ETV Bharat / state

বৰলীয়া নৈৰ ভয়ংকৰ ৰূপ : চিন্তিত নৈপৰীয়া ৰাইজ

author img

By

Published : Jul 4, 2020, 5:25 AM IST

Updated : Jul 4, 2020, 8:46 AM IST

তামুলপুৰৰ বৰলীয়াপাৰ,বৰবালিশিহাত বৰলীয়া নদীয়ে লৈছে ভয়ংকৰ ৰূপ । গৰাখহনীয়াত আতংকিত স্থানীয় বাসিন্দা ৷

বৰনদীৰ ভয়ংকৰ ৰূপ : চিন্তিত নৈপৰীয়া ৰাইজ
বৰনদীৰ ভয়ংকৰ ৰূপ : চিন্তিত নৈপৰীয়া ৰাইজ

বাক্সা, 4 জুলাইঃ ৰাজ্যত তৃতীয়টো বানৰ পিছত এইবাৰ বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত বিভিন্ন প্ৰান্তত গৰাহখহনীয়াই লৈছে ভয়ংকৰ ৰূপ ৷ বৰলীয়াপাৰ আৰু বৰবালিশিহাৰ বৰলীয়া নদীয়ে বাল্টি পাৰ চুপাত কঢ়িয়াই আনিছে ভাবুকি । বৰবালিশিহা বাল্টিপাৰা চুপাটোত প্ৰায় 26 টা পৰিয়ালে বসবাস কৰিছে আছে ৷ এই আটাইকেইটা প্ৰতিটো পৰিয়ালৰ জীৱিকাৰ আহিলা হৈছে দিন হাজিৰা । চুপাটোত বিগত তিনিটা বছৰে গৰাখহনীয়াই লৈছে ভয়ংকৰ ৰূপ । তথাপিও স্থানীয় জনপ্ৰতিনিধি সকলে উক্ত অঞ্চলত এবাৰো পৰিদৰ্শন কৰিবলৈ অহা নাই বুলি স্থানীয় লোকসকলে অভিযোগ উত্থাপিত কৰিছে ।

বৰলীয়া নৈৰ ভয়ংকৰ ৰূপ : চিন্তিত নৈপৰীয়া ৰাইজ

উল্লেখ্য যে, গাঁওখনৰ শৰত বেজবৰুৱাৰ পৰিয়াটোৱে গৰাহখহনীয়াৰ ফলত তিনিবাৰকৈ ঘৰৰ ভেটি মাটি হেৰুৱাই পেলাইছে ৷ আনহাতে একে গাঁৱৰে গিৰীজ বেজবৰুৱাই দুবাৰকৈ ঘৰৰ ভেটি মাটি হেৰুৱাবলগীয়া হৈছে বুলি জানিবলৈ দিছে । গাঁওখনৰ মাজেৰে কণ-কণ ছাত্র-ছাত্ৰী সকল স্কুললৈ যোৱা পথটোও গৰাখহনীয়াই খহাই নিয়াৰ বাবে উপযুক্ত পথ নথকাৰ ফলত যিকোনো মুহূৰ্ততে এক দুৰ্ঘটনাৰ আশংকাত ভুগিছে এতিয়া ইয়াৰে স্থানীয় ৰাইজ ৷

সেয়ে সংবাদ মাধ্যমৰ জৰিয়তে স্থানীয় ৰাইজৰ ৰাজ্য চৰকাৰখনক উক্ত অঞ্চলৰ গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰি দিবলৈ আহ্বান জনায় ৷

লগতে চাওক-নগাঁৱত প্লাষ্টিক বেগ বৰ্জন দিৱসক অমান্য

Last Updated :Jul 4, 2020, 8:46 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.