ETV Bharat / state

Cattle smuggling in Dhubri: গৌৰীপুৰত গ্ৰেপ্তাৰ গব্বৰ সিং

author img

By

Published : Jul 3, 2022, 8:07 AM IST

cattle smuggling in dhubri
Cattle smuggling in Dhubri: গৌৰীপুৰত গ্ৰেপ্তাৰ কুখ্যাত গো মাফিয়া

আৰক্ষীৰ জালত পৰিল কুখ্যাত গো মাফিয়া গব্বৰ সিং (Dhubri police arrested cattle smuggler Gabbar Singh)। গৌৰীপুৰ আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ হ’ল ছামছুল হক ওৰফে গব্বৰ সিং । ধৃত গো মাফিয়াটোৰ পৰা অধিক তথ্য উদ্ঘাটনৰ বাবে জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ।

ধুবুৰী, 3 জুলাই: ৰাজ্যত অব্যাহত আছে গো সৰবৰাহ চক্ৰ ৷ বিশেষকৈ বাংলাদেশৰ সীমান্ত অঞ্চলত ব্যাপক ৰূপত গঢ় লৈ উঠিছে গৰুৰ চোৰাং সৰবৰাহ ৷ অসম চৰকাৰে শেহতীয়াকৈ গো-সুৰক্ষা আইন 2021 (Cattle Preservation Act 2021) বলৱৎ কৰিছে যদিও এতিয়াও ফলপ্ৰসূ হৈ উঠা নাই এই আইন ৷ কিয়নো ৰাজ্য চৰকাৰে কঠোৰভাৱে আইন বলৱৎ কৰাৰ পিছতো ৰাজ্যত চিণ্ডিকেট চক্ৰই গৰুৰ চোৰাং সৰবৰাহ চলাই গৈছে ।

শনিবাৰে ধুবুৰীৰ গৌৰীপুৰ আৰক্ষীৰ জালত পৰিল কুখ্যাত গো মাফিয়া গব্বৰ সিং (Dhubri police arrested cattle smuggler Gabbar Singh)। দীৰ্ঘদিনে বাংলাদেশলৈ পশুধনৰ চোৰাং বেহা চলাই অহাৰ অভিযোগ আছিল ধৃত গব্বৰ সিঙৰ বিৰুদ্ধে । কেৱল পশুধনৰ চোৰাং বেহাই নহয়, আন বিভিন্ন চোৰাং আৰু অবৈধ কাৰবাৰৰ সৈতেও গব্বৰ সিং জড়িত থকাৰ তথ্য লাভ কৰে ধুবুৰী আৰক্ষীয়ে ।

উল্লেখ্য যে, গৰুৰ চোৰাং বেহাৰ সমান্তৰালকৈ গব্বৰ সিঙে আৰম্ভ কৰিছে গৰুৰ চৰ্বীৰ অবৈধ ব্যৱসায় । ধুবৰী জিলাৰ আৰক্ষী অধীক্ষক গৌৰৱ অভিজিৎ দিলীপে (Dhubri SP Gurav Abhijit Dilip) লাভ কৰা এক গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত গৌৰীপুৰ আৰক্ষীৰ এটা দলে গৌৰীপুৰৰ বালাজান অঞ্চলত অভিযান চলায় । অভিযান কালত ছামছুল হক ওৰফে গব্বৰ সিং নামৰ লোকজনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷

ছামছুল হক ওৰফে গব্বৰ সিঙৰ সৈতে চোৰাং কাৰবাৰত বৃহৎ নেটৱৰ্কৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে । সম্প্ৰতি ধুবুৰী আৰক্ষীয়ে অধিক তথ্য উদঘাটনৰ বাবে জেৰা অব্যাহত ৰাখিছে ছামছুল হক ওৰফে গব্বৰ সিঙক ।

আনহাতে গব্বৰ সিঙৰ সা-সম্পত্তিৰ তদন্ত কৰি গো সুৰক্ষা আইনৰ আধাৰত অবৈধভাৱে কৰা সা সম্পত্তি জব্দ কৰা হ’ব বুলি জানিবলৈ দিয়ে আৰক্ষী অধীক্ষক গৌৰৱ অভিজিৎ দিলীপে ৷ লগতে গো মাফিয়াৰ বিৰুদ্ধে ধুবুৰী আৰক্ষীৰ অভিযান অব্যাহত থাকিব বুলিও উল্লেখ কৰে জিলা আৰক্ষী অধীক্ষকগৰাকীয়ে ।

লগতে পঢ়ক: বাংলাদেশলৈ সৰবৰাহৰ সময়তে জব্দ 7 টাকৈ গৰু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.