ETV Bharat / state

Friend killed by friend: প্ৰিয় বন্ধুক হত্যা কৰি আৰক্ষীৰ জিন্মাত ঘাটকৰূপী বন্ধু

author img

By

Published : Nov 10, 2022, 9:03 PM IST

গোৰেশ্বৰত জঘন্য হত্যাকাণ্ড (Murder at Goreswar) ৷ এইবাৰ বন্ধুৱে হত্যা কৰিলে নিজৰ প্ৰিয় বন্ধুক (Friend killed by friend) ৷ বৰ্তমান আৰক্ষীৰ জিন্মাত আছে ঘাটকৰূপী বন্ধু ৷

Murder at Goreswar
বন্ধুৱে প্ৰাণ ল’লে প্ৰিয় বন্ধুৰ

তামুলপুৰ, 10 নৱেম্বৰ : ৰাজ্যত আন এক হত্যাকাণ্ডৰ ঘটনা (Again Murder in Assam) ৷ এইবাৰ বিশ্বাসী বন্ধুৰ হাততে প্ৰাণ গ’ল এজন বন্ধুৰ(Friend killed by friend) ৷ ঘটনাৰ স্থান গোৰেশ্বৰৰ ঔগুৰী (Murder at Goreswar)৷ এই মৰ্মান্তিক ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ৷

তথ্য অনুসৰি, মহম্মদ ৰাছেদ আলী আৰু ছহিদুল আলাম চৌধুৰী দুয়ো নলেগলে লগা বন্ধু আছিল ৷ অইন দিনাৰ দৰে 8 নৱেম্বৰৰ দিনাও দুয়ো একেলগে একেখন মটৰ চাইকেলতে ফুৰিবলৈ ওলাই গৈছিল ৷ কিন্তু উক্ত দিনা নিশা বহু পৰলৈকে ছহিদুল ঘৰলৈ উভতি নহাত চিন্তিত হৈছিল পৰিয়ালৰ লোক ৷

তাৰ পাচতে নিশাই ছহিদুল আলাম চৌধুৰীৰ সন্ধানত পৰিয়ালৰ লোকৰ লগতে গাঁৱৰ ৰাইজেও বিচাৰ খোঁচাৰ আৰম্ভ কৰে ৷ বহু সময়ৰ বিচাৰ খোঁচাৰৰ অন্তত ঔগুৰী গাঁৱৰ এটা পথৰ দাঁতিত থকা পুখুৰীৰ পাৰৰ পৰা উদ্ধাৰ কৰা হয় ছহিদুলৰ মৃতদেহ ৷ তাৰ পাচতে খবৰ দিয়া হয় গোৰেশ্বৰ আৰক্ষীক ৷

বন্ধুক হত্যা কৰি আৰক্ষীৰ জিন্মাত ঘাটকৰূপী বন্ধু

খবৰ লাভ কৰিয়েই ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰে তদন্ত ৷ আৰক্ষীৰ তদন্তত প্ৰথম অৱস্থাত সন্দেহবসত আটক কৰা হয় ছহিদুল আলাম চৌধুৰীৰ প্ৰিয় বন্ধু মহম্মদ ৰাছেদ আলীক ৷ কিয়নো উক্ত ঘটনাৰ দিনা একেলগে আছিল দুই বন্ধু ৷ প্ৰথম অৱস্থাত ইয়াক এক দুৰ্ঘটনা বুলি সন্দেহ কৰা হৈছিল যদিও বন্ধু ৰাছেদ আলীৰ দেহত নাছিল অলপো আঘাটৰ চিন ৷

লগতে পঢ়ক : Dhula teenager murder case: কেনেকৈ মেনেজ হৈছিল আৰক্ষী; কাৰ শ্ৰুতলিপি মতে হৈছিল মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন ?

পৰৱৰ্তী সময়ত গোৰেশ্বৰ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত আৰম্ভ কৰে তদন্ত ৷ গোৰেশ্বৰ আৰক্ষীৰ ক্ষীপ্ৰ তদন্তত আজি অৰ্থাৎ বৃহস্পতিবাৰে উদ্ধাৰ কৰা হয় এখন দা, যিখন দা ছহিদুল আলাম চৌধুৰীক হত্যা কৰিবলৈ তেওঁৰ প্ৰিয় বন্ধু মহম্মদ ৰাছেদ আলীয়ে ব্যৱহাৰ কৰিছিল (Friend is in police custody after killing his beloved friend) ৷

আৰক্ষীৰ পৰা পোৱা তথ্য অনুসৰি, ইতিমধ্যে এই কথা আৰক্ষীৰ আগত নিজ মুখে স্বীকাৰ কৰিছে ঘাটক ৰূপী বন্ধু ৰাছেদ আলীয়ে ৷ ঘাটক ৰূপী ৰাছেদ আলীয়ে স্বীকাৰ কৰা অনুসৰি, প্ৰথম অৱস্থাত এই হত্যাকাণ্ডক মটৰ চাইকেলৰ এক দুৰ্ঘটনাৰ ৰূপ দিব বিচাৰিছিল ৷ কিন্তু গোৰেশ্বৰ আৰক্ষীৰ অনুসন্ধানত ফাদিল হয় প্ৰকৃত ৰহস্য ।

জানিব পৰা মতে, বৰ্তমান আৰক্ষীৰ জিম্মাত আছে ঘাটক ৰাছেদ আলী ৷ অধিক তথ্যৰ বাবে আৰক্ষীয়ে ৰাছেদ আলীক গ্ৰেপ্তাৰ কৰি জিম্মাত লৈ জেৰা অব্যাহত ৰাখিছে ৷ আনহাতে, হত্যাকাৰীক কঠোৰ শাস্তি বিহাৰ দাবি উত্থাপন কৰিছে গোৰেশ্বৰ আঞ্চলিক সংখ্যা লঘু ছাত্ৰ সন্থাই ৷

লগতে পঢ়ক : Kaling Murder case: প্ৰেমেই কাল হ’ল নেকি কালিঙৰ ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.