ETV Bharat / bharat

Emergency: সংসদ চৌহদত শ্বুটিঙৰ অনুমতি বিচাৰিলে কংগনা ৰানাৱটে

author img

By

Published : Dec 18, 2022, 8:04 PM IST

Kangana Ranaut seeks nod to shoot Emergency inside Parliament premises likely to be disallowed
সংসদ চৌহদত ‘Emergency’ৰ শ্বুটিঙৰ অনুমতি বিচাৰিলে অভিনেত্ৰী কংগনা ৰানাৱটে

সংসদ চৌহদৰ ভিতৰতে নিজৰ ছবি 'ইমাৰ্জেঞ্চি' ৰ শ্বুটিঙৰ বাবে লোকসভা সচিবালয়ৰ পৰা অনুমতি বিচাৰিছে অভিনেত্ৰী কংগনা ৰানাৱটে । দেওবাৰে এই তথ্য প্ৰদান কৰিছে সূত্ৰই । সূত্ৰই জনোৱা মতে, কংগনা ৰানাৱটৰ আবেদনখন বিবেচনাধীন হৈ আছে যদিও অনুমতি পোৱাৰ কোনো সম্ভাৱনা নাই ।

চিটাৰা ডেস্ক, 18 ডিচেম্বৰ: সংসদ চৌহদৰ ভিতৰতে নিজৰ ছবি ‘ইমাৰ্জেঞ্চি'ৰ শ্বুটিঙৰ বাবে লোকসভা সচিবালয়ৰ পৰা অনুমতি বিচাৰিছে অভিনেত্ৰী কংগনা ৰানাৱটে(Kanagana Ranaut Parliament filming) । দেওবাৰে এই তথ্য প্ৰদান কৰিছে সূত্ৰই । সূত্ৰই জনোৱা মতে, ৰানাৱটৰ আবেদনখন বিবেচনাধীন হৈ আছে যদিও অনুমতি পোৱাৰ কোনো সম্ভাৱনা নাই(Kangana Ranaut Emergency movie) ।

তেওঁ কয় যে, লোকসভা সচিবালয়লৈ লিখা এখন পত্ৰত ৰানাৱটে তেওঁক সংসদ চৌহদৰ ভিতৰত জৰুৰীকালীন অৱস্থাৰ আধাৰত এখন ছবিৰ শ্বুটিং কৰিবলৈ অনুমতি দিবলৈ অনুৰোধ জনাইছে । সাধাৰণতে সংসদ চৌহদৰ ভিতৰত শ্বুটিং বা ভিডিঅ’ নিৰ্মাণ কৰিবলৈ অনুমতি দিয়া নহয় ।

সূত্ৰই জনোৱা মতে, যদি কোনো চৰকাৰী বা চৰকাৰী কামৰ বাবে শ্বুটিং কৰা হৈছে তেন্তে সেয়া বেলেগ কথা । তেওঁ কয় যে, মূলতঃ চৰকাৰী সম্প্ৰচাৰক, দূৰদৰ্শন আৰু সংসদ টিভিক সংসদৰ ভিতৰতে অনুষ্ঠানৰ শ্বুটিঙৰ অনুমতি দিয়া হয় (Kangana upcoming movies) ।

সূত্ৰই জনোৱা মতে, সংসদ চৌহদৰ ভিতৰত ব্যক্তিগত কামৰ শ্বুটিং কৰিবলৈ কোনো ব্যক্তিগত দলক অনুমতি দিয়াৰ কোনো উদাহৰণ নাই । চলিত বৰ্ষৰ জুন মাহৰ পৰা আৰম্ভ হৈছিল ‘ইমাৰ্জেঞ্চি'ৰ শ্বুটিং । ছবিখনৰ পৰিচালনা কৰিছে ৰানাৱটে । ইয়াৰ উপৰিও তেওঁ নিজে ছবিখনৰ লেখিকা আৰু প্ৰযোজক (Kangana Ranaut seeks nod to shoot Emergency) ।

১৯৭৫ চনত দেশত ইমাৰ্জেঞ্চি' জাপি দিয়া এই ছবিখনত প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ চৰিত্ৰতো অভিনয় কৰিছে কংগনাই । ৰানাৱটে এক বিবৃতিত কৈছিল, "জৰুৰীকালীন অৱস্থা ভাৰতীয় ৰাজনৈতিক ইতিহাসৰ অন্যতম গুৰুত্বপূৰ্ণ সময়, যিয়ে আমি ক্ষমতাৰ প্ৰতি চোৱাৰ ধৰণ সলনি কৰি দিলে আৰু সেয়েহে মই এই কাহিনী ৰাইজৰ মাজত লৈ যোৱাৰ সিদ্ধান্ত লৈছো ।"

উল্লেখ্য যে, ১৯৭৫ চনৰ ২৫ জুনৰ পৰা ১৯৭৭ চনৰ ২১ মাৰ্চলৈকে দেশত জৰুৰীকালীন অৱস্থা বলবৎ আছিল । ২১ মাহৰ এই সময়চোৱাত জনসাধাৰণৰ মৌলিক অধিকাৰৰ ওপৰত বাধা আৰোপ কৰা হৈছিল । ১৯৪৭ চনত ভাৰতৰ স্বাধীনতাৰ পিছত জৰুৰীকালীন অৱস্থাৰ পিছত অনুষ্ঠিত লোকসভা নিৰ্বাচনত কংগ্ৰেছে প্ৰথমবাৰৰ বাবে পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল ।

লগতে পঢ়ক: Rashmika Mandanna: নিজকে কেনেদৰে ফিট ৰাখে পুষ্পাৰ শ্ৰীৱল্লী ৰশ্মিকা মান্দানাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.