ETV Bharat / state

Book release event: বাক্সা জিলাৰ বৰমাত দুখনকৈ গ্ৰন্থ উন্মোচন

author img

By

Published : Oct 31, 2022, 1:18 PM IST

two book releases in baksa borma
বাক্সা বৰমাত দুখনকৈ গ্ৰন্থ উন্মোচন

বৰমা মহাবিদ্যালয়ত বৰমাৰ থুনলাই প্ৰকাশন গোষ্ঠীৰ উদ্যোগত অনুষ্ঠিত কৰা হয় এখনি গ্ৰন্থ উন্মোচনী সভাৰ । উক্ত অনুষ্ঠানত উন্মোচন কৰা হয় দুগৰাকী লেখিকাৰ দুখনকৈ গ্ৰন্থ(Book release program in Baksa) ।

বাক্সা,৩০ অক্টোবৰ: “সাহিত্য হৈছে সাগৰত কৈয়ো গভীৰ ৷ সাহিত্যক বুজিবলৈ হলে ইয়াৰ মাজত বুৰ যাব লাগিব ৷ সাহিত্যৰ নিৰ্দিষ্ট সীমা নায় ৷" বাক্সা জিলাৰ বৰমাত একেদিনাই দুগৰাকী লেখিকাৰ দুখনকৈ গ্ৰন্থ উন্মোচন কৰি এই মন্তব্য আগবঢ়াই কোকৰাঝাৰ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড৽ চুৰথ নাৰ্জাৰীয়ে(Book release program in Baksa) ।

বন্দনা বৰ্গয়াৰীৰ “দোংসে লামানী ফৰায়ছা“ আৰু মৌচুমী বৰ্গয়াৰীৰ “গোৰ্বোনি বিবুংথি“ গ্ৰন্থ দুখনি উন্মোচন কৰে এই বিশেষ অনুষ্ঠানত । মৌচুমী বৰ্গয়াৰীৰ “গোৰ্বোনি বিবুংথি“ উন্মোচন কৰে ড৽ নাৰ্জাৰীয়ে । তেওঁ লগতে কয় যে সৃষ্টিকৰ্তাই কবিতা, গল্প, সংস্কৃতিৰ সৃষ্টি কৰিছে ৷ আনহাতে দ্বিতীয়খন গ্ৰন্থ বন্দনা বৰ্গয়াৰীয়ে লিখা “দোংসে লামানী ফৰায়ছা“ উন্মোচন কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক অনিল বড়োৱে(Two book releases in Baksa Borma) ৷

বাক্সা বৰমাত দুখনকৈ গ্ৰন্থ উন্মোচন

উন্মোচনী ভাষণত অধ্যাপক অনিল বড়োৱে কয় যে পুথি অধ্যয়নে ব্যক্তিৰ জ্ঞান বঢ়ায় ৷ একো একোখন গ্ৰন্থই সমাজৰ প্ৰতিছবি প্ৰতিফলিত কৰায় ৷ উল্লেখ্য যে দেওবাৰে উন্মোচন কৰা দুখন গ্ৰন্থৰ লিখকদ্বয় প্ৰথম বড়ো সংগীতজ্ঞ জৌহোলাও নিলেশ্বৰ ব্ৰহ্মৰ নাতি বুলিও পৰিচিত ।

বৰমা মহাবিদ্যালয়ত বৰমাৰ থুনলাই প্ৰকাশন গোষ্ঠীয়ে আয়োজন কৰা গ্ৰন্থ উন্মোচনী সভাত বড়ো ৰানচাৰ বটাপ্ৰাপ্ত চৰৎ চন্দ্ৰ বড়ো, বাল্য সাহিত্য একাডেমি বঁটা প্ৰাপ্ত ডেওবাৰ ৰামছিয়াৰী, নলবাৰী জিলা বড়ো সাহিত্য সভাৰ উপ- সভাপতি বলেন চন্দ্ৰ বড়ো, বাক্সা জিলা বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি অতুল স্বৰ্গীয়াৰী, বৰমা মহাবিদ্যালয়ৰ অধ্যক্ষা গিতীমা পাটোৱাৰী, বৰমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ভাৰত তালুকদাৰৰ লগতে বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে ৷

লগতে পঢ়ক: Nalbari welcome gate inaugurated : নলবাৰীত মুকলি হ’ল আদৰণী তোৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.