ETV Bharat / state

1 বজাৰ 10 টা শীৰ্ষ বাতৰি

author img

By

Published : Dec 27, 2022, 1:01 PM IST

TOP 10 AT 1 PM
1 বজাৰ 10 টা শীৰ্ষ বাতৰি

1 বজাৰ 10 টা শীৰ্ষ বাতৰি

Reliance Game Changer: ৰিলায়েন্সৰ 5 কোটিৰ বিশ্বজনীন স্বাস্থ্য বীমা আঁচনি

ৰিলায়েন্স জেনেৰেল ইঞ্চুৰেন্সৰ নতুন বছৰৰ উপহাৰ । যিহেতু সকলোৱে স্বাস্থ্য আৰু বিত্তীয় সুৰক্ষা বিচাৰে । তাৰ পৰিপ্ৰেক্ষিততে ৰিলায়েন্স জেনেৰেল ইঞ্চুৰেন্সে আগবঢ়াইছে এক বিশ্বজনীন অফাৰ । একাধিক লাভালাভেৰে সমগ্ৰ বিশ্বতে বৈধ ৫ কোটি টকাৰ নতুন স্বাস্থ্য বীমা আঁচনি আনিছে ৰিলায়েন্স জেনেৰেল ইঞ্চুৰেন্সে (5 Cr globally valid health cover from Reliance) । আনহাতে, কোৱাণ্ট আৰু এছবিআই মিউচুৱেল ফাণ্ডে বিপদাশংকামুক্ত আঁচনি উলিয়াইছে, যিয়ে চৰকাৰী চিকিউৰিটিত বিনিয়োগ কৰে আৰু সৰ্বাধিক বিত্তীয় সুৰক্ষা নিশ্চিত কৰে ।

CBI arrests Videocon chairman: ভিডিঅ’কনৰ অধ্যক্ষক গ্ৰেপ্তাৰ চিবিআইৰ

জালিয়াতিৰ অভিযোগত গ্ৰেপ্তাৰ ভিডিঅ’কনৰ অধ্যক্ষ ভেনুগোপাল ধূটক (CBI arrests Videocon chairman)৷ চিবিআয়ে আইচিআইচিআই বেংকৰ প্ৰাক্ত চি ই অ’ তথা এম ডি চন্দা কোছাৰ আৰু তেওঁৰ স্বামী দীপক কোছাৰক গ্ৰেপ্তাৰ কৰাৰ দুদিন পিচতেই ভেনুগোপালকো (Videocon chairman Venugopal Dhoot) গ্ৰেপ্তাৰ কৰে ৷

Snow cover at Moran: বছৰৰ শেষৰটো সপ্তাহত মৰাণবাসী সাক্ষী হ’ল তুষাৰৰ আচ্ছাদনৰ

মৰাণত মঙলবাৰে পুৱাই অস্বাভাৱিক পৰিৱেশ । নৱবৰ্ষৰ প্ৰাক ক্ষণত মঙলবাৰে পুৱতি নিশাৰ পৰা হোৱা শিলা বৃষ্টিৰ ফলত তুষাৰ শুভ্ৰ আচ্ছাদনে আৱৰি ধৰিছে মৰাণ অঞ্চলক (Snow cover at Moran) ৷ কাহানিও নেদেখা এই অস্বাভাৱিক পৰিৱেশ দেখি এতিয়া চিন্তিত হৈ পৰিছে মৰাণবাসী ।

Mock drill on covid preparedness: দেশজুৰি ক’ভিডৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে স্বাস্থ্য বিভাগৰ ম’ক ড্ৰিল

ক’ভিডৰ পুনৰ প্ৰাদুৰ্ভাৱ ঘটাৰ পৰিপ্ৰেক্ষিতত আগতীয়াকৈ সাজু হৈছে দেশৰ স্বাস্থ্য মন্ত্ৰণালয় ৷ মঙলবাৰে সমগ্ৰ দেশৰ কেইবাখনো চিকিৎসালয়ত ক’ভিড সম্পৰ্কীয় এক ম’ক ড্ৰিল অনুষ্ঠিত কৰা হয় (Mock drill on covid preparedness) ৷ কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মনসুখ মান্দাভিয়াৰ প্ৰত্যক্ষ তদাৰকীত অনুষ্ঠিত হয় এই ম’ক ড্ৰিল ৷

Leopard tranquilized in Chatai: ট্ৰেংকুলাইজ কৰা হ’ল চটাইত ত্ৰাস সৃষ্টি কৰা বাঘটোক

বন বিভাগৰ অহৰহ প্ৰচেষ্টাৰ অন্তত ট্ৰেংকুলাইজ কৰা হ’ল যোৰহাট জিলাৰ চটাইত ত্ৰাস চলোৱা নাহৰফুটুকীটোক (leopard tranquilized at Chatai) । কাজিৰঙাৰ পৰা অহা বিশেষ দলে ট্ৰেংকুলাইজ কৰে বাঘটোক (Tiger menace at Chatai) ৷ ১৭ জন কৈ লোকক আক্ৰমণ কৰিছিল বাঘটোৱে ৷ বাঘটো ইতিমধ্য বন বিভাগে চমজি লৈছে আৰু পৰৱৰ্তীকালত পৰীক্ষা-নিৰীক্ষা কৰি সিদ্ধান্ত গ্ৰহণ কৰিব বুলি জানিবলৈ দিছে (Many injured in tiger attack)।

Old age home employee attack case : স্বত্বাধিকাৰীৰ প্ৰহাৰত আহত বৃদ্ধাশ্ৰমৰ দুই মহিলা কৰ্মচাৰী

গুৱাহাটী মহানগৰীৰ মাজমজিয়াত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা । মা কামাখ্যা নামৰ এখন বৃদ্ধাশ্ৰমৰ স্বত্বাধিকাৰীৰ প্ৰহাৰত আহত হৈছে দুগৰাকী যুৱতী (Old age home owner attack employee in Guwahati) ৷ বৃদ্ধাশ্ৰমখনৰ কৰ্মচাৰী যুৱতী দুগৰাকী । তিনি বছৰ ধৰি বৃদ্ধাশ্ৰমত কৰ্মৰত হৈ আছে যুৱতী দুগৰাকী ।

Protest against rubber industry: গোৱালপাৰাস্থিত ৰবৰ উদ্যোগৰ পৰা নিৰ্গত দুৰ্গন্ধ ৰোধৰ দাবীত প্ৰতিবাদ

গোৱালপাৰা মৰনৈত ৰবৰ উদ্যোগৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ (Protest against rubber industry)। ৰবৰ উদ্যোগে সৃষ্টি কৰা প্ৰদূষণ বন্ধ কৰাৰ দাবীত গ্ৰহণ কৰে এই প্ৰতিবাদী কাৰ্যসূচী । প্ৰতিবাদকাৰীসকলে মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰি প্ৰেৰণ কৰিলে এখনি স্মাৰক পত্ৰও ৷

Appeal for a piece of land: ধুবুৰীৰ অৰ্ধ শতাধিক দৰিদ্ৰ ভূমিহীন পৰিয়ালৰ বিননি

ধুবুৰী চহৰৰ বান্দৰপাৰৰ অৰ্ধ শতাধিক ভূমিহীন পৰিয়ালৰ বিননি শুনিব কোনে ? পাঁচ দশক ধৰি চৰকাৰী বঞ্চনাৰ বলি হৈ আহিছে এই পৰিয়াল সমূহ (landless families in Dhubri town) ৷ এটুকুৰা মাটি দিবৰ বাবে চৰকাৰলৈ হাত যোৰ কৰি আহ্বান এইসকল অসহায় লোকৰ ৷

Alia Bhatt Yoga: প্ৰসৱৰ ডেৰ মাহৰ পিছতে আলিয়াই কৰা এৰিয়েল যোগাসন এগৰাকী নতুন মাতৃৰ বাবে ফলপ্ৰসূ নে ?

আকাশী বা এৰিয়েল যোগাসন কৰি থকাৰ সময়তে ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে বলীউডৰ অভিনেত্ৰী তথা নতুন মাতৃ আলিয়া ভাটে । নতুন মাতৃ হিচাপে আলিয়াৰ দৰে এনেকৈ যোগাসন কৰাটো এগৰাকী নতুন মাতৃৰ বাবে উচিত নে অনুচিত, এই প্ৰতিবেদনৰ জৰিয়তে জানি লওক...

Barpeta acid attack : সৰ্থেবাৰীত এচিড আক্ৰমণৰ বলি কিশোৰী, অভিযুক্তক গ্ৰেপ্তাৰ

ৰাজ্যত পুনৰ এচিড আক্ৰমণৰ ঘটনা । এইবাৰে বৰপেটা জিলাৰ সৰ্থেবাৰীত কিশোৰীক এচিড আক্ৰমণ এজন যুৱকৰ (Barpeta acid attack case)। প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখান কৰাই বিপদ হ'ল কিশোৰীগৰাকীৰ । অভিযুক্ত যুৱকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে মাজদিয়া আৰক্ষীয়ে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.