ETV Bharat / state

বৰপেটাৰ উপায়ুক্তৰ ব্যক্তিগত সহায়কক শাস্তিমূলক বদলি

author img

By

Published : Jul 2, 2022, 10:48 PM IST

মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশৰ পাচত বৰপেটাৰ উপায়ুক্তৰ ব্যক্তিগত সহায়কক শাস্তিমূলক বদলি (PA to DC Barpeta) ৷ ব্যক্তিগত সহায়ক গীতাৰ্থ নন্দন দাসক ব্যক্তিগত সহায়ক আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ কনিষ্ঠ সহায়ক পদৰ পৰা বদলি কৰা হৈছে ৷ উপায়ুক্ত কাৰ্যালয়ৰ পৰিকল্পনা আৰু উন্নয়ন বিভাগলৈ বদলি গীতাৰ্থ নন্দন দাসক ৷

PA of Barpeta district DC
বৰপেটাৰ উপায়ুক্তৰ ব্যক্তিগত সহায়কক শাস্তিমূলক বদলি

বৰপেটা, ২ জুলাই: মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশৰ পাচত বৰপেটাৰ উপায়ুক্তৰ ব্যক্তিগত সহায়কক(PA of Barpeta district DC) শাস্তিমূলক বদলি ৷ ব্যক্তিগত সহায়ক গীতাৰ্থ নন্দন দাসক ব্যক্তিগত সহায়ক আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ কনিষ্ঠ সহায়ক পদৰ পৰা বদলি কৰা হৈছে ৷ উপায়ুক্ত কাৰ্যালয়ৰ পৰিকল্পনা আৰু উন্নয়ন বিভাগলৈ বদলি গীতাৰ্থ নন্দন দাসক ৷

উপায়ুক্ত তেজ প্ৰসাদ ভূচালে এক নিৰ্দেশযোগে বদলি কৰে ব্যক্তিগত সহায়কগৰাকীক ৷ একে সময়তে ব্যক্তিগত সহায়ক পদৰ উপৰিও দুৰ্যোগ প্ৰশমন বিভাগৰ কনিষ্ঠ সহায়ক পদতো কাৰ্যনিবাহ কৰি আছিল গীতাৰ্থ নন্দন দাসে ৷ ২০১৫ চনৰ পৰা উপায়ুক্তৰ ব্যক্তিগত সহায়ক পদত কাৰ্যনিবাহ কৰি আছিল গীতাৰ্থ নন্দন দাসে ৷

PA of Barpeta district DC
বৰপেটাৰ উপায়ুক্তৰ ব্যক্তিগত সহায়কক শাস্তিমূলক বদলি

ইপিনে বান সাহায্যৰ নামত বিয়াগোম কেলেংকাৰী সংঘটিত হোৱা বুলি উত্থাপিত অভিযোগৰ ভিত্তিত একেটা নিৰ্দেশযোগে দুৰ্যোগ প্ৰশমন বিভাগৰ কনিষ্ঠ সহায়ক সুশীল বেককো উপায়ুক্ত কাৰ্যালয়ৰ আন এটা বিভাগলৈ বদলি কৰা হৈছে ৷

উল্লেখ্য যে কিছুদিন পূৰ্বে উপায়ুক্তসকলৰ সৈতে হোৱা ভিডিঅ' কনফাৰেন্সত(CM video conference with DC) মুখ্যমন্ত্ৰী় ড৹ হিমন্ত বিশ্ব শৰ্মাই বৰপেটাৰ উপায়ুক্তৰ ব্যক্তিগত সহায়কগৰাকীৰ মতে চলিলে বিপদত পৰিব বুলি কৈ বেয়াকৈ ককৰ্থনা কৰিছিল (Assam CM rebuke Barpeta DC) ৷

লগতে পঢ়ক: আমাক অসুবিধা কৰিলে বিজেপিকো দিল্লীৰ পৰা উৎখাত কৰিম : তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাও

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.