ETV Bharat / state

গৌজন পথাৰত আৰম্ভ হ’ল ৬১ সংখ্যক বড়ো সাহিত্য সভাৰ অধিবেশন

author img

By

Published : May 2, 2022, 8:31 PM IST

সোমবাৰৰ পৰা তামুলপুৰত আৰম্ভ হৈছে বড়ো সাহিত্য সভাৰ 61 সংখ্যক অধিৱেশন (Bodo Sahitya Sabha at Tamulpur) ৷ এই অধিৱেশনৰ শেষৰ দিনা মুকলি সভাত দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ উপস্থিত থাকিব (President Ram Nath Kovind to attend Bodo Sahitya Sabha) ৷

president-ram-nath-kovind-to-attend-bodo-sahitya-sabha-in-tamulpur-on-may-2
তামুলপুৰত ৬১ সংখ্যক বড়ো সাহিত্য সভাৰ কাৰ্যসূচী আৰম্ভ

বাক্সা, 2 মে’: সোমবাৰৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে বড়ো সাহিত্য সভাৰ 61 সংখ্যক অধিৱেশন (61st session of Bodo Sahitya Sabha at Tamulpur) ৷ তামুলপুৰৰ গৌজন পথাৰত আৰম্ভ হৈছে এই অধিৱেশন ৷ অধিৱেশনৰ দিনা পুৱা আদৰণি সমিতিৰ সভাপতি ধৰ্ম নাৰায়ণ দাসে ৰঙা ফিটা কাটি অধিৱেশনৰ মূল তোৰণ মুকলি কৰে ৷

ইয়াৰ পাছতে বৃক্ষৰোপন, অতিথিশালাকে ধৰি বিভিন্ন কাৰ্যালয় দ্বাৰ পৰ্যায়ক্ৰমে উদ্বোধন কৰা হয় ৷ উল্লেখ্য যে, ৰাজ্যৰ উপৰিও বাংলাদেশ, ত্ৰিপুৰা আৰু নেপালৰ পৰা প্ৰতিনিধি আৰু অতিথিয়ে এই অধিবেশনত অংশগ্ৰহণ কৰিব ।

তামুলপুৰত ৬১ সংখ্যক বড়ো সাহিত্য সভাৰ কাৰ্যসূচী আৰম্ভ

ইয়াৰোপৰি অহা 4 মে'ৰ মুকলি সভাত দেশৰ ৰাষ্ট্ৰপতি (President Ram Nath Kovind to attend Bodo Sahitya Sabh) আৰু তিনিখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে অংশগ্ৰহণ কৰিব অধিৱেশনত ।

ইতিমধ্যে ৰাষ্ট্ৰপতিৰ আগমনক লৈ অভ্যৰ্থনা সমিতিয়ে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে ৷ ইফালে তামুলপুৰত এক উদুলি মুদুলি পৰিৱেশে বিৰাজ কৰিছে ৷ প্ৰতিকুল বতৰকো নেওচি অভ্যৰ্থনা সমিতিয়ে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে ৷

লগতে পঢ়ক : প্ৰাক্তন মন্ত্ৰী ৰামেশ্বৰ ধানোৱাৰৰ পুত্ৰ মনোজ ধানোৱাৰৰ আপ গমন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.