ETV Bharat / state

1 বজাৰ 10 টা শীৰ্ষ বাতৰি

author img

By

Published : Dec 19, 2022, 1:00 PM IST

TOP 10 at 1 PM
1 বজাৰ 10 টা শীৰ্ষ বাতৰি

1 বজাৰ 10 টা শীৰ্ষ বাতৰি

Section 144 imposed at Batadrava: বটদ্ৰৱাৰ বৃহৎ ভূমিত পুৱাৰে পৰা প্ৰশাসনৰ উচ্ছেদ অভিযান

বটদ্ৰৱাৰ বিভিন্ন এলেকাৰ প্ৰায় এহেজাৰ বিঘা ভূমি বেদখলমুক্ত কৰাৰ উদ্দেশ্যে প্ৰশাসনে আজি পুৱাৰে পৰা আৰম্ভ কৰিছে উচ্ছেদ অভিযান ৷ উচ্ছেদ কাৰ্য সুচাৰুৰূপে চলাবলৈ বটদ্ৰৱাত জাৰি কৰা হৈছে 144 ধাৰা (Section 144 implemented at Batadrava) ৷ বটদ্ৰৱা চৰকাৰী বীজ পাম, হাইডুবি, ভোমোৰাগুৰি গ্ৰেজিং ৰিজাৰ্ভ, জামাই বস্তি, ৰামপুৰ, কদমণিকে আদি কৰি হেজাৰ হেজাৰ ভূমিত বেদখল চলি আছিল ।

FIFA World Cup 2022 : মেছিৰ আন এক অভিলেখ !

বিশ্বকাপৰ নকআউট পৰ্যায়ৰ সকলো খেলতে গ'ল কৰা মেছি প্ৰথমগৰাকী খেলুৱৈ (Messi only player to score in each knockout game)। ফ্ৰান্সৰ বিৰুদ্ধে ফাইনেলত প্ৰথমটো গ'ল কৰাৰ লগে লগে এই অভিলেখৰ গৰাকী হ'ল মেছি । বিশ্বকাপৰ ইতিহাসত আটাইতকৈ বেছি খেল খেলা ফুটবলাৰ হিচাপে ইতিহাস ৰচনা কৰিলে মেছিয়ে ।

APCC leader may join BJP: থৰক-বৰক প্ৰদেশ কংগ্ৰেছ, কোনে কোনে মেলিছে গেৰুৱা হোৱাৰ মন ?

পুনৰ খহনীয়া হোৱাৰ দিশে আগবাঢ়িছে অসম প্ৰদেশ কংগ্ৰেছ ৷ উজনীৰ দুগৰাকী কংগ্ৰেছ নেত্ৰী শীঘ্ৰেই বিজেপিলৈ যাব বুলি চলিছে সৰৱ চৰ্চা ৷ যাৰ বাবে বিজেপিৰ শীৰ্ষ নেতৃত্বৰে চলিছে সঘন যোগাযোগ ৷

Road Accident: কুঁৱলীৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথত তিনিটাকৈ দুৰ্ঘটনা প্ৰায় 45 খন বাহন ক্ষতিগ্ৰস্ত

ৰাষ্ট্ৰীয় ঘাইপথত মৰণফান্দত পৰিণত হৈছে ঘন কুঁৱলী ৷ কুঁৱলীৰ বাবে হাৰিয়ানাৰ ৰাষ্ট্ৰীয় ঘাইপথত তিনি ঠাইত একেদিনাই তিনিটাকৈ ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় (Road Accident due to fog)৷ প্ৰথমটো দুৰ্ঘটনাত প্ৰায় 30 খন বাহন আৰু দ্বিতীয়টো দুৰ্ঘটনাত প্ৰায় 12 খন বাহন দুৰ্ঘটনাত পতিত হয় ৷

Telangana Cong infighting: কংগ্ৰেছত অন্তঃদ্বন্দ, 13 সদস্যৰ পদত্যাগ

তেলেংগানা প্ৰদেশ কংগ্ৰেছত আন্তঃদলীয় বিবাদৰ ভয়ংকৰ ৰূপ ৷ দলটোৰ পৰা পদত্যাগ 13 জন সদস্যৰ(13 PCC members quit post) ৷ পদত্যাগী সদস্যৰ তালিকাত আছে বৰ্তমান আৰু প্ৰাক্তন বিধায়কৰো নাম ৷

Apiculture farming at west bengal: অসমত মৌ পালনেৰে স্বাৱলম্বী পশ্চিমবংগৰ মৌ-পালক

কৰ্ম সংস্থাপন বিচাৰি ৰাজ্যৰ একাংশ যুৱক-যুৱতীয়ে হাহাকাৰ কৰাৰ সময়তে পশ্চিমবংগৰ একাংশ কৃষকে দেখুুৱাইছে স্বাৱলম্বিতাৰ এক অনন্য নিদৰ্শন । পশ্চিমবংগৰ পৰা মৌ পালকে আহি অসমত সংগ্ৰহ কৰিছে মৌ(Apiculture farming at West bengal) ।

PM Modi in Meghalaya: উত্তৰ-পূৱত এতিয়া AFSPA ৰ প্ৰয়োজন নাই: প্ৰধানমন্ত্ৰী

"যোৱা ৮ বছৰত কেইবাটাও উগ্ৰপন্থী সংগঠনে হিংসাৰ পথ এৰি শান্তিৰ পথ অনুসৰণ কৰিছে (Numerous NE rebel groups came to peace talks) । ৰাজ্য চৰকাৰসমূহৰ সমন্বয়ত উত্তৰ-পূৰ্বাঞ্চলত ধাৰাবাহিকভাৱে পৰিস্থিতিৰ উন্নতি ঘটিছে ৷ যাৰ বাবে আফছপাৰ (AFSPA) এতিয়া কোনো প্ৰয়োজন নাই (AFSPA in NE India)৷" দেওবাৰে শ্বিলঙত এইদৰে ক’লে প্ৰধানমন্ত্ৰী মোদীয়ে ৷

Shraddha like murder case: শ্ৰদ্ধা হত্যাকাণ্ডৰ পুনৰাবৃত্তি এইবাৰ ঝাৰখণ্ডত

শ্ৰদ্ধা হত্যাকাণ্ডৰ দৰে অনুৰূপ ঘটনা সংঘটিত হৈছে ঝাৰখণ্ডত ৷ স্বামীয়ে পত্নীক হত্যা কৰি মৃতদেহ 18 টুকুৰা কৰি পেলাই থৈছিল এটা অংগনৱাড়ী কেন্দ্ৰৰ সন্মুখত ৷ আৰক্ষীয়ে ইতিমধ্যেই গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত স্বামী তথা পৰিয়ালবৰ্গক ৷

Emergency: সংসদ চৌহদত শ্বুটিঙৰ অনুমতি বিচাৰিলে কংগনা ৰানাৱটে

সংসদ চৌহদৰ ভিতৰতে নিজৰ ছবি 'ইমাৰ্জেঞ্চি' ৰ শ্বুটিঙৰ বাবে লোকসভা সচিবালয়ৰ পৰা অনুমতি বিচাৰিছে অভিনেত্ৰী কংগনা ৰানাৱটে । দেওবাৰে এই তথ্য প্ৰদান কৰিছে সূত্ৰই । সূত্ৰই জনোৱা মতে, কংগনা ৰানাৱটৰ আবেদনখন বিবেচনাধীন হৈ আছে যদিও অনুমতি পোৱাৰ কোনো সম্ভাৱনা নাই ।

Arrested robbers gang : তিনিচুকীয়া আৰক্ষীৰ জালত পৰিল ১০ জনীয়া ডকাইতৰ দল

তিনিচুকীয়া জিলাখনত কিছুদিন ধৰি বৃদ্ধি পাবলৈ ধৰিছে চুৰি, ডকাইতিৰ দৰে ঘটনাসমূহ (Crime increases in Tinsukia) ৷ ইয়াৰ মাজতে তিনিচুকীয়া আৰক্ষীয়ে মাকুম আৰক্ষীৰ সহযোগত শনিবাৰে লাভ কৰে এক বৃহৎ সাফল্য । তিনিচুকীয়াৰ উপ-আৰক্ষী অধীক্ষক হিৰণ্য কুমাৰ বৰাই জানিব দিয়া অনুসৰি, মাকুম হাপজানৰ এটা বাসগৃহত ডকাইতি কৰিবলৈ পৰিকল্পনা প্ৰস্তুত কৰিছিল তিনিচুকীয়া জিলাৰ বিভিন্ন প্ৰান্তৰ দহজন যুৱকৰ এটা বৃহৎ দলে ৷ কিন্তু দহ যুৱকৰ দলটোৰ পৰিকল্পনা আৰক্ষীয়ে আগতীয়াকৈ লাভ কৰিছিল ৷ ফলত আৰক্ষীৰ তৎপৰতাত শনিবাৰে আটক কৰিবলৈ সক্ষম হয় অভিযুক্ত দহ যুৱকক (Tinsukia police arrested robbers gang)৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.