ETV Bharat / bharat

Road Accident: কুঁৱলীৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথত তিনিটাকৈ দুৰ্ঘটনা প্ৰায় 45 খন বাহন ক্ষতিগ্ৰস্ত

author img

By

Published : Dec 19, 2022, 11:38 AM IST

Updated : Dec 19, 2022, 1:22 PM IST

ৰাষ্ট্ৰীয় ঘাইপথত মৰণফান্দত পৰিণত হৈছে ঘন কুঁৱলী ৷ কুঁৱলীৰ বাবে হাৰিয়ানাৰ ৰাষ্ট্ৰীয় ঘাইপথত তিনি ঠাইত একেদিনাই তিনিটাকৈ ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় (Road Accident due to fog)৷ প্ৰথমটো দুৰ্ঘটনাত প্ৰায় 30 খন বাহন আৰু দ্বিতীয়টো দুৰ্ঘটনাত প্ৰায় 12 খন বাহন দুৰ্ঘটনাত পতিত হয় ৷

25 to 30 vehicles accident Karnal National Highway due to fog
25 ৰ পৰা 30 খন বাহন দুৰ্ঘটনাগ্ৰস্ত

নেশ্যনেল ডেস্ক, 19 ডিচেম্বৰ: কুঁৱলীৰ বাবে হাৰিয়ানাৰ ৰাষ্ট্ৰীয় ঘাইপথত তিনি ঠাইত একেদিনাই তিনিটাকৈ ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় (Road Accident due to fog)৷ হাৰিয়ানা জিলাৰ মধুবন, কুটেল আৰু বস্তাৰা টোলৰ সমীপৱৰ্তী 44 নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে (Accident on Karnal National Highway 44)৷ প্ৰথমটো দুৰ্ঘটনাত ঘাইপথেৰে গৈ থকা প্ৰায় 25 খনৰ পৰা 30 খন বাহন ইখনে সিখনৰ সৈতে সংঘৰ্ষ হৈ দুৰ্ঘটনাত পতিত হয় (25 to 30 vehicle accident)৷

এই দুৰ্ঘটনাত এজন ট্ৰলী চালকৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে ৷ ইয়াৰোপৰি কেইবাজনো লোক গুৰুতৰভাৱে আহত হৈছে ৷ এই ঘটনাৰ খবৰ লাভ কৰাৰ লগে লগে স্থানীয় আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ আহতসকলক হাস্পতালত ভৰ্তি কৰে ৷

ঘটনাৰ বিৱৰণী অনুসৰি দেওবাৰে পুৱা কুটেল অভাৰব্ৰীজৰ ওপৰত কৰ্ণালৰ পৰা অহা এখন কংক্ৰিট ভৰ্তি ট্ৰাকে ভাৰসাম্য হেৰুৱায়(road accident in Karnal national highway)৷ ফলত ট্ৰাকচালকজনে নিয়ন্ত্ৰণ ৰাখিব নোৱাৰাত ট্ৰাকখন ওলোটাকৈ বাগৰি পৰে ৷ লগে লগে ট্ৰাকখনৰ পিছফালে আহি থকা এখন ট্ৰেক্টৰ ট্ৰলীয়ে নিজকে বচাবলৈ গৈ ৰাস্তাটো কাটোতেই পিছফালৰ পৰা অহা এটা কেণ্টাৰে ট্ৰলীখনত খুন্দা মাৰি দিয়ে ৷ কেণ্টাৰৰ খুন্দাত ট্ৰলী এখনৰ হুকটো ভাঙি যোৱাত ৰাজপথত ওলোটা হৈ পৰে ৷ ইয়াৰ পিচতেই পিছে পিছে আহি থকা এখন এখনকৈ প্ৰায় কেইবাখনো বাহনৰ সংঘৰ্ষ হয় ৷

এই দুৰ্ঘটনাৰ পিছতেই ৰাষ্ট্ৰীয় ঘাইপথটোত ভয়ংকৰ যান-জঁটৰ সৃষ্টি হয় ৷ এই ঘটনাৰ খবৰ পোৱাৰ পিছতে আৰক্ষীসহ ডায়েল 112 জৰুৰীকালীন সেৱাৰ লোক ঘটনাস্থলীত উপস্থিত হয় ৷ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ দুৰ্ঘটনাগ্ৰস্ত বাহনসমূহ ঠিক কৰিবলৈ প্ৰয়াস কৰে যদিও এই অভিযানত ডায়েল 112 ৰ কেইবাগৰাকী কৰ্মচাৰী গাড়ীৰ খুন্দাত আহত হয় ৷ আৰক্ষীয়ে উপস্থিত লোকৰ সহায়েৰে ট্ৰলীখনত আৱদ্ধ হৈ থকা চালকজনক উদ্ধাৰ কৰে ৷ এই দুৰ্ঘটনাটোৰ সময়ত আহতসকলৰ চিঞৰ দূৰ-দূৰণিৰ পৰা শুনা গৈছিল ৷ সম্প্ৰতি আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ৷

দ্বিতীয়টো পথ দুৰ্ঘটনা: একেদিনাই দ্বিতীয় দুৰ্ঘটনাটো হাৰিয়ানাৰ মধুবনৰ ওচৰত সংঘটিত হৈছে (2nd road accident in Haryana) ৷ এই দুৰ্ঘটনাত প্ৰায় 10 ৰ পৰা 12 খন বাহন দুৰ্ঘটনাত পতিত হৈছিল ৷ এই ঘটনাত কেইবাগৰাকীও লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ৷ আহতসকলক আৰক্ষীয়ে এম্বুলেন্সৰ সহায়ত নিকটৱৰ্তী চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ লগতে আহতসকলৰ পৰিয়ালক খবৰ দিয়ে ৷

তৃতীয়টো পথ দুৰ্ঘটনা: একে সময়তে তৃতীয় দুৰ্ঘটনা হাৰিয়ানা ৰোডৱেজৰ দুখন বাছ দুৰ্ঘটনাগ্ৰস্ত হয় (Bus Accident in Haryana) ৷ য'ত ভালেকেইজন যাত্ৰী আহত হোৱাৰ খবৰ পোৱা গৈছে (Passengers injured in road accident)।

লগতে পঢ়ক: Emergency: সংসদ চৌহদত শ্বুটিঙৰ অনুমতি বিচাৰিলে কংগনা ৰানাৱটে

Last Updated : Dec 19, 2022, 1:22 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.