Advantage Assam: ঔদ্যোগিক পৰিৱেশ গঢ়াত চূড়ান্তভাৱে ব্যৰ্থ হৈছে বিজেপি চৰকাৰ

author img

By

Published : Dec 18, 2022, 4:30 PM IST

Advantage Assam

সংস্থাপন বিচাৰি বহিঃৰাজ্যলৈ গৈছে লাখ লাখ যুৱক-যুৱতী (youth went abroad in search of employment) । পানীত পৰিল ‘এডভান্টেজ আছাম’ৰ নামত ব্যয় কৰা ৰাজকোষৰ কোটি কোটি টকা । চৰকাৰী পৰিকল্পনাৰ অভাৱতে গঠন নহ'ল সম্পদভিত্তিক উদ্যোগ । ঔদ্যোগিক পৰিমণ্ডল গঢ়াত ব্যৰ্থতাৰ বাবেই সংস্থাপন বিচাৰি বহিঃৰাজ্যলৈ গৈছে লাখ লাখ যুৱক-যুৱতী । ৰাজ্যিক উদ্ভাৱন আৰু ৰূপান্তৰ আয়োগৰ (State Innovation and Transformation Commission) প্রতিবেদনত উন্মোচিত ৰাজ্যৰ নিবনুৱাৰ সংস্থাপন আৰু ঔদ্যোগিক বিকাশৰ প্ৰকৃত স্বৰূপ ।

গুৱাহাটী, 18 ডিচেম্বৰ: নিবনুৱাৰ সংস্থাপন (Employment of the unemployed in Assam) আৰু ঔদ্যোগিক বিকাশৰ প্ৰতিশ্ৰুতিৰে ক্ষমতালৈ অহা বিজেপি চৰকাৰে এই দুয়োটা দিশতে চূড়ান্ত ব্যর্থ হোৱাৰ অভিযোগ উত্থাপিত হৈছে । কেৱল সেয়াই নহয় ঔদ্যোগিক বিকাশৰ (Industrial Development in Assam) নামত ৰাজকোষৰ কোটি কোটি টকা ব্যয় কৰি ‘‘এডভান্টেজ আছাম’’ আদি বিয়াগোম অনুষ্ঠানৰ (Advantage Assam programme) আয়োজন কৰাৰ লগতে ৰাজ্যৰ মন্ত্ৰীসকলক দেশৰ বিভিন্ন ৰাজ্যৰ লগতে বিদেশলৈ প্ৰেৰণ কৰাৰ পিচতো ৰাজ্য চৰকাৰখনে ঔদ্যোগিক ক্ষেত্ৰত নিয়োগৰ সুবিধা সৃষ্টি কৰিবলৈ সক্ষম নহ'ল ।

অর্থাৎ ৰাজকোষৰ এই ধন একপ্ৰকাৰ পানীত পৰিল । চৰকাৰী তথ্যতে ৰাজ্যৰ বিকাশৰ প্ৰকৃত স্বৰূপটো পোহৰলৈ আহিছে । ৰাজ্যিক উদ্ভাৱন আৰু ৰূপান্তৰ আয়োগে (State Innovation and Transformation Commission) চৰকাৰৰ ওচৰত দাখিল কৰা প্রতিবেদনত এই কথা স্পষ্টভাৱে উল্লেখ কৰা হৈছে । লগতে কোৱা হৈছে যে, ১৯৯৭ চনৰ পৰাই ৰাজ্যত ঔদ্যোগিক ৰাজসাহায্য আৰু ৰেহাই বাহাল থকাৰ পিচতো ঔদ্যোগিক বিকাশৰ জৰিয়তে চৰকাৰে সংস্থাপনৰ পথ মুকলি কৰাত শোচনীয়ভাৱে ব্যৰ্থ হৈছে ।

অর্থাৎ উদ্যোগ খণ্ডৰ বিকাশৰ (Development of the industrial sector) নামত ৰাজকোষৰ ধন ব্যয় কৰি চৰকাৰে ইমান দিনে শূন্যতে গদা ঘূৰালে ।

প্ৰতিবেদনত কোৱা হৈছে যে, ৰাজ্যখনত নিজা সম্পদসমূহৰ উপযুক্ত ব্যৱহাৰৰ জৰিয়তে নিয়োগৰ সুযোগ-সুবিধা বৃদ্ধিৰ থল থকা সত্বেও ৰাজ্য চৰকাৰ এইক্ষেত্ৰত সফল হোৱা নাই আৰু চৰকাৰৰ অমনোযোগিতা পৰিলক্ষিত হৈছে । ইয়াৰ মূলতে হৈছে ৰাজ্যখনত সঠিক পৰিকল্পনাৰ অভাৱ । সম্পদ ভিত্তিত কর্মক্ষেত্র সৃষ্টি কৰিব নোৱৰা আৰু অৰ্থনীতিৰ প্ৰশ্নত চৰকাৰৰ দুৰ্বল স্থিতিৰ বাবেই ৰাজ্যখনৰ পৰা বহিঃৰাজ্যলৈ নিবনুৱা যুৱক-যুৱতীৰ সোঁত বৈছে (Influx of unemployed youth abroad)।

লগতে পঢ়ক : Assam Agri-Horti Show 2022: খানাপাৰাত আৰম্ভ হ'ল সপ্তম অসম আন্তৰ্জাতিক কৃষি উদ্যানশস্য মেলা

উল্লেখ্য যে, বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ প্ৰথমটো কাৰ্যকালত বিশ্ব বিনিয়োগ সন্মিলন (World Investment Conference) তথা এডভান্টেজ আছাম পাতি ৰাজ্যখনৰ ঔদ্যোগিক খণ্ডলৈ বৈপ্লৱিক পৰিবৰ্তন অনাৰ শ্ল'গান দিয়াৰ উপৰি হাজাৰ হাজাৰ কোটি টকা বিনিয়োগ হ'ব বুলি ঘোষণা কৰা হৈছিল । কিন্তু বাস্তৱত একো নহ'ল । বিধানসভাৰ মজিয়াত উদ্যোগ আৰু বাণিজ্য বিভাগৰ তৰফৰ পৰা দাখিল কৰা তথ্যতে এই কথা উন্মোচিত হৈছিল যে, বিগত পাঁচ বছৰীয়া কাৰ্যকালত ৰাজ্যখনত এটাও উদ্যোগ স্থাপন হোৱাৰ উদাহৰণ নাই ।

শেহতীয়াকৈ 'চিটা'ৰ প্ৰতিবেদনতো এই কথা উন্মোচিত হৈ পৰিল যে ৰাজ্যখনৰ ঔদ্যোগিক খণ্ডত পর্যাপ্ত নিয়োগৰ সুযোগ-সুবিধা সৃষ্টি কৰাত চৰকাৰ ব্যৰ্থ হৈছে আৰু তাৰ বিপৰীতে চৰকাৰী চাকৰি-বাকৰিৰ নামত ঢাক-ঢোল বজাই আছে । বান ক্ষতিগ্রস্ত বা বালিয়ে পুতি পেলোৱা খেতি পথাৰসমূহত বিকল্প উৎপাদনমূলক ব্যৱস্থাৰ কথা চৰকাৰে বিচাৰ-বিবেচনা নকৰাক লৈয়ো প্রতিবেদনখনত প্ৰশ্নৰ অৱতাৰণা কৰা হৈছে । ফলত পেটৰ ভাতমুঠি বিচাৰি বহিঃৰাজ্যলৈ গমন কৰিছে লাখ লাখ অসমীয়া যুৱক ।

উল্লেখ্য যে, বিকল্প সংস্থাপনৰ অভাৱৰ বাবেই বান ক্ষতিগ্রস্ত জিলাসমূহৰ পৰা তামিলনাডু, কেৰালা, গুজৰাট, কৰ্ণাটক, দিল্লী, মহাৰাষ্ট্ৰ আদি ৰাজ্যলৈ নিবনুৱাসকল ঢাপলি মেলিছে । প্রতিবেদন অনুসৰি অসমৰ পৰা যোৱাসকলে বহিঃৰাজ্যত বৃহৎ অংকৰ মজুৰি লাভ কৰা বুলিবও নোৱাৰি । মাহিলি তেওঁলোকৰ মজুৰি ৬,৫০০ টকাৰ পৰা সৰ্বাধিক ১৫,৭০৭ টকা ।

তথ্য মতে, ধেমাজিৰ ২৭.৩ শতাংশ, লখিমপুৰৰ ২৯.৩ শতাংশ, মাজুলীৰ ৩.১ শতাংশ, শিৱসাগৰৰ ১০.৮ শতাংশ, মৰিগাঁৱৰ ১১.৩ শতাংশ, ধুবুৰীৰ ৩৬.৪ শতাংশ, গোৱালপাৰাৰ ১৪ শতাংশ আৰু বঙাইগাঁৱৰ পৰা ২০.৪ শতাংশ লোক কৰ্মৰ সন্ধানত বহিঃৰাজ্যলৈ গৈছে । ইয়াৰ পৰা সহজতে অনুমান কৰিব পাৰি যে নিবনুৱাৰ সংস্থাপন আৰু ঔদ্যোগিক বিকাশৰ ক্ষেত্রত বিজেপি চৰকাৰ চূড়ান্তভাৱে ব্যৰ্থ হৈছে ।

লগতে পঢ়ক: Constituency Delimitation : অসমত কিয় বন্ধ আছিল সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.