ETV Bharat / state

Man Elephant Conflict : শালবাৰীত বন্যহস্তীয়ে তচনচ কৰিলে খেতি

author img

By

Published : Dec 9, 2021, 1:01 PM IST

waste-vegetable-crops-by-wild-elephants-at-baksa
শালবাৰীত বন্যহস্তীয়ে তচনচ কৰিলে খেতি

ৰাজ্যত অব্যাহত আছে হাতী-মানুহৰ সংঘাত(Man Elephant Conflict in Assam) ৷ বুধবাৰে বাক্সা জিলাৰ চুক্ৰুবাৰী অঞ্চলত বন্যহস্তীয়ে স্থানীয় কৃষকসকলৰ খেতিপথাৰত প্ৰৱেশ কৰি লণ্ড-ভণ্ড কৰে (Wild Elephant terror at Baksa) ৷ যাৰ বাবে এতিয়া বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে গাঁওবাসীয়ে ৷

বৰপেটাৰোড, 9 ডিচেম্বৰ : বাক্সা জিলাৰ শালবাৰী মহকুমাৰ অন্তৰ্গত চুক্ৰুবাৰীত অব্যাহত আছে হাতী-মানুহৰ সংঘাত(Man Elephant Conflict) । এতিয়া দিনে-নিশাই চুক্ৰুংবাৰী অঞ্চলত বন্যহস্তীয়ে চলাইছে উপদ্ৰৱ । অঞ্চলটোৰ ওচৰতে থকা মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা বনৰীয়া হাতীৰ জাকে প্ৰায়ে তহিলং কৰিছে খেতিপথাৰৰ শস্য(Crops waste by Wild Elephants at Baksa) ৷ যাৰ ফলত কৃষকসকলে মূৰে-কপালে হাত দিছে ।

শালবাৰীত বন্যহস্তীয়ে তচনচ কৰিলে খেতি

উল্লেখ্য় যে, বুধবাৰেও বন্যহস্তীৰ জাকটোৱে চুক্ৰুংবাৰী খেতিপথাৰত উপদ্ৰৱ চলাই বিলাহী, বেঙেনা, জলকীয়া, লেচেৰা আদি শাক-পাচলি তহিলং কৰা পৰিলক্ষিত হয় । ফলত লাখ লাখ টকা ঋণ লৈ কৰা খেতিৰ এই অৱস্থা দেখি কৃষকসকলৰ মূৰত সৰগ ভাগি পৰিছে ৷ শালমাৰী মহকুমাৰ এই অঞ্চলটোত প্ৰতিদিনে বনৰীয়া হাতীয়ে তাণ্ডৱ চলাই বহুলোকৰ খেতি নষ্ট কৰি আহিছে বুলি জানিব পৰা গৈছে । এই বনৰীয়া হাতীৰ উপদ্ৰৱৰ বাবে এতিয়া উজাগৰী নিশা কটাবলগীয়া হৈছে স্থানীয় ৰাইজে ।

ইফালে আতংকিত ৰাইজে বন্যহস্তীৰ উপদ্ৰৱৰ পৰা পৰিত্ৰাণ বিচাৰি বন বিভাগক কাকুতি-মিনতি কৰাৰ পাচতো কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উঠিছে ৷ ভুক্তভোগী কৃষকসকলে উপযুক্ত ক্ষতিপূৰণৰ দাবী জনাইছে ৷

লগতে পঢ়ক : গোলাঘাটৰ খুমটাইত বন্যহস্তীৰ উপদ্ৰৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.