গুৱাহাটী উচ্চ বিদ্যালয়ৰ পকী মঞ্চ মুকলি সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যৰ

By ETV Bharat Assamese Team

Published : Dec 28, 2023, 10:11 PM IST

thumbnail

গুৱাহাটী, 28 ডিচেম্বৰ : দীৰ্ঘদিনৰ বিৰতিৰ অন্তত এইবাৰ ৰাজহুৱা সভাত ভুমুকি মৰা দেখা পোৱা গ’ল ৰাজ্যসভাৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যক ৷ বুধবাৰে দিনৰ ভাগত মহানগৰীৰ জ্যোতিনগৰস্থিত পূব গুৱাহাটী উচ্চ বিদ্যালয়ৰ এক অনুষ্ঠানত দেখা গ’ল অসম গণ পৰিষদৰ সাংসদ গৰাকীক ৷ পূৰ্বে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰা অগপৰ সাংসদগৰাকীয়ে কিন্তু "কা" (CAA) সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰ দিয়াৰ পৰা বিৰত থাকে ৷

সাংসদ গৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিজেপি মিত্ৰজোঁটে 2024 ৰ লোকসভা নিৰ্বাচনত পুনৰ চৰকাৰ গঠন কৰিব বুলি আশা প্ৰকাশ কৰে ৷ সমাগত লোকসভা নিৰ্বাচনত বিজেপিৰ সমৰ্থনত অগপই প্ৰতিদ্বন্দ্বিতা কৰিব বুলি সাংসদজনে লগতে ব্যক্ত কৰে ৷ উল্লেখ্য যে ৰাজ্যসভাৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই সাংসদ পুঁজিৰ ধনেৰে পূব গুৱাহাটী উচ্চ বিদ্যালয়ৰ পকী মঞ্চ নিৰ্মাণৰ বাবে 8 লাখ টকাৰ আৰ্থিক অনুদান আগবঢ়াইছিল ৷ 

সেই ধনেৰে নিৰ্মাণ সম্পূৰ্ণ কৰা মঞ্চখন আজি মুকলি কৰা হয় ৷ অনুষ্ঠানত বিদ্যালয়খনৰ প্ৰধান শিক্ষয়ত্ৰী অনিন্দিতা চক্ৰৱৰ্তীকে ধৰি বিদ্যালয়ৰ শিক্ষক, ছাত্ৰ-ছাত্ৰী আৰু কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷ 

লগতে পঢ়ক : কংগ্ৰেছ গাঁৱৰ ৰাইজৰ মাজতে আছে : দেৱব্ৰত শইকীয়া

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.