ETV Bharat / state

অংগনৱাড়ী কৰ্মীৰ নাভূত-নাশ্ৰুত কাণ্ড, ছাত্ৰ-ছাত্ৰীৰ খাদ্য খুৱালে গৰুক

author img

By ETV Bharat Assamese Team

Published : Dec 29, 2023, 12:06 PM IST

Anganwadi Worker corruption
অংগনৱাড়ী কৰ্মীৰ নাভূত-নাশ্ৰুত কাণ্ড

Corruption allegation against Anganwadi worker: অংগনৱাড়ী কেন্দ্ৰৰ কৰ্মীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ ৷ ছাত্ৰ-ছাত্ৰীক বঞ্চিত কৰি শিশু খাদ্য গৰুক খুওৱাৰ লগতে অভিভাৱকক অশ্লীল ভাষাৰে গালি-গালাজ পৰাৰ অভিযোগ উত্থাপন হৈছে ।

অংগনৱাড়ী কৰ্মীৰ নাভূত-নাশ্ৰুত কাণ্ড

জনীয়া, 29 ডিচেম্বৰ : বৰপেটা জিলাৰ কলগাছিয়াৰ খেল্লীত অংগনৱাড়ী কৰ্মীৰ নাভূত-নাশ্ৰুত কাণ্ড। ছাত্ৰ-ছাত্ৰীক বঞ্চিত কৰি শিশু খাদ্য খুৱালে গৰুক। এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে ৷

ঘটনা অনুসৰি, বৰপেটা জিলাৰ কলগাছিয়াতস্থিত ৰূপসী সংহত শিশু উন্নয়ণ প্ৰকল্পৰ অন্তৰ্গত খেল্লী গাঁৱৰ 172 নং খেল্লী চি অংগনৱাড়ী কেন্দ্ৰৰ কৰ্মী আদৰবী খাতুনৰ নাভূত-নাশ্ৰুত কাণ্ড। অংগনৱাড়ী কেন্দ্ৰটোৰ শিশু খাদ্য ছাত্ৰ-ছাত্ৰীক নুখুওৱাকৈয়ে নিজৰ পোহনীয়া গৰুক খাবলৈ দিয়া ঘটনাই ৰাইজৰ চকু কপালত তুলিছে ৷

ইফালে অভিযোগ অনুসৰি, অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ দ্বাৰা আবন্টিত শিশু খাদ্যসমূহ প্ৰতিমাহে আদৰবী খাতুনে সংগ্ৰহ কৰি কেন্দ্ৰলৈ লৈ যায় যদিও নিয়মিতভাৱে ছাত্ৰ-ছাত্ৰী সকলক খাবলৈ নিদিয়ে ৷ শিশুৰ বাবে চৰকাৰে দিয়া চাতু, চুজি আদি শিশুক বিতৰণ নকৰাকৈ ঘৰতে মজুত কৰি ৰখাৰ ফলত শিশুখাদ্যসমূহৰ ম্যাদ ওকলি গৈছে । তাৰ পিচতে তেওঁ সেই ম্যাদ উকলি যোৱা সামগ্ৰীসমূহ নিজৰ পোহনীয়া গৰুক খাবলৈ দিয়ে।

মঙলবাৰে অভিভাৱকসকলে অংগনৱাড়ী কেন্দ্ৰটোত উপস্থিত হৈ খাদ্যসমূহ গৰুৱে খাই থকা দেখি জাঙুৰ খাই উঠে ৷ ইফালে কৰ্মী আদৰবী খাতুনে জানিবলৈ দিয়া মতে, এইবোৰ মিছা অভিযোগ ৷ কোনো খাদ্য গৰুক খুওৱা নাই ৷ গৰুক খাদ্য খুওৱাৰ ক’ত প্ৰমাণ আছে ? যিয়ে অভিযোগ উত্থাপন কৰিছে, সেইবোৰ সজোৱা কথা ৷

ইফালে, কেন্দ্ৰটোত তিনি বছৰৰ তলৰ শিশু 53 গৰাকীৰ লগতে তিনিৰ পৰা ছয় বছৰৰ ভিতৰৰ শিশুৰ সংখ্যা 63 গৰাকী । মুঠ 116 গৰাকী শিশু থকা অংগনৱাড়ী কেন্দ্ৰটোত গৰ্ভৱতী মহিলাৰ সংখ্যা 10 গৰাকীৰ উপৰিও প্ৰসূতি মাতৃৰ সংখ্যা হ'ল 14 গৰাকী ৷

ইফালে অভিভাৱক ৰাইজে শিশুৰ খাদ্য বিচাৰি কৰ্মীগৰাকীক ক’বলৈ আহিলে তেওঁ বেয়া ভাষাত গালি-গালাজ কৰাৰ লগতে কোনো অন্তঃসত্বা মহিলাক প্ৰহাৰ কৰা বুলিও গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৷ এতিয়া অংগনৱাড়ী কৰ্মী আদৰবী খাতুনৰ বিৰুদ্ধে বিভাগীয় কৰ্তৃপক্ষই কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ’ব।

লগতে পঢ়ক: গুৱাহাটী উচ্চ বিদ্যালয়ৰ পকী মঞ্চ মুকলি সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.