ETV Bharat / state

নাবালিকাক যৌন নিৰ্যাতন চলোৱাক লৈ উত্তপ্ত বৰপেটা

author img

By

Published : Aug 18, 2022, 12:58 PM IST

বানিয়াৰাপাৰাত ৫০ উৰ্দ্ধৰ লম্পটৰ বিৰুদ্ধে ৫ বছৰীয়া কন্যাক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ(5 years minor girl molestation in Barpeta) । সামাজিক মেলৰ জৰিয়তে ন্যায় দিয়াৰ কথা উল্লেখ কৰাৰ পাছতো মেল অনুষ্ঠিত নকৰাত ক্ষোভিত হৈ পৰে ৰাইজ ৷ ঘটনাস্থলীত বৰপেটা আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনীৰ লোক উপস্থিত হৈ অভিযুক্তক আটক কৰাৰ লগতে নিয়ন্ত্ৰণ কৰে পৰিস্থিতি ৷

Etv Bharat
Etv Bharat

জনীয়া, 18 আগষ্ট: বৰপেটা সদৰ আৰক্ষী থানাৰ অন্তৰ্গত বানিয়াৰাপাৰা গাঁৱত বুধবাৰে নিশা সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ ৷ সামাজিক ৰাইজমেলৰ জৰিয়তে ভুক্তভোগীক ন্যায় দিয়াৰ প্ৰতিশ্ৰুতি দিও গাঁৱৰ মুখিয়ালে ৰাইজমেল অনুষ্ঠিত নকৰাত ক্ষোভিত হৈ পৰে গাঁৱৰ লোক ৷ পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰাত ঘটনাস্থলীত বৰপেটা আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনীৰ লোক উপস্থিত হৈ লাঠি চাৰ্জ কৰি নিয়ন্ত্ৰণ কৰিবলগীয়া হয় ৷

নাবালিকাক যৌন নিৰ্যাতন চলোৱাক লৈ উত্তপ্ত বৰপেটা

উল্লেখ্য যে, বৰপেটা সদৰ আৰক্ষী থানাৰ অন্তৰ্গত বানিয়াৰাপাৰা গাঁৱত ১৫ আগষ্টত এটা ৫০ উৰ্ধৰ লম্পটে এগৰাকী ৫ বছৰীয়া কণমানি কন্যাক যৌন নিৰ্যাতন চলোৱা অভিযোগ উঠিছে(Rape case in Barpeta) ৷ দুলুৰ উদ্দিন নামৰ লম্পটটোৱে ঘৰত কোনো নথকাৰ সুযোগলৈ ওচৰৰে কণমানিটিৰ ঘৰত প্ৰৱেশ কৰি এই অপকৰ্মত লিপ্ত হোৱাৰ অভিযোগ কৰে পৰিয়ালৰ লোকে । পাছত কণমানিটিৰ পৰা পৰিয়ালৰ লোকে ঘটনাৰ বিষয়ে জানিব পাৰি গাঁৱৰ মুখিয়ালক অৱগত কৰে ৷

মুখিয়ালে ঘটনাৰ বিষয়ে জানিব পাৰি বুধবাৰে সন্ধিয়া সামাজিক মেলৰ জৰিয়তে ন্যায় দিয়াৰ কথা উল্লেখ কৰে ৷ কিন্তু বুধবাৰ সন্ধিয়া ভুক্তভোগী পৰিয়ালৰ লগতে গাঁৱৰ লোক সামাজিক মেলত উপস্থিত হোৱাৰ পাছতো মেল নোহোৱাত পৰিস্থিতি উত্তপ্ত হৈ পৰে ৷ উত্তেজিত ৰাইজে দুলুৰ উদ্দিনক তেওঁৰ নিজ গৃহতে আবদ্ধ কৰি ৰাখে যদিও কৌশলগতভাৱে দুলুৰ উদ্দিনে গৃহৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয় ।

দুলুৰ উদ্দিনৰ পলায়নৰ পিছতেই আৰু অধিক উত্তপ্ত হৈ পৰে পৰিস্থিতি । পৰৱৰ্তী সময়ত ঘটনাস্থলীত বৰপেটা আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনী উপস্থিত হৈ লাঠিচালনা কৰি পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে লম্পট দুলুৰ উদ্দিনক আটক কৰি থানালৈ লৈ যায় । উল্লেখ্য যে, ইয়াৰ পূৰ্বেই দুলুৰ উদ্দিনে এনে ধৰণৰ অসামাজিক কাণ্ড সংঘটিত কৰাৰ অভিযোগ কৰে স্থানীয় লোকে ৷ দুলুৰ উদ্দিনৰ বিৰুদ্ধে তদন্তমৰ্মে কঠোৰ শাস্তিৰ বিহাৰ দাবী জনাইছে স্থানীয় লোকে(Rapist arrested in Barpeta) ৷

লগতে পঢ়ক : ভগ্নীৰ বান্ধৱীক যৌন নিৰ্যাতন চলাই জেললৈ গ’ল গুৱাহাটীৰ চাহিল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.