Nalbari welcome gate inaugurated : নলবাৰীত মুকলি হ’ল আদৰণী তোৰণ

By

Published : Oct 31, 2022, 8:29 AM IST

Updated : Feb 3, 2023, 8:30 PM IST

thumbnail

নলবাৰীৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ গণেশ চ’কত দেওবাৰে মুকলি কৰা হ’ল নলবাৰীৰ ভিন্ন সভ্যতা, লোক সংস্কৃতিক প্ৰতিফলিত কৰা এখনি বিশাল আদৰণী তোৰণ (Nalbari welcome gate inaugurated)। তোৰণখন মুকলি কৰে নলবাৰী সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই (Welcome gate of Nalbari inaugurated by jayanta Malla Baruah) । উল্লেখ্য যে, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পৰিকল্পনাত ৰাজ্যৰ বিশিষ্ট কলা শিল্পী তথা নলবাৰীৰ এগৰাকী সু-সন্তান নুৰুদ্দিন আহমেদৰ নিৰ্দেশনাত তোৰণখনত খোদিত কৰা হৈছে নলবাৰীৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী হৰি মন্দিৰ, বিল্বেশ্বৰ মন্দিৰ, বড় মছজিদ তথা ঢুলীয়া, ওজাপালি, নাগাৰা নামকে ধৰি নলবাৰীৰ ভিন্ন সভ্যতা আৰু লোক-সংস্কৃতি । নলবাৰীৰ ঐতিহ্যমণ্ডিত ৰাস মহোৎসৱৰ পূৰ্বে এই বিশাল আদৰণি তোৰণখন মুকলি কৰি নলবাৰীৰ পৰিচয় দাঙি ধৰাত তোৰণখন বহুখিনি সহায়ক হ’ব বুলি মন্তব্য কৰে মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই ।

Last Updated : Feb 3, 2023, 8:30 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.