ETV Bharat / state

কোন প্ৰবীণ বড়ো ? ওলোটাই হাগ্ৰামাৰ প্ৰশ্ন

author img

By

Published : Jun 6, 2022, 8:21 PM IST

"প্ৰবীণ বড়োৰ পদত্যাগৰ কথা মই শুনা নাই । কোন প্ৰবীণ বড়ো মই চিনিয়েই নাপায় ।" স্বভাৱজাত ৰসিকতাৰে এই মন্তব্য বি পি এফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীৰ ৷

কোন প্ৰবীণ বড়ো ? ওলোটাই হাগ্ৰামাৰ প্ৰশ্ন
কোন প্ৰবীণ বড়ো ? ওলোটাই হাগ্ৰামাৰ প্ৰশ্ন

বাক্সা, ৬ জুনঃ কালিৰ দিনটোলৈকে বি পি এফৰ সাধাৰণ সম্পাদক হৈ থকা প্ৰবীণ বড়োক বোলে চিনিয়েই নাপাই হাগ্ৰামা মহিলাৰীয়ে ৷ সোমবাৰে বি পি এফ দল ত্যাগ কৰি মাত্ৰ পাচঁটা বাক্যৰে দলৰ সভাপতি হাগ্ৰামা মহিলাৰীলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰা প্ৰবীণ বড়ো প্ৰসংগত আজি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত স্বভাৱজাত ৰসিকতাৰে মহিলাৰীয়ে ক'লে - "কোন প্ৰবীণ বড়ো ? মইতো কোনো প্ৰবীণ বড়োক চিনি নাপাও ৷"

বাক্সাৰ শিমলাত বিটিচিৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে আজি কোকলাবাৰী পৰিষদীয় সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ আহি সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত আৰু কয় - "প্ৰবীণ বড়োৰ পদত্যাগৰ কথা মই শুনা নাই । কোন প্ৰবীণ বড়ো মই চিনিয়েই নাপায় । মেল্লা প্ৰবীণ বড়ো থাকে ।"

কোন প্ৰবীণ বড়ো ? ওলোটাই হাগ্ৰামাৰ প্ৰশ্ন

আনহাতে আসন্ন উপ-নিৰ্বাচন সন্দৰ্ভত তেওঁ কয় যে এই উপ-নিৰ্বাচনত বিপিএফ আৰু ইউ পি পি এলৰ মাজত প্ৰতিদ্বন্দ্বিতা হ'ব । হাগ্ৰামা মহিলাৰীৰ দাবী- "২৩ মে'ৰ পৰা গাঁৱে গাঁৱে ঘুৰি গম পাইছো যে ইয়াত বিপিএফে জয় লাভ কৰিব । ৰাইজে বিচাৰ কৰিহে এইবাৰ ভোট দিব । বিপিএফৰ চৰকাৰ আহিলে বাকী থকা সমস্যা সমূহ সমাধান কৰিম ।প্ৰমোদ বড়োৱে পাঁচ বছৰ কাল শাসন কৰিব নোৱাৰে ।"

লগতে পঢ়ক:কাৰ্বি আংলঙত বিজেপি মিত্ৰজোঁটৰ জয় স্পষ্টঃ সৰ্বানন্দ সোণোৱাল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.