ETV Bharat / state

BTC by election 2022 : বিটিচিৰ পৰিষদীয় সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰাৰ্থীৰ নাম ঘোষণা

author img

By

Published : May 23, 2022, 1:45 PM IST

8 জুনত অনুষ্ঠিত হ’বলগীয়া বিটিচিৰ পৰিষদীয় সমষ্টিৰ উপ নিৰ্বাচন(BTC by election 2022) ৰ প্ৰক্ষেপিত প্ৰাৰ্থীৰ নাম ঘোষণা ৷ প্ৰাক্তন এবছু নেতা মণ্টু বড়োক 22 নং কোকলাবাৰী পৰিষদীয় সমষ্টিৰ ইউপিপিএল মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰা হৈছে(Mantu Bodo declared as the candidate for BTC by election) ৷

uppl-announced-candidate-list-for-btc-by-election-2022
বিটিচিৰ পৰিষদীয় সমষ্টিৰ উপ-নিৰ্বাচন

বাক্সা, 23 মে’ : দেওবাৰে বিটিচিৰ 22 নং কোকলাবাৰী পৰিষদীয় সমষ্টিৰ উপ-নিৰ্বাচন(BTC by election 2022) ৰ বাবে ইউপিপিএল দলৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰা হ’ল ৷ সমষ্টিটোৰ পৰা মণ্টু বড়োক নিৰ্বাচনী প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰা হয়(Mantu Bodo declared as the candidate for BTC by election) ৷ দেওবাৰে মুছলপুৰত ইউপিপিএল, বিজেপি আৰু জিএছপি দলে যৌথভাৱে সম্বোধন কৰা সংবাদমেলৰ জৰিয়তে ঘোষণা কৰে প্ৰাৰ্থীগৰাকীৰ নাম ৷

uppl-announced-candidate-list-for-btc-by-election-2022
22 নং কোকলাবাৰী পৰিষদীয় সমষ্টিৰ ইউপিপিএল মিত্ৰজোঁটৰ প্ৰাৰ্থী মণ্টু বড়ো

এই সংবাদমেলত ইউপিপিএলৰ কাৰ্যকৰী সভাপতি তথা সাংসদ ৰণগৌৰা নাৰ্জাৰী, বিজেপিৰ মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব তথা নলবাৰী সমষ্টিৰ বিধায়ক জয়ন্ত মল্ল বৰুৱা আৰু জিএছপি দলৰ হৈ ঘনশ্যাম দাস উপস্থিত থাকে ৷

উল্লেখ্য যে, বিগত নিৰ্বাচনত সমষ্টিটোৰ পৰা বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে জিএছপি দলৰ প্ৰাৰ্থীক হৰুৱাই বিটিচি পৰিষদলৈ নিৰ্বাচিত হৈছিল ৷ শেহতীয়াভাৱে সমষ্টিটো প্ৰমোদ বড়োৱে এৰি দিয়াত নিৰ্বাচন আয়োগে উপ-নিৰ্বাচনৰ দিন ঘোষণা কৰে(Announced candidate list for BTC by election 2022) ৷

বিটিচিৰ পৰিষদীয় সমষ্টিৰ উপ-নিৰ্বাচন

সেই অনুসৰি দেওবাৰে 8 জুনত সমষ্টিটোত অনুষ্ঠিত হ’বলগীয়া উপ-নিৰ্বাচনৰ বাবে বিটিচিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে ইউপিপিএলৰ মণ্টু বড়োৰ নাম ঘোষণা(Mantu Bodo declared as the candidate for BTC by election) কৰে ৷

লগতে পঢ়ক : KAAC election 2022: এএছডিচিৰ ১৯ জনীয়া প্ৰাৰ্থীৰ তালিকা ঘোষণা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.