ETV Bharat / state

9 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Jul 3, 2022, 9:04 AM IST

9 বজাৰ শীৰ্ষ 10 টা বাতৰি

TOP 10 AT 9 AM
9 বজাৰ শীৰ্ষ 10 টা বাতৰি

President election: ৰাষ্ট্ৰপতি নিৰ্বাচনত দ্ৰৌপদীক সমৰ্থন জনাব এআইএডিএমকেয়ে

ৰাষ্ট্ৰপতি নিৰ্বাচনত এন ডি এৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মুক সমৰ্থন জনাব এআইএডিএমকেয়ে(AIADMK support to Presidential candidate Droupadi Murmu) ৷

RIP Kishor Das : চেন্নাইত কিশোৰ দাসৰ শেষকৃত্য সম্পন্ন

অৱশেষত চেন্নাইত সম্পন্ন হ’ল অভিনেতা কিশোৰ দাসৰ শেষকৃত্য (Actor Kishore Das cremated in Chennai)৷ অনুৰাগী আৰু শুভাকাংক্ষীয়ে অনলাইনযোগে অংশ ল’লে কিশোৰৰ শেষকৃত্য অনুষ্ঠানত (Tributes to Kishor Das) । মহানগৰীৰ কমাৰ্চ পইন্টত বন্তি প্ৰজ্বলন কৰি প্ৰিয় অভিনেতাজনক শেষবাৰলৈ সকলোৱে শ্ৰদ্ধা জনায় ৷ এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত ভাগ লয় অসম ৰাজ্যিক চলচিত্ৰ বিত্ত উন্নয়ন নিগমৰ অধ্যক্ষ সীমন্ত শেখৰকে ধৰি কেইবাগৰাকী শিল্পীয়ে ।

আমাক অসুবিধা কৰিলে বিজেপিকো দিল্লীৰ পৰা উৎখাত কৰিম : তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাও

তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৰ(Telangana Chief Minister) বিজেপিৰ প্ৰতি হুংকাৰ- ‘‘তেলেংগানাৰ পৰা তেলেংগানা ৰাষ্ট্ৰ সমিতিক উৎখাত কৰাৰ চেষ্টা নকৰিব ৷ তেনে কৰিলে দিল্লীৰ পৰাও বিজেপিক উৎখাত কৰিম ৷"

Cattle smuggling in Dhubri: গৌৰীপুৰত গ্ৰেপ্তাৰ গব্বৰ সিং

আৰক্ষীৰ জালত পৰিল কুখ্যাত গো মাফিয়া গব্বৰ সিং (Dhubri police arrested cattle smuggler Gabbar Singh)। গৌৰীপুৰ আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ হ’ল ছামছুল হক ওৰফে গব্বৰ সিং । ধৃত গো মাফিয়াটোৰ পৰা অধিক তথ্য উদ্ঘাটনৰ বাবে জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ।

জামাতুল মুজাহিদীনৰে জড়িত নহয় ইনামুল হক: সুধাকৰ সিং

জামাতুল মুজাহিদীন বাংলাদেশৰ(Jamaat ul Mujahideen Bangladesh)ৰ সৈতে জড়িত থকাৰ সন্দেহত শুকুৰবাৰে দিছপুৰ গেষ্ট হাউচৰ মেনেজাৰ হিচাপে কৰ্মৰত ইনামুল হকক আৰক্ষীয়ে আটক কৰি জেৰা চলাইছিল(JMB cadre arrested by Guwahati police) ।

Covid Infection : ৰাষ্ট্ৰীয় সংক্ৰমণ হাৰৰ তুলনাত বেছি অসমৰ দৈনিক সংক্ৰমণ

অসমত কোভিড সংক্ৰমণৰ হাৰে চেৰ পেলালে ৰাষ্ট্ৰীয় হাৰক (Covid infection rate of Assam higher than national level) । বিগত ২৪ ঘণ্টাত ৰাজ্যখনত সংক্ৰমণৰ হাৰ বৃদ্ধি পাই হ’ল ৭.৭৯ শতাংশ হৈছে । ৰাষ্ট্ৰীয় হাৰ ৪ শতাংশ । বিগত দহ দিনত অসমত কোভিডত আক্ৰান্ত হৈছে ৫২৮জন লোক । বানাক্রান্ত লোকসকলৰ আশ্রয় শিবিৰসমূহত কোভিডৰ সংক্ৰমণ আৰম্ভ হ’লে পৰিস্থিতি অধিক জটিল হৈ পৰাৰ সম্ভাৱনা ।

সমাজৰ কল্যাণ কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ UPLL : প্ৰমোদ বড়ো

ইউপিপিএল দল সমাজৰ কল্যাণ আৰু সৰ্বাংগীন উন্নয়নৰ বাবে কাম কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ ৷ ইউপিপিএল দলে অকলে লোকসভা নিৰ্বাচন খেলাৰ বাবেও প্ৰস্তুতি চলাই আছে ৷ শনিবাৰে আয়োজিত ইউপিপিএলৰ কাৰ্যনিৰ্বাহক সভাত এই মন্তব্য দলৰ সভাপতি তথা বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ (UPPL held Executive meeting in Kokrajhar)৷

বৰপেটাৰ উপায়ুক্তৰ ব্যক্তিগত সহায়কক শাস্তিমূলক বদলি

মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশৰ পাচত বৰপেটাৰ উপায়ুক্তৰ ব্যক্তিগত সহায়কক শাস্তিমূলক বদলি (PA to DC Barpeta) ৷ ব্যক্তিগত সহায়ক গীতাৰ্থ নন্দন দাসক ব্যক্তিগত সহায়ক আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ কনিষ্ঠ সহায়ক পদৰ পৰা বদলি কৰা হৈছে ৷ উপায়ুক্ত কাৰ্যালয়ৰ পৰিকল্পনা আৰু উন্নয়ন বিভাগলৈ বদলি গীতাৰ্থ নন্দন দাসক ৷

লণ্ডনৰ বজাৰ পালেগৈ খাৰুপেটীয়াৰ নেমু

এইবাৰ বিদেশলৈ ৰপ্তানি হ’ল দৰঙৰ নেমুটেঙা (Assam lemon export in London)। লণ্ডনৰ বজাৰত সমাদৃত এতিয়া খাৰুপেটীয়াৰ নেমুটেঙা । 1 বা 2 নহয়, প্ৰায় 40 কুইন্টল নেমুটেঙা ৰপ্তানি হ’ল লণ্ডনলৈ ৷ এই বাতৰিৰ ফলত স্বাভাৱিকতে কৃষকৰ মাজত এতিয়া বৃদ্ধি পাইছে উৎসাহ ৷

বানেধোৱা বিশ্বনাথ: বাঢ়নী পানীত উটি গ’ল ঘৰ-দুৱাৰ, কিতাপ-পত্ৰ

বিশ্বনাথত প্ৰলয়ংকাৰী বানে উটুৱাই নিলে বহুতৰ সপোনৰ ঘৰখন, সা-সম্পত্তি । বহু পৰিয়ালৰ আপোন ঘৰখন বাঢ়নী পানীয়ে উটুৱাই নিয়াৰ লগতে সকলো শেষ কৰি থৈ গ'ল প্ৰলয়ংকাৰী বাঢ়নী পানীয়ে (Flood in Biswanath)।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.