ETV Bharat / state

ফেনে ফুটুকাৰে বাঢ়িছে মটঙাৰ জলপৃষ্ঠ, শংকিত নৈপৰীয়া ৰাইজ

author img

By

Published : May 23, 2020, 4:42 PM IST

ক্ৰমাৎ ভয়ংকৰ ৰূপ লৈছে বাক্সাৰ মটঙা নৈখনে ৷ হুৰাহুৰে বৃদ্ধি পাইছে নৈখনৰ জলস্তৰ ৷ ইতিমধ্যে নৈখনৰ গৰাখহনীয়াত গৃহহাৰা হ'ব লগা হৈছিল বহু পৰিয়াল।

ETV BHARAT
ফেনে ফোটোকাৰে বাঢ়িছে মটঙানৈৰ জলপৃষ্ঠ, শংকিত নৈপৰীয়া ৰাইজ

বাক্সা, 23 মেঃ ক্ৰমাৎ বৃদ্ধি পাইছে বাক্সাৰ মটঙা নৈৰ জলপৃষ্ঠ । ইতিমধ্যে নৈখনৰ গৰাখহনীয়াত জাহ গৈছে বহু লোকৰ ঘৰৰ ভেটি-মাটিকে ধৰি বহু সা-সম্পত্তি ৷

ফেনে ফোটোকাৰে বাঢ়িছে মটঙানৈৰ জলপৃষ্ঠ, শংকিত নৈপৰীয়া ৰাইজ

দেশত এতিয়া চাৰিওফালে বিভীষিকাময় পৰিৱেশ । এফালে কৰ'ণা ভাইৰাছৰ আতংক আৰু আনফালে আম্ফানৰ তাণ্ডৱ । তেনে সময়তেই ভাৰত-ভূটান সীমান্তৱৰ্তী অঞ্চলত একেৰাহে হৈ থকা প্ৰচণ্ড বৰষুণৰ ফলত ক্ৰমাৎ উফন্দি উঠিছে মটঙা নৈৰ জল পৃষ্ঠ । ভূটানৰ কুৰিশ্বুৰ পৰা এৰি দিয়া অতিৰিক্ত পানীয়ে বৰলীয়া, পুঠিমাৰী, মটঙা, কালা নৈৰ পানী বৃদ্ধি কৰাত চিন্তিত হৈ পৰিছে নৈ পৰীয়া ৰাইজ। বিগত বছৰতো ভংয়কৰ গৰাখহনীয়া আৰু নৈৰ বাঢ়নী সোঁতে পশু ধনৰ লগতে মৃত্যু মুখত পৰিছিল বহু কেইজন লোক । তাৰোপৰি, গৰাখহনীয়াত গৃহহাৰা হ'ব লগা হৈছিল বহু পৰিয়াল । বাৰিষা অহাৰ লগে লগে পুনৰ নৈৰ জলপৃষ্ঠ বৃদ্ধি পোৱাত এতিয়া শংকিত হৈ পৰিছে নৈ পৰীয়া লোক সকল ।

লগতে পঢ়ক- মহানগৰীত আৰম্ভ ভ্ৰাম্যমাণ ডাক সেৱা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.