Barpeta acid attack : সৰ্থেবাৰীত এচিড আক্ৰমণৰ বলি কিশোৰী, অভিযুক্তক গ্ৰেপ্তাৰ

author img

By

Published : Dec 27, 2022, 11:05 AM IST

Barpeta acid attack
সৰ্থেবাৰীৰ এচিড আক্ৰমণৰ ঘটনাৰ অভিযুক্তক গ্ৰেপ্তাৰ ()

ৰাজ্যত পুনৰ এচিড আক্ৰমণৰ ঘটনা । এইবাৰে বৰপেটা জিলাৰ সৰ্থেবাৰীত কিশোৰীক এচিড আক্ৰমণ এজন যুৱকৰ (Barpeta acid attack case)। প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখান কৰাই বিপদ হ'ল কিশোৰীগৰাকীৰ । অভিযুক্ত যুৱকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে মাজদিয়া আৰক্ষীয়ে ।

সৰ্থেবাৰীত এচিড আক্ৰমণৰ বলি কিশোৰী

বৰপেটা, ২৭ ডিচেম্বৰ : বৰপেটাৰ সৰ্থেবাৰীত চাঞ্চল্যকৰ ঘটনা । সৰ্থেবাৰী থানাৰ অন্তৰ্গত গৰেমাৰীত এগৰাকী কিশোৰীক এচিড আক্ৰমণ (Acid attack incident in Sarthebari)। দেওবাৰে নিশা সংঘটিত হয় এই ঘটনা । প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখান কৰাৰ বাবেই কিশোৰীগৰাকী এচিড আক্ৰমণৰ বলি হ'বলগা হয় । অভিযুক্ত আক্ৰমণকাৰীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে (Sarthebari acid attack case accused arrested)।

জানিব পৰা মতে গাদেশালীপাম গাঁৱৰ এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰীক এচিড আক্ৰমণ কৰে এজন যুৱকে । দেওবাৰে নিশা মাজদিয়া হাইস্কুল খেলপথাৰত চলি আছিল এক সাংস্কৃতিক কাৰ্যসূচী । সেই কাৰ্যসূচী উপভোগ কৰি ঘৰলৈ উভতি অহাৰ সময়তে লম্পট যুৱকজনে গাদেশালীপাম গাঁৱৰ কিশোৰী গৰাকীক এচিড আক্ৰমণ কৰে (An acid attack on a teenage girl)। লগে লগে কিশোৰীগৰাকীৰ পৰিয়াল আৰু স্থানীয় কেইজনমান যুৱকে কিশোৰীগৰাকীক চেঙা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰায় ।

কিশোৰীগৰাকীৰ আঘাত গুৰুতৰ হোৱাত চিকিৎসকে উন্নত চিকিৎসাৰ বাবে বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে । জানিব পৰা মতে কিশোৰীগৰাকীৰ অৱস্থা অতি সংকটজনক হৈ আছে । ইফালে পৰিয়ালৰ লোকে অভিযোগ কৰা মতে কঠালভূৰি গাঁৱৰ মেহেৰ আলী এই ঘটনাত জড়িত আছে । প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখান কৰাৰ বাবেই মেহেৰ আলীয়ে কিশোৰীগৰাকীক লক্ষ্য কৰি এচিড নিক্ষেপ কৰে বুলি অভিযোগ কৰিছে পৰিয়ালে ।

মেহেৰ আলীৰ বিৰুদ্ধে ভুক্তভোগী কিশোৰীগৰাকীৰ পৰিয়ালে এজাহাৰো দাখিল কৰিছে । পৰিয়ালটোৰ অভিযোগৰ ভিত্তিত ইতিমধ্যে মাজদিয়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মৃদুল বৰাৰ তৎপৰতাত আৰক্ষীয়ে আটক কৰিছে এচিড আক্ৰমণকাৰী মেহেৰ আলীক (Accused of acid attack arrested)। সম্প্ৰতি এই ঘটনাক লৈ এতিয়া সমগ্ৰ অঞ্চলটোত তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে । আক্ৰমণকাৰীক কঠোৰ শাস্তি প্ৰদানৰো দাবী জনাইছে ভুক্তভোগী পৰিয়ালটোৱ ।

লক্ষণীয়ভাৱে শেহতীয়াকৈ ৰাজ্যত কেইবাটাও এই ধৰণৰ ঘটনা সংঘটিত হৈছে । প্ৰাপ্ত খবৰ অনুসৰি দেওবাৰে শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিতো অনুৰূপ ঘটনা সংঘটিত হৈছে । এখন চাহ বাগিচাত সংঘটিত হয় এই ঘটনা ৷ ব্যৱসায়ী এজনে এগৰাকী যুৱতীৰ গালৈ নিক্ষেপ কৰে এচিড (A girl becomes victim of acid attack)।

এই ঘটনাত গুৰুতৰভাৱে আহত হয় যুৱতীগৰাকী । আঘাতপ্ৰাপ্ত যুৱতীগৰাকীক তেজপুৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় (Acid attack incident in Assam)৷ ৰাক্ষসমাৰীৰ বাসু কৰ নামৰ এজন ব্যৱসায়ীয়ে এচিড নিক্ষেপ কৰাৰ তথ্য পোহৰলৈ অহাৰ পাছতে আৰক্ষী অভিযুক্তজনক গ্ৰেপ্তাৰ কৰিছে । সম্প্ৰতি ৰাজ্যখনত এই ধৰণৰ অপৰাধ বৃদ্ধি পোৱাত এতিয়া শংকিত হৈ পৰিছে ৰাজ্যবাসী ।

লগতে পঢ়ক :Dhekiajuli Acid attack: ৰাক্ষসমাৰীত চুবুৰীয়া বিবাহিত পুৰুষে যুৱতীৰ গাত ঢালিলে এচিড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.