কংগ্ৰেছ গাঁৱৰ ৰাইজৰ মাজতে আছে : দেৱব্ৰত শইকীয়া

By ETV Bharat Assamese Team

Published : Dec 28, 2023, 9:01 PM IST

thumbnail

নলবাৰী, ২৮ ডিচেম্বৰ : বিজেপিক পৰাভূত কৰিবলৈ হ’লে কংগ্ৰেছ দল গাঁৱলৈ যাব লাগে ৷ এই আহ্বান আছিল ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ ৷ অখিল গগৈৰ উক্ত আহ্বানৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ।

দেৱব্ৰত শইকীয়াই অখিল গগৈৰ মন্তব্যৰে মতবিৰোধ আছে বুলি মন্তব্য কৰি কয় যে কংগ্ৰেছ গাঁৱতেই আছে । কংগ্ৰেছ গাঁৱৰ ৰাইজৰ মাজতে আছে । পঞ্চায়তত কংগ্ৰেছৰ প্ৰতিনিধি আছে । কংগ্ৰেছৰ সমৰ্থকসকল কংগ্ৰেছৰ সভালৈ গ’লে ৰেচন কাৰ্ড কৰ্তন কৰে, আঁচনিৰ পৰা বঞ্চিত কৰে । সেই কাৰণেই কংগ্ৰেছৰ সমৰ্থকসকল সভালৈ যাবলৈ ভয় কৰে ।

ইফালে দেৱব্ৰত শইকীয়াই বিজেপি মিত্ৰজোঁটৰ অংশীদাৰী অসম গণ পৰিষদৰ নেতৃত্ব তথা দুই মন্ত্ৰীলৈ জনালে বিশেষ আহ্বান । কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে দেশত নাগৰিকত্ব সংশোধনী আইন চমুকৈ কা বলৱৎ হ'ব বুলি হুংকাৰ দিয়া সন্দৰ্ভত অগপৰ দুই মন্ত্ৰীক ইয়াৰ বিৰুদ্ধাচৰণ কৰিবলৈ আহ্বান জনাই দলটোৰ বিধায়কসকলৰ সৈতে বৈঠক অনুষ্ঠিত কৰিবলৈ কয় দেৱব্ৰত শইকীয়াই ।

লগতে পঢ়ক: দিল্লীয়ে অসমৰ বাবে কৰা চুক্তিৰ ইতিহাস কেৱল প্ৰতাৰণাৰ ইতিহাস : অজাপৰ অভিযোগ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.