গাওঁ প্ৰধান ইছমাইল হুছেইনৰ বিৰুদ্ধে উত্থাপিত হৈছে কেইবাটাও অভিযোগ । চৰকাৰী সাহায্য আহে যদিও সকলো আত্মসাৎ কৰাৰ চেষ্টা গাওঁ প্ৰধান ইছমাইল হোছেইৰ (Village head of Tapeshwara village)। চাৰ্টিফিকেট লোৱাৰ সময়ত দিব লগা হয় টকা । ’ডি’ ভোটাৰসকলৰ সমস্যা সমাধানৰ ক্ষেত্ৰতো ধন সংগ্ৰহ কৰাৰ অভিযোগ উক্ত গাঁও দুখনৰ গাঁও প্ৰধান ইছমাইল হুছেইনৰ বিৰুদ্ধে (Scam in Kalgachia against Village Head) ।

বিভিন্ন সময়ত চৰকাৰে যোগান ধৰা মাটি মাহ, ঘেঁহু, মাকৈ, বাদাম আদিৰ বীজসমূহ খেতিয়ক ৰাইজৰ মাজত বিতৰণ নকৰি ঘৰতে মজুত কৰি ৰখা বুলি একাংশই অভিযোগ উত্থাপন কৰিছে । ইপিনে, বিভিন্ন অভিযোগ উত্থাপন হোৱাৰ পিচতো একে গাঁওৰ একাংশ লোকে আকৌ গাঁও প্ৰধানৰ পক্ষে থিয় দিছে । অভিযোগ উত্থাপনকাৰীসকলৰ বিৰুদ্ধে সৰৱ হৈ একাংশ লোকে কঠোৰ ভাষাৰে তীব্ৰ সমালোচনা কৰি কয় যে যিবোৰে গাঁও প্ৰধানৰ বিৰুদ্ধে যিসকলে অভিযোগ উত্থাপন কৰিছে এই সকলে প্ৰত্যক্ষ আৰু পৰোক্ষ ভাৱে গাওঁ প্ৰধানক সমাজত হেয় প্ৰতিপন্ন কৰিব বিচাৰিছে ।

সামগ্ৰী বিতৰণক লৈ গাঁও প্ৰধানে এক বিন্দু পৰিমাণৰ কৃপণালী কৰা নাই লগতে গাঁও প্ৰধানৰ বিৰুদ্ধে উত্থাপন কৰা সকলো অভিযোগ মিছা আৰু ভিত্তিহীন বুলি একাংশই মন্তব্য কৰিছে । অৱশ্য়ে কোন সঁচা, কোন মিছা সেয়া বিভাগীয় তদন্ততহে স্পষ্ট হৈ পৰিব প্ৰকৃত ঘটনা ।

ইপিনে,গাঁও প্ৰধানৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সন্দৰ্ভত গাঁও প্ৰধান ইছমাইল হুছেইনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে যে এইবোৰ সকলো মিছা আৰু ভিত্তিহীন । যিজন যুৱকে অভিযোগ উত্থাপন কৰিছে তেওঁৰ বাহিৰে তেওঁলোকৰ পৰিয়ালৰ বেছি সংখ্যক লোকেই চৰকাৰে দিয়া সকলো ধৰণৰ সা-সুবিধা ভোগ কৰি আছে ।

লগতে পঢ়ক:Karntaka Poll Result: কংগ্ৰেছ যাতে কোনো ঠাইতে জিকিব নোৱাৰে তাৰ বাবে আমি কৰ্ণাটকৰ পৰা শিক্ষা লৈছো; পৰিমল শুক্লবৈদ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.