ETV Bharat / state

কলগাছিয়াত বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন ৭০ সংখ্যক শিল্পী দিৱস

author img

By

Published : Jan 17, 2021, 10:58 AM IST

অসমীয়া বোলছবি জগতৰ বাটকটীয়া ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ আজি মৃত্যু দিন ৷ এই মৃত্যু দিন উপলক্ষে ৰাজ্যজুৰি পালন কৰা হয় শিল্পী দিৱস ৷

কলগাছিয়াত বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন ৭০ সংখ্যক শিল্পী দিৱস
কলগাছিয়াত বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন ৭০ সংখ্যক শিল্পী দিৱস

জনীয়া, 17 জানুৱাৰী: শিল্পী মই তিনিওকালৰ ৷ অতীত, বৰ্তমান, ভৱিষ্যতৰ ৷ আজি সুন্দৰৰ সাধক, সুৰৰ পূজাৰী, অসমীয়া বোলছবিৰ বাটকটীয়া ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যু দিন ৷ সমগ্ৰ ৰাজ্যতে এই মহান শিল্পীগৰাকীৰ স্মৃতিত পালন কৰা হয় শিল্পী দিৱস ৷ কলগাছিয়াতো বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন কৰা হয় জ্যোতিপ্ৰসাদ আগৰৱালাৰ ৭০ সংখ্যক মৃত্যু দিৱস ৷ কলগাছিয়াৰ অগ্ৰণী স্বেচ্ছাসেৱী সংগঠন জ্যোতি-ৰাভা-নজৰুল সংঘৰ উদ্যোগত আৰু নতুন সাহিত্য পৰিষদ তথা কলগাছিয়া আদৰ্শ জাতীয় বিদ্যালয়ৰ সহযোগত উদযাপন কৰা হয় শিল্পী দিৱস ৷

কলগাছিয়াত বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন ৭০ সংখ্যক শিল্পী দিৱস

উল্লেখ্য যে, শিল্পী দিৱস অনুস্থানৰ পতাকা উত্তোলন কৰে সংঘটোৰ মূখ্য উপদেষ্টা মৌলনা আব্দুল হামিদে ৷ মহান শিল্পীগৰাকীৰ প্ৰতিচ্ছবিত নতুন সাহিত্য পৰিষদ কলগাছিয়া শাখাৰ সম্পাদক শ্বহিদুল ইছলামে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷ লগতে সমবেত সংগীত আৰু জ্যোতি সংগীত, নৃত্য আদিৰে সমগ্ৰ পৰিবেশ মূখৰিত হৈ পৰে ৷


লগতে পঢ়ক: হাফলঙত 72 সংখ্যক গণতন্ত্ৰ দিৱস উদযাপনৰ প্ৰস্তুতিক লৈ জিলা প্ৰশাসনৰ বিশেষ তৎপৰতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.