ETV Bharat / state

Pays Tribute to Animesh Bhuyan :ৰাজ্য়ৰ প্ৰান্তে প্ৰান্তে শ্ৰদ্ধাঞ্জলি জ্ঞাপন

author img

By

Published : Dec 2, 2021, 8:55 PM IST

people-from-various-places-of-assam-pays-tribute-to-aasu-leader-animesh-bhuyan
যোৰহাটৰ ছাত্ৰ নেতা অনিমেষ ভূঞাক ৰাজ্য়ৰ প্ৰান্তে প্ৰান্তে শ্ৰদ্ধাঞ্জলি জ্ঞাপন

গোলাঘাটৰ ব্ৰহ্মপুত্ৰ আঞ্চলিক ছাত্ৰ সন্থাৰ শিক্ষাৰ সম্পাদক তথা ছাত্ৰ নেতা অনিমেষ ভূঞাৰ আত্মাৰ সদগতি কামনাৰে ৰাজ্যৰ ঠায়ে ঠায়ে ৰাজহুৱা (Tribute to Animesh Bhuyan)শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন ৰাজ্য়ৰ বিভিন্ন প্ৰান্তৰ দল সংগঠনৰ ৷ ঘটনাৰ লগত জড়িত দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী আছুৰ লগতে বিভিন্ন দল সংগঠনৰ ৷

নিউজ ডেস্ক, 2 ডিচেম্বৰ : সোমবাৰে দুপৰীয়া যোৰহাট নগৰৰ মাজ মজিয়াত সংঘটিত এটা দুৰ্ঘটনাক কেন্দ্ৰ কৰি সূত্ৰপাত হৈছিল গণ প্ৰহাৰৰ লোমহৰ্ষক ঘটনাটো (Mob lynching in Jorhat) ৷ য’ত ক’লা ল’ৰাৰ নেতৃত্বত এদল উন্মাদপ্ৰায় লোকে নিৰ্মমভাৱে প্ৰহাৰ কৰিছিল তিনি যুৱকক ৷ এই ঘটনাত নিহত হয় গোলাঘাটৰ ব্ৰহ্মপুত্ৰ আঞ্চলিক ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক অনিমেষ ভূঞাৰ ৷ এজন অসহায় লোকক সহায়ৰ হাত আগবঢ়াবলৈ যাওতেই দুৰ্বৃত্তৰ এটা দলৰ গণপ্ৰহাৰত মৃত্যুমুখত পৰিবলগীয়া হৈছিল অনিমেষ ভূঞাই ৷

people-from-various-places-of-assam-pays-tribute-to-aasu-leader-animesh-bhuyan
যোৰহাটৰ ছাত্ৰ নেতা অনিমেষ ভূঞাক ৰাজ্য়ৰ প্ৰান্তে প্ৰান্তে শ্ৰদ্ধাঞ্জলি জ্ঞাপন

ছাত্ৰ নেতাগৰাকীৰ এই বৰ্বৰ হত্যাকাণ্ডৰ(Jorhat mob lynching) বিৰুদ্ধে সদৌ অসম ছাত্ৰ সন্থাৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দল সংগঠনে বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে ৷ অনিমেষ ভূঞাৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত হিচাপে বিবেচিত ক’লা ল’ৰাৰ মৃত্যু হৈছে যদিও (Death of Jorhat mob lynching main accused) ঘটনাৰ লগত জড়িত বাকীকেইজন দোষীক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰাৰ দাবীৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷

people-from-various-places-of-assam-pays-tribute-to-aasu-leader-animesh-bhuyan
যোৰহাটৰ ছাত্ৰ নেতা অনিমেষ ভূঞাক ৰাজ্য়ৰ প্ৰান্তে প্ৰান্তে শ্ৰদ্ধাঞ্জলি জ্ঞাপন

লগতে প্ৰতিবাদকাৰী সকলে অনিমেষ ভূঞাৰ হত্যাকাণ্ডৰ বিচাৰ ফাষ্টট্ৰেক আদালতত কৰক, অনিমেষ ভূঞাৰ হত্যাকাৰীক ফাঁচী দিয়ক, অসম চৰকাৰৰ হায় হায়, ছাত্ৰ কৰ্মীৰ ওপৰত অত্যাচাৰ বন্ধ কৰক, গৃহ বিভাগ হায় হায়, সদৌ অসম ছাত্র সন্থা জিন্দাবাদ আদি বিভিন্ন শ্লোগানৰে ৰাজ্যৰ আকাশ বতাহ কপাঁই তোলে ৷

people-from-various-places-of-assam-pays-tribute-to-aasu-leader-animesh-bhuyan
যোৰহাটৰ ছাত্ৰ নেতা অনিমেষ ভূঞাক ৰাজ্য়ৰ প্ৰান্তে প্ৰান্তে শ্ৰদ্ধাঞ্জলি জ্ঞাপন

অনিমেষ ভূঞাৰ আত্মাৰ সদগতি কামনাৰে ৰাজ্যৰ প্ৰতিটো প্ৰান্তত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰাৰ লগতে মৌন প্ৰতিবাদ সাব্য়স্ত কৰা পৰিলক্ষিত হয় ৷ ইফালে বুধবাৰৰ দিনটোত ক’লা ল’ৰাৰ মৃত্যুক লৈ যোৰহাট জিলাৰ লগতে ৰাজ্যৰ আন প্ৰান্ততো দেখা গৈছিল আনন্দ উল্লাস ৷

লগতে পঢ়ক : Tribute to Animesh Bhuyan : গোলাঘাটত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.