ETV Bharat / state

Baksa protest: সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ ক্ষুদ্ধ বাক্সাৰ ১৪ খন গাঁৱৰ ৰাইজৰ গণতান্ত্ৰিক আন্দোলন

author img

By ETV Bharat Assamese Team

Published : Sep 7, 2023, 5:21 PM IST

Baksa protest
তীব্ৰ গণতান্ত্ৰিক আন্দোলন

বাক্সা জিলাৰ অন্তৰ্গত সুৱনখাটা আৰু জোপাদং অঞ্চলৰ ৰাইজ ওলাই আহিছে তীব্ৰ গণতান্ত্ৰিক আন্দোলন কৰিবলৈ ৷ ১৪ খন গাঁৱৰ ৰাইজে অসন্তুষ্ট হৈ কৰিছে প্ৰতিবাদী সমদল ৷ লোকসভা-বিধানসভা-বিটিচি প্ৰতিটো নিৰ্বাচনতে ভোট বৰ্জনৰ হুংকাৰ ৷

তীব্ৰ গণতান্ত্ৰিক আন্দোলন

বাক্সা, ৭ ছেপ্টেম্বৰ : সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ এতিয়াও ঠায়ে ঠায়ে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি আছে সাধাৰণ জনতাই ৷ সমষ্টি পুনৰ নিৰ্ধাৰণ আৰু নতুন জিলা গঠনক ৰাজ্যৰ বহু জনতাই এতিয়াও মানি লোৱা নাই ৷ শেহতীয়াকৈ তামুলপুৰ জিলা গঠনৰ পিচত প্ৰতিবাদ মুখৰ হৈ পৰিছে বাক্সাৰ সুৱনখাটা, জোপাদোং ভিচিডিচিৰ ১৪ খন ৰাজহ গাঁৱৰ ৰাইজ । বৃহস্পতিবাৰে সুৱনখাটাত ১৪ খন ৰাজহ গাঁৱৰ কেইবা শতাধিক পুৰুষ-মহিলাই একগোট হৈ প্ৰতিবাদী সমদল উলিয়াই ৷ তেওঁলোকৰ দাবী হ’ল যে যিকোনো কাৰণত তেওঁলোকক যাতে তামুলপুৰ জিলাত অন্তৰ্ভুক্ত নকৰে ৷

দৰাচলতে বাক্সা জিলাত সংলগ্ন হৈ থকা সুৱনখাটা-জোপাদোঙৰ ১৪ খন ৰাজহ গাঁৱক নৱগঠিত তামুলপুৰ জিলাত অন্তৰ্ভূক্ত কৰি ৰাজনৈতিকভাৱে তামুলপুৰ বিধানসভা সমষ্টিত অন্তৰ্ভুক্ত কৰে । যাৰ কাৰণে এই অঞ্চলৰ জনসাধাৰণে এই ১৪ খন গাঁৱক বিবেচনা কৰি বাক্সা জিলাত ৰখাৰ কাৰণে দাবী উত্থাপন কৰি মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰিছে । কিন্তু ৰাইজৰ দাবীৰ প্ৰতি চৰকাৰে সঁহাৰি নজনোৱাত বৃহস্পতিবাৰে প্ৰতিবাদী সমদল কাৰ্যসূচী ৰূপায়ণ কৰে ।

শিক্ষা, স্বাস্থ্য আৰু যাতায়তৰ ক্ষেত্ৰত কোনোফালে তামুলপুৰৰ লগত সুবিধাজনক নহয় বুলি মন্তব্য কৰে প্ৰতিবাদকাৰী জনতাই । ৰাজনৈতিকভাৱে তামুলপুৰ বিধানসভা সমষ্টিত অন্তৰ্ভুক্ত কৰিলেও জিলা হিচাপে তেওঁলোকক বাক্সা জিলাতে ৰখাৰ কাৰণে দাবী জনায় । তেওঁলোকৰ দাবী মানি নল’লে অনাগত দিনত ভোটবৰ্জনৰ উপৰিও তীব্ৰ গণতান্ত্ৰিক আন্দোলন কৰিব বুলি হুংকাৰ দিয়ে । আজিৰ প্ৰতিবাদী কাৰ্যসূচীত সুৱনখাটা এবছু, গোৰ্খা ছাত্ৰসন্থা, আদিবাসী ছাত্ৰসন্থা, চান্তালী আদি সংগঠনেও অংশগ্ৰহণ কৰিছে ৷

লগতে পঢ়ক : Protest at Baksa : সুৱনখাটা ভিচিডিচি কাৰ্যালয় প্ৰাংগনত ৰাইজৰ অনশন কাৰ্যসূচী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.