ETV Bharat / state

APCC leader may join BJP: থৰক-বৰক প্ৰদেশ কংগ্ৰেছ, কোনে কোনে মেলিছে গেৰুৱা হোৱাৰ মন ?

author img

By

Published : Dec 18, 2022, 9:49 PM IST

পুনৰ খহনীয়া হোৱাৰ দিশে আগবাঢ়িছে অসম প্ৰদেশ কংগ্ৰেছ ৷ উজনীৰ দুগৰাকী কংগ্ৰেছ নেত্ৰী শীঘ্ৰেই বিজেপিলৈ যাব বুলি চলিছে সৰৱ চৰ্চা ৷ যাৰ বাবে বিজেপিৰ শীৰ্ষ নেতৃত্বৰে চলিছে সঘন যোগাযোগ ৷

APCC leader may join BJP
থৰক-বৰক প্ৰদেশ কংগ্ৰেছ, কোনে কোনে মেলিছে গেৰুৱা হোৱাৰ মন?

গুৱাহাটী, 18 ডিচেম্বৰ: দেশজুৰি আৰম্ভ হোৱা কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাৰ(Bharat Jodo Yatra) অসমতো সামৰণি পৰিল ৷ কিন্তু ভাৰত জোড়ো যাত্ৰা শেষ হোৱাৰ পিছতে যেন অসম প্ৰদেশ কংগ্ৰেছত এতিয়া আৰম্ভ হৈছে কংগ্ৰেছ ছোড়ো যাত্ৰা ৷ উল্লেখ্য যে, অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ(APCC President Bhupen Bora) বিৰুদ্ধে ইতিমধ্যে দলৰ ভিতৰতে আৰম্ভ হৈছে অনাস্থা ৷ তাৰ সমান্তৰালভাৱে আভ্যন্তৰীণ কন্দল(Internal conflict in Assam Congress) আৰু দলীয় নেতাৰ মাজৰ কেৱল ক্ষমতাকেন্দ্ৰিক যুঁজৰ বাবে একপ্ৰকাৰৰ বিধস্ত হোৱাৰ দিশে আগবাঢ়িছে অসম প্ৰদেশ কংগ্ৰেছ(APCC) ৷

ইতিমধ্যে ভূপেন বৰাৰ বিৰুদ্ধে বহু নেতা-কৰ্মীয়ে প্ৰকাশ কৰিছে মুকলি বিষোদগাৰ ৷ কিন্তু এতিয়া ৰাজ্যৰ ৰাজনীতিত সৰৱ চৰ্চা চলিছে যে, শীঘ্ৰেই কংগ্ৰেছ ত্যাগ কৰি গেৰুৱা হ’ব কংগ্ৰেছৰ উজনিৰ দুগৰাকী মহিলা নেত্ৰী ৷ হয়তো অতি শীঘ্ৰেই গেৰুৱা বসন পৰিধান কৰিব দুয়োগৰাকী কংগ্ৰেছ নেত্ৰীয়ে ৷

হয়, কগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাৰ অন্ত পৰাৰ পিছতে এতিয়া যেন আৰম্ভ হৈছে কংগ্ৰেছ ছোড়ো যাত্ৰাৰ কুচকাৱাজ ৷ চৰ্চালৈ আহিছে কংগ্ৰেছৰ দুগৰাকী মহিলা নেত্ৰী অংকিতা দত্ত আৰু বিস্মিতা গগৈৰ নাম ৷ অৰ্থাৎ পুনৰ অসম কংগ্ৰেছত খহনীয়া হোৱাৰ কথা এক প্ৰকাৰ নিশ্চিত বুলিয়েই আশংকা ব্যক্ত কৰিছে ৰাজনৈতিক বিশ্লেষকসকলে(Political analyst) ৷

খুমটাই সমষ্টি কংগ্ৰেছশূন্য কৰি সমষ্টিটোৰ প্ৰাক্তন বিধায়িকা বিস্মিতা গগৈক(Bismita Gogoi) আদৰি ল’বলৈ সাজু হৈছে বিজেপিৰ এটা মহল ৷ বিজেপিত(Assam BJP) যোগদান কৰিলেই কংগ্ৰেছৰ দখলত থকা কলিয়াবৰ সমষ্টিৰ প্ৰাৰ্থী হিচাপে বিস্মিতা গগৈক প্ৰক্ষেপ কৰাৰ সম্ভাৱনা বৰ্তমান প্ৰকট হৈ পৰিছে ৷ যি কথাকলৈ এতিয়া ৰাজ্যৰ ৰাজনীতিত চলিছে ব্যাপক চৰ্চা ৷

বিস্মিতা গগৈৰ সমান্তৰালভাৱে চৰ্চালৈ আহিছে অংকিতা দত্তৰ নামো(Ankita Dutta) ৷ উল্লেখ্য যে, মাত্ৰ কেইদিনমান পূৰ্বে অসম প্ৰদেশ কংগ্ৰেছে অংকিতা দত্তক অপসাৰণ কৰিছিল যুৱ কংগ্ৰেছৰ সভানেত্ৰী পদৰ পৰা ৷ তাৰ পিছতেই সহস্ৰাধিক যুৱ কংগ্ৰেছীক লৈ দলত্যাগৰ ভাবুকি দিছিল অংকিতা দত্তই ৷ তেনে প্ৰেক্ষাপটত চৰ্চালৈ আহিছে যে, অংকিতা দত্তইয়ো গেৰুৱা হোৱাৰ মন মেলিছে ৷ যাৰ বাবে বিজেপিৰ শীৰ্ষ নেতৃত্বৰে সঘন যোগাযোগ চলিছে অংকিতা দত্তৰ ৷

ইফালে, জানিব পৰা মতে, খুমটাইৰ বিজেপি বিধায়ক মৃণাল শ‍ইকীয়াৰ(MLA Mrinal Saikia) তীব্ৰ বিৰোধিতাৰ বাবে বিস্মিতা গগৈৰ গেৰুৱা শিবিৰত যোগদান সম্ভৱ হৈ উঠা নাই । লগতে চৰ্চা চলিছে যে, বিধায়ক মৃণাল শইকীয়াক 2024ৰ লোকসভা নিৰ্বাচনত(Lok Sabha Election 2024) কলিয়াবৰ সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰি বিস্মিতা গগৈক খুমটাই সমষ্টিৰ বিধায়ক কৰাৰ ৰণকৌশল ৰচনা কৰিছে বিজেপিয়ে ৷ কিন্তু সেই সিদ্ধান্তৰ বিৰোধিতা কৰিছে মৃণাল শইকীয়াই ৷ যাৰ বাবে বিস্মিতা গগৈৰ বিজেপিত যোগদান সম্ভৱ হৈ উঠা নাই ৷ তাৰ মাজতে, বিস্মিতা গগৈক আদৰি ল’বলৈ সাজু হৈছে বিজেপিৰ এটা মহল ৷

স্মৰ্তব্য যে, ৰাজ্যিক বিজেপিৰ কাৰ্যালয় মুকলি আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ(Amit Shah) জনসভাৰ সময়তে প্ৰাক্তন কংগ্ৰেছী বিধায়িকাগৰাকীৰ উপৰিও পৱন সিং ঘাটোৱাৰৰ পুত্ৰ প্ৰাঞ্জল ঘাটোৱাৰৰ(Pranjal Ghatowar) বিজেপি যোগদানৰ সম্ভাৱনাৰ বিষয়টো বিশেষভাৱে চৰ্চিত হৈছিল ।

কিন্তু সেই সময়ত বিজেপি বিধায়ক বিনোদ হাজৰিকা(MLA Binod Hazarika) আৰু চক্ৰধৰ গগৈয়ে(MLA Chakradhar Gogoi) তীব্ৰ বিৰোধিতা কৰাৰ বাবে সেয়া সম্ভৱ হৈ নুঠিল । ইফালে আমগুৰি বিধানসভা সমষ্টিটো অগপৰ দখলত থকা বাবে অংকিতা দত্তৰ বিজেপিত যোগদানৰ চৰ্চাক লৈ সমষ্টিটোৰ গেৰুৱা শিবিৰৰ পৰা বিশেষ বিৰোধিতা বা প্ৰতিক্ৰিয়া পৰিলক্ষিত হোৱা নাই । অৱশ্যে ২০২৪ৰ লোকসভা নিৰ্বাচনত লাভ-লোকচানৰ সমীকৰণ কৰিহে কংগ্ৰেছৰ নেতা বা নেত্ৰীক বিজেপিয়ে আদৰি লোৱাত গুৰুত্ব দিব বুলি জানিব পৰা গৈছে । অৱশ্যে বিষয়টো এতিয়াও চৰ্চাৰ মাজতে আছে যদিও সকলো নিৰ্ভৰ কৰিব ৰাজনৈতিক সমীকৰণৰ ওপৰত ।

কিন্তু এটা কথা অতি স্পষ্ট যে, কংগ্ৰেছত শীঘ্ৰেই আৰম্ভ হ’ব খহনীয়া ৷ সভাপতি ভূপেন বৰাৰ নেতৃত্বত আজিলৈকে জয়ৰ মুখেই দেখা নাই অসম কংগ্ৰেছে ৷ তাৰ মাজতে ভূপেন বৰাৰ একপক্ষীয় সিদ্ধান্তকলৈও নাৰাজ বহু কংগ্ৰেছী ৷ সেয়েহে, আশংকা কৰা হৈছে যে, ভাৰত জোড়ো যাত্ৰা শেষ হোৱাৰ পিছতে যেন অসম প্ৰদেশ কংগ্ৰেছত এতিয়া আৰম্ভ হ’বলৈ গৈছে কংগ্ৰেছ ছোড়ো যাত্ৰা ৷

লগতে পঢ়ক: Advantage Assam: ঔদ্যোগিক পৰিৱেশ গঢ়াত চূড়ান্তভাৱে ব্যৰ্থ হৈছে বিজেপি চৰকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.